কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠা দিৱস পালন

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠা দিৱস পালন

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বৃহত্তৰ টেঙানীৰ পৰা আৰম্ভ হোৱা ঐতিহাসিক ভূমি অধিকাৰ আন্দোলনৰ পিছত ২০০৫ চনৰ ২০ জুলাইত তেজপুৰৰ ত্যাগবীৰ হেম বৰুৱা ভৱনত গঠন হয় আপোচবিহীন, প্ৰগতিশীল, ঐক্যবদ্ধ গণ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। ২০ জুলাইত গঠন হোৱা সংগঠনটোৰ  প্ৰতিষ্ঠা দিৱস টেঙানিৰ  মধুৰীবিল জাতীয় বিদ্যালয়ৰ প্ৰাংগনত আজি সীমিত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। অসমৰ জলন্ত সমস্যাৰ ওপৰত আপোচবিহীন ভাবে চলাই অনা আন্দোলন তথা সৰৱ ভূমিকাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত আজিও একক আৰু অনন্য। ভূমি অধিকাৰ আন্দোলন, ৰাজহুৱা বিতৰণ ব্যৱস্থা সংস্কাৰৰ বাবে আন্দোলন আৰু সফলতা, বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আন্দোলন, তৈল সম্পদ ৰক্ষাৰ আন্দোলন, এ পি এচ চি কেলেংকাৰিৰ বিৰুদ্ধে আন্দোলন, টোল গেটৰ বিৰুদ্ধে আন্দোলন, গুৱাহাটীত ভূ মাফিয়াৰ পৰা মাটি কাঢ়ি আনি সাধাৰণ কৃষকক মাটি প্ৰদান কৰা, কা’ ৰ বিৰুদ্ধে গণ আন্দোলন ইত্যাদি আন্দোলনৰ জৰিয়তে অসমৰ সামাজিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আজি মধুৰীবিল জাতীয় বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সপ্তদশ প্ৰতিষ্ঠা দিৱসত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুত শইকীয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ সভানেত্ৰী বিমলা গগৈ, জিলা সভাপতি শৰৎ শইকীয়া, বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতিৰ সম্পাদক নিপেন দাস, দৈয়াং মুক্তিৰ উপদেষ্টা ধিৰেশ্বৰ দৈমাৰী , অজিত লাকৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি কাশ্যপ নন্দন কলিতা আদি উপস্থিত থাকে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি শৰৎ শইকীয়াই  পতাকা উত্তোলনৰ পিছতেই এখনি সভা অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি শৰৎ শইকীয়াই। সভাখনত টেঙানীৰ প্ৰায় দুই শতাধিক ৰাইজ উপস্থিত থাকে। সভাত  চৰকাৰৰ জনগণ বিৰোধী নীতি সমূহৰ ওপৰত চোকা দৃষ্টি ৰাখি আন্দোলনৰ কাৰ্যসূচী আপোচহীন ভাৱে চলাই নিবলৈ সংকল্পবদ্ধ হয়।