ৰনিল বিক্ৰমসিংঘে ৰাষ্ট্ৰপতি হোৱাৰ লগে লগে শ্ৰীলংকাত প্ৰতিবাদৰ সূত্ৰপাত 

Pc The Quint

ৰনিল বিক্ৰমসিংঘে ৰাষ্ট্ৰপতি হোৱাৰ লগে লগে শ্ৰীলংকাত প্ৰতিবাদৰ সূত্ৰপাত 

ৰঙিলী  বাৰ্ত্তাসেৱা–  দেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে ৰনিল বিক্ৰমেসিংঘে নিৰ্বাচনৰ পিছত কলম্বোৰ ৰাষ্ট্ৰপতি সচিবালয়ৰ বাহিৰত এদল লোকে প্ৰতিবাদ কৰিছিল। “আমি হতবাক হৈছো। তেওঁ আমাক বেলেগ ধৰণে নিয়ন্ত্ৰণ কৰা আৰম্ভ কৰিব। প্ৰতিবাদকাৰী হিচাপে, আমি পুনৰ আমাৰ সংগ্ৰাম আৰম্ভ কৰিম,” এজন প্ৰতিবাদকাৰীয়ে কয়। লক্ষণীয়ভাৱে, বিক্ৰমেসিংঘে ২২৫ জনীয়া সংসদত ১৩৪ টা ভোট লাভ কৰিছিল।