বিশ্ব চেম্পিয়ন পি.ভি. সিন্ধু টকিঅ’ অলিম্পিকত মহিলাৰ একক কোৱাৰ্টাৰ ফাইনেলত উপনীত হয়

pc Times of India

অনলাইন বাৰ্ত্তাসেৱা – বেডমিণ্টনৰ বিশ্ব চেম্পিয়ন পি ভি সিন্ধুৱে টকিঅ’ অলিম্পিকত মহিলাৰ একক প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। তেওঁ ১৬ ৰাউণ্ডত বিশ্বৰ ভিতৰত ১২ নং স্থান দখল কৰি থকা ডেনমাৰ্কৰ মিয়া ব্লিচফেল্ডক ২১-১৫, ২১-১৩ৰ স্ক’ৰলাইনত পৰাস্ত কৰে। খেলখন ৪১ মিনিট ধৰি চলিছিল। সিন্ধুৱে পৰৱৰ্তী সময়ত আকানে য়ামাগুচি আৰু গেউন কিমৰ মাজৰ খেলখনৰ বিজয়ীৰ সৈতে মুখামুখি হ’ব।

(UD.)