বিশিষ্ট প্ৰকাশক তথা লেখক গিৰিপদ দেৱচৌধুৰীৰ মৃত্যু

বিশিষ্ট প্ৰকাশক তথা লেখক গিৰিপদ দেৱচৌধুৰীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট প্ৰকাশক তথা লেখক গিৰিপদ দেৱচৌধুৰীৰ মৃত্যু৷গ্ৰন্থ প্ৰকাশক গোষ্ঠীয়ে হেৰুৱালে এজন অভিভাৱক৷ কৰ’নাত আক্ৰান্ত হৈ ৯০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিলে গিৰিপদ দেৱচৌধুৰীয়ে৷ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি গিৰিপদ দেৱচৌধুৰীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।গিৰিপদ দেৱচৌধুৰী বাণী প্ৰকাশ গোষ্ঠীৰ প্ৰতিষ্ঠাপক আছিল৷গ্ৰন্থ বিক্ৰেতাৰ “মামা’ বিশিষ্ট গ্ৰন্থ প্ৰকাশক,লিখক,অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ ,গ্ৰন্থ বিক্ৰেতাৰ পিতামহ,প্ৰকাশিকা গ্ৰন্থ বিপণিৰ স্বত্বাধিকাৰী গিৰিপদ দেৱ চৌধুৰীৰ ১৯৩২ চনৰ ১৬ আগষ্টত এতিয়াৰ বজালী জিলাৰ পাটাছাৰকুছিত জন্ম গ্ৰহণ কৰিছিল ৷তেওঁ ২০০১ চনৰ ২০১১ চনলৈ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷তেওঁ খুৱ স্বাধীন চেতিয়া আৰু স্পষ্টবাদী ব্যক্তি আছিলে লগতে যিকোনো বিষয়ৰ ওপৰত বক্তৃতা দি ৰাইজক আশ্বস্ত কৰিব পাৰিছিল৷তেওঁৰ জ্যেষ্ঠ ভাতৃ ৺অম্বিকা পদ চৌধুৰীৰ লগত গ্ৰন্থ ব্যৱসায়ীৰ সৈতে জড়িত হৈ ১৯৭৫ চনত বাণী প্ৰকাশৰ ৰূপালী জয়ন্তী সময়ত গুৱাহাটী পাণবজাৰত প্ৰকাশিকাৰ গ্ৰন্থ বিপণী আৰম্ভ কৰে৷তেওঁ নিয়মীয়া বাৰ্তা,অসমীয়া প্ৰতিদিন,অগ্ৰদূত ,দৈনিক জনমভূমি ,দৈনিক অসম আদিত নিয়মীয়াকৈ বিভিন্ন প্ৰাসংগিক বিষয়ত প্ৰবন্ধ লিখিছিল৷