“বিবাহ এক বান্ধোন”- হিমাদ্রী বৰকটকী

p.c. hindustan times

“বিবাহ এক বান্ধোন”

বিবাহ এক পবিত্ৰ বান্ধোন । বিবাহ হ’ল দুটি মন এক হোৱা হৃদয় আৰু মনৰ বান্ধোন। এজনী – ছোৱালী শিক্ষা – দীক্ষা লৈ উপযুক্ত হোৱাৰ পিছত মাক – দেউতাকে উপযুক্ত পাত্ৰলৈ চাই বিয়া দিয়ে। যাতে দুয়ো মিলি সুখে – সন্তোষে থাকে । বহুত আশাৰে তেওঁলোকে নিজৰ মৰমৰ ছোৱালীজনী ল’ৰাটোৰ হাতত গতাই দিয়ে । আগৰ দিনত বিবাহ মানে এক পবিত্ৰ বান্ধোন । মাক দেউতাকে চাই যাৰ লগতে বিয়া দিয়ে তেওঁৰ লগতেই জীৱনটো কটাই । দুখ – সুখে জীৱনটো সেইজন পুৰুষৰ লগতে কটাই ছোৱালীজনীয়ে । আৰু সেইজন পুৰুষকেই ভাৱে লয় পতি পৰমেশ্বৰ বুলি । কিন্তু আজিকালি সেই দিন নাই । যুগৰ ও পৰিবৰ্তন হল । আজিকালি ল’ৰা – ছোৱালীয়ে শিক্ষা দীক্ষা লৈ নিজকে উপযুক্ত কৰি তোলে । আৰু নিজৰ ভৰিৰ ওপৰত থিয় দি নিজক প্ৰতিষ্ঠা কৰে। সিহঁতে নিজেই কি ভাল বেয়া বিচাৰ বিবেচনা কৰিব পাৰে। সেইকাৰণে আজিকালি ছোৱালী এজনীয়ে পঢ়া শুনা কৰি নিজৰ ভৰিৰ ওপৰত থিয় নোহোৱালৈকে বিয়াত নবহে । আজিকালি ল’ৰা – ছোৱালী চব সমান। ল’ৰা ও কৰ্ম ক্ষেত্ৰলৈ ওলাই যায় আৰু ছোৱালী ও যাই। দুয়োএ উপাৰ্জন কৰে।আগতে আজিকালিৰ নিচিনা নাছিল । আগতে পুৰুষ প্ৰধান আছিল । পুৰুষজনে বাহিৰলৈ গৈ উপাৰ্জন কৰি আনিছিল আৰু মহিলা সকলে ঘৰতে থাকি ঘৰৰ কাম বন কৰি ঘৰ আৰু সন্তানক চাইছিল। আজিকালিৰ নিচিনা নাছিল। খুব কম সংখ্যক মহিলাইহে নিজে উপাৰ্জন কৰিছিল। মন‌ কৰিবলগীয়া কথা হ’ল যে ,বৰ্তমান সময়ত বিবাহ বিচ্ছেদৰ সংখ্যা বাঢ়ি আহিব ধৰিছে । বিভিন্ন কাৰনত বিবাহ বিচ্ছেদ হবলৈ ধৰিছে । যাৰ ফলস্বৰূপে এখন ঘৰ ধ্বংস হৈ যাবলৈ ধৰে আৰু সন্তানৰ ওপৰত তাৰ বিৰূপ প্ৰভাৱ পৰে।যাৰ ফলত মাক দেউতাকৰ মৰমৰ পৰা তেওঁলোক বঞ্চিত হব লগা হয় । পতি পত্নীয়ে ভাবি নাচাই যে তেওঁলোকে কি কৰিবলৈ ধৰিছে । তেওঁলোকৰ এটা সিদ্ধান্তই এখন ঘৰ ঠনবান কৰি দিব পাৰে । কিহৰ কাৰণে এইবোৰ সমাজত হৈ আছে আমিও অজ্ঞাত। তথাপি সংসাৰ এখন খন ধৰি ৰাখিব পাৰিলে ভাল । পতি পত্নী দুয়োজনৰে বুজা পৰাৰে সংসাৰখন আগুৱাই নিলে দুখন ঘৰ থনবান হোৱাৰ পৰা ৰক্ষা পৰিব পাৰে।বিবাহ বিচ্ছেদেই সমস্যাৰ সমাধান নহয় এখন সংসাৰৰ । সেইকাৰণে বিবাহ বান্ধোনত সোমোৱাৰ আগতে ল’ৰা ছোৱালীয়ে ইজনে সিজনক ভালদৰে বুজি উঠি বিবাহ বান্ধোনত সোমাব লাগে। এখন সংসাৰ বৰ্তি থাকিবলৈ হ’লে ইজনে সিজনক জনাতো খুবেই প্ৰয়োজন। মানুহ‌ মাত্ৰেই ভুল হয়েই , গতিকে পতি পত্নীয়ে তেওঁলোকৰ সমস্যা সমূহ আলোচনা বা বুজাবুজিৰ মাধ্যমেৰে সমাধান কৰিব পাৰিলে এখন সুখৰ সংসাৰ গঢ় দি উঠিব পাৰে।

 


হিমাদ্রী বৰকটকী
শিৱনগৰ ২ নং উপপথ
নগাঁও,অসম