বিপ্লৱী চেতনাৰ দীপশিখা
ৰশ্মি ৰেখা দুৱৰা
বৰপথাৰ কোঁৱৰ গাঁও,ডিব্ৰুগড়
অসমৰ বুকুত জিলিকি থকা
তুমি সাহসী সন্তান
শিল্পী,সাহিত্যিক প্ৰতিভাৰে জগত জিনিলা।
সংগ্ৰামী সত্তাৰে জনতাৰ হকে মাত দি
অন্যায়ৰ বিপক্ষে অসীম সাহসেৰে যুঁজিলা
বিপ্লৱৰ সূচনা কৰি চৌদিশ পোহৰাই
গঢ়িলা নতুন প্ৰভাত।
মানৱৰ প্ৰতি থকা সম্পৰ্ক
তোমাৰ শিল্পত জিলিকি উঠিছিল,
গীতৰ সুৰেৰে বোৱালা নৱ জাগৰণ
ব্ৰজ কণ্ঠৰে মুক্তিৰ জয়গান।
সাহিত্য-সংস্কৃতিৰ পথাৰত
বিলাইছিলা জ্ঞানৰ শিখা
মানৱ চেতনাত আজিও জিলিকা তৰা।
শোষিতৰ চকুত বিষাদৰ ছাঁ!
সত্যক আঁকোৱালি লৈ
প্ৰতিবাদ প্ৰতিজ্ঞাবদ্ধ হৈছিল
সংগ্ৰামৰ পথত আছিল অগাধ বিশ্বাস।
কাৰাগাৰেও ৰখাব নোৱাৰা
অনন্য শক্তিৰ গৰাকী
আদৰ্শৰে আগুৱাই গৈছিল।
তোমাৰ ব্ৰজ কণ্ঠতে
জনতাই পালে নতুন প্ৰাণ
বুকুত জ্বলি থকা জুইকুৰাই
আজিও সমাজ চেতনাক চুই গৈছে
অন্যায় ৰুধি দেখুৱালা ন্যায়ৰ পথ
যুগে যুগে তোমাৰ কণ্ঠ সাহস হৈ থাকিব।
জনতাৰ প্ৰাণৰ সুৰ
বিপ্লৱী সত্তা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা
ইতিহাসৰ পাতত খোদিত হোৱা
ধৰাৰ বুকুত জিলিকি থকা
তুমিয়ে জনতাৰ দুখ মোচন কৰা
চিৰ সেউজ যুগদ্ৰষ্টা গৌৰৱ ৰবি।
