বিদায় সম্বৰ্দ্ধনা সভা

বিদায় সম্বৰ্দ্ধনা সভা

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা– যোৱা ইং ১৯/১১/২০২২ তাং শনিবাৰে পূৱ শিক্ষাখণ্ডৰ অন্তৰ্গত চেলেঙী প্ৰাথমিক আৰু চেলেঙী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক, অভিভাৱক,ছাত্ৰ- ছাত্ৰী আৰু স্থানীয় ৰাইজৰ সহযোগত অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীসুৰেণ বৰা দেৱৰ বিদায় সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে মাননীয় গাঁও প্ৰধান শ্ৰীযুত নবীন গগৈদেৱে। সভাত উপস্থিত থাকে বিশিষ্ট ব্যক্তি অৱসৰ শিক্ষক শ্ৰীযুত  মিনাৰাম গগৈ, পুলিবৰ শিক্ষা কেন্দ্ৰৰ কেন্দ্ৰ সমন্বয়ক ইমৰান হুছেইন , শিক্ষকদ্বয় শ্ৰী হিৰেণ  ৰাজকুমাৰ আৰু শ্ৰী হেমন্ত গোহাঁই, গাঁও ৱাৰ্ড সদস্য শ্ৰী সঞ্জীৱ গগৈ, আঞ্চলিক সদস্য শ্ৰী পুতুল গগৈদেৱ। বিদাত সভাত অৱসৰ প্ৰাপ্ত  কৃতি শিক্ষক শ্ৰীসুৰেণ বৰাক চেলেহী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুক্তা কুসুম গগৈ বাইদেউ আৰু পৰিচালনা সমিতিৰ সভানেত্ৰী আৰু চেলেঙী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী,অভিভাৱক,স্থানীয় ৰাইজে শৰাই,চেলেং, গামোছা আদি দি সম্বৰ্দ্ধনা জনাই আৰু শিক্ষক সুৰেন বৰাৰ বিষয়ে সভাত বক্তব্য আগবঢ়াই আৰু ভগৱানৰ ওচৰত তেওঁৰ দীৰ্ঘায়ু কামনা কৰা হ’ল।