বিজেপি চৰকাৰৰ দিনত প্ৰশাসনিক ক্ষেত্ৰত দেশৰ ১৮ খন ৰাজ্যৰ ভিতৰত ১৪ খনলৈ অৱনমিত অসম

Pc- Indiaspend

বিজেপি চৰকাৰৰ দিনত প্ৰশাসনিক ক্ষেত্ৰত দেশৰ ১৮ খন ৰাজ্যৰ ভিতৰত ১৪ খনলৈ অৱনমিত অসম

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই জনতাৰ মন আকৰ্ষণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত প্ৰশাসনিক ক্ষেত্ৰত দেশৰ ১৮ খন ৰাজ্যৰ  ভিতৰত ১৪ লৈ অৱনমিত অসম, আত্মহননৰ ঘটনাই গঢ়িছে অভিলেখ। জনতাৰ দুখ-যন্ত্ৰণাক আওকাণ কৰি  ক্ষমতা আহৰণত ব্যস্ত বিজেপি  চৰকাৰ। Public Affairs Index 2021 (PAI) ৰ তথ্য অনুসৰি চৰকাৰ চলোৱাৰ ক্ষেত্ৰত দেশৰ ১৮ খন ৰাজ্যৰ ভিতৰতে অসমৰ স্থান ১৪ নম্বৰ স্থানলৈ অৱনমিত হৈছে, যিটো অসমবাসীৰ বাবে চৰম লজ্জাজনক বিষয়। আশ্চৰ্য জনক ভাৱে ৰাজ্যখনৰ জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ পাছতো বিজেপি নেতৃত্বাধীন চৰকাৰ খনে কেৱল ক্ষমতা আহৰণত ব্যস্ত হৈ থকাটো অত্যন্ত দুৰ্ভাগ্যজনক। বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত দেশত চলি থকা আৰ্থিক মন্দাৱস্থাৰ লগতে সকলো বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱন দুৰ্বিসহ কৰি তুলিছে। এনে সময়ত চৰকাৰে জনতাক সকাহ দিবলৈ কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰা বাবে দেশত আত্মহত্যাৰ সংখ্যা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। এন চি আৰ বিৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি কৃষকৰ আত্মহত্যাৰ সংখ্যা ১৮ শতাংশলৈ বৃদ্ধি পোৱাৰ উপৰিও দিন হাজিৰা কৰা শ্ৰমিকৰ আত্মহত্যাৰ ঘটনা বছৰত ৩৭৬৬৬ জনলৈ বৃদ্ধি পাইছে আৰু ছাত্ৰ ছাত্ৰীৰ আত্মহত্যাৰ সংখ্যা ২১.২০ শতাংশলৈ বৃদ্ধি পাইছে ‌‌‌‌‌‌‌। অসমতো ক’ভিডৰ পৰিস্থিতিত ৩২৪৩ জন লোকে আত্মহননৰ পথ বাছি ল’বলগীয়া হৈছে। ২০১৯ বর্ষতকৈ ২০২০ বৰ্ষত ৩৬% অধিক লোকে আত্মহননৰ পথ বাছি লৈছে। নেচনেল ক্ৰাইম ৰেকর্ডচ ব্যুৰ’ৰ প্ৰতিবেদন অনুসৰি আত্মহত্যা কৰা লোকৰ সংখ্যাৰ ক্ষেত্ৰত অসমৰ স্থান পঞ্চমত। তাৰ পাছতো জনসাধাৰণৰ প্ৰতি বিজেপি চৰকাৰ খনৰ উদাসীনতা অতি উদ্বেগজনক। বিজেপি দল শাসনত অহাৰ পিছৰে পৰা দেশৰ লগতে ৰাজ্যত নিবনুৱা সমস্যা ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে। নিৰ্বাচনৰ আগত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ২৫ লাখ নিবনুৱাক চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। অসমৰ শিক্ষিত যুৱক-যুৱতী সকলক গভীৰ অন্ধকাৰৰ ফালে ঠেলি দিছে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে। অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ খনক আমি অসম প্ৰদেশ কংগ্রেছ কমিটিৰ তৰফৰ পৰা দাবী জনাইছো।আনহাতে উন্নয়ন আৰু আত্মনিৰ্ভৰ ভাৰতৰ কথা কোৱা চৰকাৰ খনে কোনো দিশতে সৰ্বসাধাৰণ ৰাইজৰ উন্নয়ন আৰু কল্যাণৰ চিন্তা কৰা দেখা পোৱা নাই। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা  উন্নয়নৰ কথা কোৱাৰ উপৰিও ৰাজ্য খনলৈ উন্নয়নৰ গংগা বোৱাই আনিম বুলি কৈ থাকে, কিন্তু তেওঁ দীৰ্ঘ সময়ৰ বাবে দায়িত্বত থকা স্বাস্থ্য খণ্ডৰ আজি পয়ালগা অবস্থা জনমানসত স্পষ্টকৈ ওলাই পৰিছে। যি সময়ত এখনৰ পাছত এখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপনৰ কথা চৰকাৰে ঘোষণা কৰিছে, আৰু একে সময়তে ৰাজ্যত অভাৱ ১৩৮২ জন ডাক্তৰৰ । প্ৰসূতিৰ মৃত্যুৰ হাৰ বৃদ্ধি হোৱাৰ লগতে নৱজাতকৰ মৃত্যুৰ হাৰত দেশৰ ভিতৰতে অসমৰ স্থান তৃতীয়। প্ৰতি হাজাৰ নৱজাতকৰ ভিতৰত ৪০ জনৰ হয় মৃত্যু। ৰাজ্যখনৰ ১৬ খন জিলাৰ হাস্পতালত নাই আই চি ইউ। গতিকে চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ সলনি প্ৰতিশ্ৰুতি পালন কৰাত মনোনিৱেশ কৰক। আমি চৰকাৰৰ ওচৰত দাবী জনাই কও যে মিছা প্ৰতিশ্ৰুতিৰে জনতাক আভুৱা ভৰাই নাথাকি সচা অৰ্থত দেশৰ উন্নতি সাধন কৰক। তাৰ পাছত তেওঁলোকৰ ৰাইজৰ ধন শৰাধ কৰি সভা সমিতি পাতি নক’লেও মানুহে উন্নয়নৰ গংগা দেখা পাব।