বানে গৰকা অসম – হিমাদ্ৰী বৰকটকী

PC-The Janambhumi

” বানে গৰকা অসম “

বাৰিষাৰ উফন্দা নৈ
ফেনে ফুটুকাৰে
বাঢ়ি আহিছে যেন
কাল ৰূপ ধৰি ঐ
পথাৰ নহয় যেন
এক বিশাল সাগৰ
শস্য শ্যামলা সোনোৱালী পথাৰ
সকলো আছিল মোৰ
নিমিষতে শেষ হৈ গ’ল
সপোনৰ ঘৰখন…
দুচকুত আজি দুধাৰি নৈ
এতিয়া মানুহ নদী জীৱন গতি
আৰু সহজ সহবাস
এমুঠি অন্নৰ হাহাকাৰ
আৰু এটুপি পিয়াহৰ পানী
পথৰ দাঁতিত , মুক্ত আকাশৰ তলত
পাৰ কৰোঁ উৰেটো ৰাতি
দুচকুত দেখো আশাৰ চন্দ্ৰমল্লিকা
কিদৰে সজাম বাৰু উৰুখা পঁজা
বানৰ কবলৰ পৰা…
হে ঈশ্বৰ চকু মেলি চোৱা
আমাৰ দুৰৱস্থাৰ ছবিখন
এইখনেই হ’ল বানে গৰকা
অসমৰ চিৰ পৰিচিত ছবি…

হিমাদ্ৰী বৰকটকী
নগাঁও