বাটে পথে শিতান — দীপিকা বৰুৱা,যোৰহাট

বাটে পথে শিতান

এক
শুনিবলৈ পাইছোঁ আমাৰ অসম দেশখন সেই সুধাকণ্ঠৰ গীতত কোৱাৰ দৰে ভবাসকলে(উদাৰতাক-দুৰ্বলতা)একেবাৰে নিশ্চিহ্ন কৰিব।কথাটো শুনি অসমপ্ৰেমীসকলে দুখতে ভাগি পৰিছে।আগতে বিদেশী বহিষ্কাৰৰ দিনত “তেজ দিলেও তেল নিদিওঁ বুলি তেজেৰে লিখাসকল,’আহ ঐ আহ’আস্ফালনবোৰৰ ডেকাসকল বৰ্তমান বয়সৰ হেঁচাত হতি গৈছে।সেয়ে অসম মাতৃৰ সুসন্তান,নৱপ্ৰজন্ম এতিয়া জোৰ পুৰি হাত পালেহি অনুভৱ কৰি সজাগ হ’বৰ হ’ল।তেওঁলোক দেশপ্ৰেমী হৈ,পৰীক্ষাত ভাল স্থান পাই,ৰাইজৰ সম্বৰ্ধনা লৈ,দেশৰ মান ৰাখি অসমৰ মোহ নেৰি সেই ‘তেজ দিলেও অসমৰ চাকৰি নেৰো,অসম নেৰো,অসম নেৰো বুলি অসমতে থাকি বিদেশীলৈ নগৈ অসম মাতৃৰ মান বঢ়ালে আমাৰ দেশ নিশ্চয় শক্তিশালী হ’ব।অতীজতে এইখন অসমতে সেই বৰেণ্য ব্যক্তিসকলে অসমৰ বায়ু-পানী সেৱন কৰি অসম নেৰি অসমৰ ইতিহাসত নাম জিলিকাই যোৱা নাই?নহ’লেচোন নৱপ্ৰজন্মই নিজৰ ঘৰখনকে ঘূৰি আহি চিনিব নোৱাৰিব।

দীপিকা বৰুৱা
যোৰহাট