পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত অঞ্চলত বৈকুণ্ঠগামী হোৱা ব্যক্তিৰ বাসগৃহত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস

pc- facebook

পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত অঞ্চলত বৈকুণ্ঠগামী হোৱা ব্যক্তিৰ বাসগৃহত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস

অনলাইন বাৰ্ত্তাসেৱা- মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত মুগুৰীয়া, বামাখাটা আৰু কেন্দুগুৰি অঞ্চলত বিগত কেইদিনত বৈকুণ্ঠগামী হোৱা কেইবাগৰাকী ব্যক্তিৰ বাসগৃহত উপস্থিত থাকি তেখেতসকলৰ পৰিয়ালবৰ্গৰ লগত কিছু সময় কটাই। মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ কয় যে  মৃত্যু এক চিৰন্তন সত্য, কাম্য নহয় যদিও এই সত্য মানি আমি আগুৱাই যাব লাগিব জীৱন পথত। ৰাইজৰ প্ৰতিটো সময়ত তেওঁলোকক সংগ দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ, এই প্ৰতিশ্ৰুতি পালনত মই কেতিয়াও ক্ৰুটি কৰা নাই। গতিকে তেনেক্ষেত্ৰত মৃতকৰ পৰিয়ালবৰ্গৰ দুখৰ সমভাগী হ’বলৈ চেষ্টা কৰিছোঁ।