বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ’ল ৰবীন্দ্ৰ জাদেজা

Pc Hindustan Times

বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ’ল ৰবীন্দ্ৰ জাদেজা

ৰঙিলী বাৰ্ত্তাসেৱা-  অল ইণ্ডিয়া ছিনিয়ৰ চিলেক্সন কমিটিয়ে বাংলাদেশৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলাৰ বাবে ৰবীন্দ্ৰ জাদেজা আৰু যশ দয়ালৰ ঠাইত অলৰাউণ্ডাৰ শ্বাহবাজ আহমেদ আৰু পেচাৰ কুলদীপ সেনক মনোনীত কৰিছে। দয়ালৰ তল পিঠিৰ বিষ এতিয়াও অব্যাহত আছে। তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা আঁঠুৰ আঘাতৰ পৰা আৰোগ্য হোৱা নাই আৰু বিচিচিআইৰ চিকিৎসা দলৰ তত্বাৱধানত আছে। অকলেণ্ডত ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব লগা ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব লগা তিনিখন এদিনীয়া শৃংখলাৰ বাবে প্ৰথমতে কুলদীপ সেন আৰু শ্বাহবাজ আহমেদক দলত অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু এতিয়া এই দুজন খেলুৱৈ বাংলাদেশলৈ যোৱা দলটোৰো অংশ হ’ব। নিউজিলেণ্ড ভ্ৰমণত এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ এই দুজন খেলুৱৈৰ সলনি আন কোনো খেলুৱৈ যোগ কৰা হোৱা নাই।