বয়ঃসন্ধি- আবেগ – অনুভূতি আৰু চিন্তাবোধত শিক্ষক শিক্ষয়িত্ৰীৰ ভূমিকা- বন্দিতা শৰ্মা কন্দলি

Pc pinterest

বয়ঃসন্ধি- আবেগ – অনুভূতি আৰু চিন্তাবোধত শিক্ষক শিক্ষয়িত্ৰীৰ ভূমিকা

মানৱ জীৱন বৃত্তত বয়ঃসন্ধি হৈছে আবেগ- অনুভূতি বন্যাৰ সময়। শৈশৱৰ ৰং-ধেমালি , ৰজা-ৰাণী,দৰা-কইনা,দিপ্ লিপ্ পৰীৰ সৈতে কল্পনাৰ ৰাজ্যত উটি-ভাহি ফুৰা নিষ্পাপ ,নিৰ্মল জীৱন শৈলীৰ বিষাদময় সমাপ্তিৰ পৰা গতি কৰি এই সময়তে কৈশোৰৰ অন্য এক ৰহস্যময় জগতত প্ৰৱেশ কৰে। শাৰীৰিক মানসিক পৰিৱৰ্তনে কৰা আমনিদায়ক আৰু ৰোমাঞ্চকৰ অনুভূতিয়ে তেওঁলোকৰ মনত জগাই তোলে সন্দেহ,নিসংগতা আৰু নিৰাপত্তাহীনতাৰ ভাব। এই আটাইবোৰেই স্বাভাৱিক। কিয়নো তেওঁলোক নহয় শিশু নহয় পূৰ্ণ যৌৱন প্ৰাপ্ত ব্যক্তি।এনে দোদুল্যমান অৱস্থাতেই পঞ্চেন্দিয়ই আৱিষ্কাৰ কৰে বহিৰ্জগৎ। আৱেগ- অনুভূতি আৰু চিন্তাবোধে নিজকে আৱিষ্কাৰ কৰাৰ সুযোগ দিয়াৰ লগতে সজাগ কৰি তোলে। জীৱন বৃত্তৰ এনে সন্ধিক্ষণত আবেগ -অনুভূতি আৰু চিন্তাবোধক কেনেদৰে ধনাত্মক ৰূপত ব্যৱহাৰ বা ভাবাবেগ নিয়ন্ত্ৰিত ভাৱে সৃষ্টিশীল কামত প্ৰয়োগ কৰিব পাৰি তাৰ বাবে উপযুক্ত পৰিৱেশত আৰু সাৱধানতাৰ প্ৰয়োজন। এই ক্ষেত্ৰত মূখ্য ভূমিকা পালন কৰিব লাগিব পিতৃ -মাতৃৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে। কিয়নো কিছু কিছু ক্ষেত্ৰত সন্তানে পিতৃ-মাতৃতকৈয়ো শিক্ষক – শিক্ষয়িত্ৰীৰ কথাত বিশেষ প্ৰাধান্য দিয়া দেখা যায়। বিশেষজ্ঞ সকলৰ মতে বয়ঃসন্ধিৰ ঠিক পূৰ্বে মগজুৰ্ চিন্তা শক্তিৰ আধাৰৰ (যাক গ্ৰে মেটাৰ বুলি কোৱা হয়) দ্ৰুত গতিত বৃদ্ধি হ’বলৈ ধৰে।গ্ৰে মেটাৰৰ ঘনত্ব ল’ৰাৰ ক্ষেত্ৰত ১২ বছৰ বয়সত আৰু ছোৱালীৰ ক্ষেত্ৰত ১১ বছৰ বয়সত সৰ্বাধিক হৈ পৰে। বয়ঃসন্ধিৰ সময় ছোৱাত মগজুৰ চিন্তা শক্তিৰ আধাৰ বিভিন্ন দিশত সালসলনি হ’বলৈ ধৰে। এই সময় ছোৱাত সন্তানে পৰিয়ালৰ সৈতে সময় কটোৱাৰ পৰিবৰ্তে একে লিঙ্গৰ সমনীয়াৰ সৈতে সময় কটাবলৈ আগ্ৰহী হয় আৰু ৰুচিবোধ অনুসৰি বন্ধুত্ব গঢ়ি তোলে। ক্ৰমান্বয়ে ১৪-১৮ বছৰত বন্ধু সম্প্ৰসাৰিত হয় আৰু বিপৰীত লিংগৰ সৈতে ও বন্ধুত্ব গঢ়ি তুলিবলৈ বিচাৰে। এই সময়ছোৱাত হৰমনৰ বৰ্ধিত উৎপাদনৰ ফলত যৌন চেতনা জাগ্ৰত হয়। লাজ,ভয়,শংকা আৰু অজ্ঞতাই তেওঁলোকৰ মনত যৌনতা সম্পৰ্কে কৌতুহল জাগে। ই যে এক স্বাভাৱিক প্ৰক্ৰিয়া সেই কথা জনাৰ সুযোগ নোপোৱাৰ বাবেই কেতিয়াবা মন অস্থিৰ হোৱা চকুত পৰে। এনে ক্ষেত্ৰত শিক্ষকে শুদ্ধ, সঠিক আৰু বিজ্ঞান ভিত্তিক ভাৱে শাৰীৰিক পৰিবৰ্তন সম্পৰ্কে আৰু যৌন- জীৱন আৰু জন্ম ৰহস্যৰ জ্ঞান দিব লাগে। এই বিষয় সমূহ নিঃসংকোচে মুকলিকৈ সহজ সৰল ভাষাত ছাত্ৰ-ছাত্ৰীক জ্ঞান প্ৰদান কৰিব লাগে। ছাত্ৰ- ছাত্ৰীক বিভিন্ন সহপাঠ্যক্ৰমিক কাৰ্যাৱলীত অংশ গ্ৰহণ কৰিবৰ বাবে উৎসাহ-উদ্দীপনা দিয়াৰ লগতে উপযুক্ত সাহায্য আগবঢ়াব লাগে। বয়ঃসন্ধিৰ সময়ত নিজস্ব আবেগ-অনুভূতিৰ আধাৰত এক আত্মসজাগতা জাগিবলৈ ধৰে। স্বকীয় আবেগ- অনুভূতি ফুটাই ক’বলৈ কুণ্ঠাবোধ নকৰে।যুক্তিৰ উদয় আৰু চিন্তাবোধৰ নতুন পাৰদৰ্শিতাৰ আধাৰত পিতৃ-মাতৃক প্ৰত্যাহ্বান জনাই নতুন চিন্তাধাৰাৰে প্ৰবৃত্ত হ’ব বিচাৰে। এই খিনিতে সাধাৰণতাৰ প্ৰয়োজনৰ বাবে শিক্ষকৰ দায়িত্ব আহি পৰে। প্ৰচলিত ধ্যান-ধাৰণা শৃংখলা আৰু সন্মান সহকাৰে প্ৰত্যাহ্বান জনাবলৈ ছাত্ৰ ছাত্ৰীক শিকাব লাগিব।সুস্থ চিন্তা বোধৰ বাবে ছাত্ৰ -ছাত্ৰীক বিভিন্ন ধৰণৰ সৃজনীশীল কামত নিজকে ব্যস্ত ৰাখিবলৈ সুপথৰ সন্ধান দিব লাগে। ইয়াৰ বাবে তেওঁলোকক ৰুচি অনুসৰি খেলা-ধূলা, নৃত্য-গীত, ছবি অঁকা, পেলনীয়া সামগ্ৰীৰে বিভিন্ন বস্তু তৈয়াৰ কৰা, কাগজৰ ফুল তৈয়াৰ কৰা, কবিতা,গল্প, প্ৰবন্ধ আদি লিখা, মাটিৰে বস্তু সজা ইত্যাদি সৃজনীমূলক কামত নিজকে ব্যস্ত ৰাখিবলৈ উৎসাহিত কৰিব লাগে। নিজৰ প্ৰতি হেয় ভাব, ঋণাত্মক প্ৰতিচ্ছবি অথবা হতাশগ্ৰস্ততাত ভোগা ছাত্ৰ ছাত্ৰীক শিক্ষকে বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ আত্মবিশ্বাস বঢ়াবৰ বাবে মানৱ জীৱনৰ উদ্দেশ্য- গুৰুত্ব ব্যাখ্যাৰ লগতে মহান ব্যক্তিসকলৰ যেনে এ পি জে আব্দুল কালাম, স্বামী বিবেকানন্দ, মহাত্মা গান্ধী আদিৰ জীৱনাদৰ্শ অধ্যয়ন কৰিবলৈ দিব লাগে। বিশিষ্ট বিজ্ঞানীৰ ৰসাল কথাৰে তেওঁলোকক উৎসাহিত কৰিব লাগে যাতে তেওঁলোকৰ হতাশা দূৰ হয়। অধ্যয়নে মনত একাগ্ৰতা জন্মায়। সেয়ে অধ্যয়নত ব্ৰতী হবলৈ ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰিব লাগে। ছাত্ৰ- ছাত্ৰীসকলক বিভিন্ন গঠনাত্মক, সৃজনীমূলক, আকৰ্ষণীয়, জ্ঞানমূলক মনোৰঞ্জনৰ কাৰ্যসূচী বোৰহে উপভোগ কৰাৰ পৰামৰ্শ প্ৰদান কৰিব লাগে। সেই বোৰৰ পৰা লাভ কৰা জ্ঞান- অভিজ্ঞতাক বাস্তৱ জীৱনত প্ৰয়োগ কৰিবৰ বাবে উৎসাহ-উদ্দীপনা যোগাব লাগে। ইয়েই ছাত্ৰ-ছাত্ৰীৰ আবেগ-অনুভূতি আৰু চিন্তাবোধক সুচাৰুৰূপে পৰিচালিত কৰিব পাৰিব। আনৰ প্ৰতি কৰুণা, সহানুভূতি,অনুকম্পা আৰু আন এজনৰ আবেগ-অনুভূতিৰ সৈতে একাত্মতা অনুভৱ কৰিব পৰা মানসিকতা যাতে গঢ়ি উঠে তাৰ বাবে শিক্ষক- শিক্ষয়িত্ৰী সকলে বিভিন্ন কাহিনীৰ আলমলৈ নিস্বাৰ্থ সেৱা আগবঢ়াবলৈ পোৱা সুযোগৰ সদ্ ব্যৱহাৰ আৰু সংবেদনশীলতা গঢ়ি তুলিবলৈ আদি পাঠ প্ৰদান কৰিব লাগে। বৰ্তমান জটিলতা পূৰ্ণ আৰু সম্পূৰ্ণ প্ৰতিযোগিতা মূলক সামাজিক পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ সুস্থ জীৱন যাত্ৰাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীৰ সুপৰামৰ্শ আৰু নিৰ্দেশনা অপৰিহাৰ্য। বিশিষ্ট ব্যক্তি পাৰ্ছিনানে কৈছে যে বিদ্যালয় এখন কৃত্ৰিম সমাজ যʼত সমাজৰ মংগলজনক আৰু গুৰুত্বপূৰ্ণ দিশটোহে প্ৰতিফলিত হয়। গতিকে প্ৰকৃত মানৱ সম্পদ গঢ়ি সমাজলৈ উপহাৰ দিয়াৰ দায়িত্বও শিক্ষক সকলেই ল’ব লাগিব।

বন্দিতা শৰ্মা কন্দলি