বন্যাৰ্তৰ বেদনা – ময়ূৰাক্ষী গগৈ

বন্যাৰ্তৰ বেদনা

বানৰ ভয়ংকৰ ৰূপ দেখি
আতংকিত হৈ পৰিছে নৈপৰীয়া লোকো।
এটুপি পানী, এমুঠি অন্নৰ বাবে হাহাকাৰ!
বানাক্ৰান্তৰ এই আৰ্তনাদ কোনে শুনিব?
সংহাৰী বানে উটুৱাই নিয়া নাই কি?
চকুৰ পচাৰতে প্ৰলয়ংকৰী বানত বিলীন হৈছে
এটি এটি কৈ সকলো সম্পদ!
কাৰোবাৰ হেঁপাহৰ ঘৰখন,
কাৰোবাৰ মূল্যবান সম্পত্তি,
কাৰোবাৰ আকৌ অতি আপোন জন।
ভূতৰ ওপৰত দানৱ পৰাদি
বানাক্ৰান্ত অঞ্চলত আকৌ
কালৰূপ ধাৰণ কৰিছে মহামাৰীয়ে।
কোনে বাৰু বুজিব
বন্যাৰ্তৰ এই মনোবেদনা।

ময়ূৰাক্ষী গগৈ