বন্ধ হৈ থকা ৰে’ল পুনৰ চলাচলৰ দাবী

pc. Timesof India

বন্ধ হৈ থকা ৰে’ল পুনৰ চলাচলৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত ১২খন ৰে’লৰ চলাচল  বন্ধ কৰি ৰখা, ৰঙিয়া -ডেকাৰ গাওঁ সংযোগী ৰে’ল লাইনৰ অনুমোদন নিদিয়া আৰু ৰে’লৰ মানচিত্ৰত দৰং জিলা অন্তৰ্ভুক্ত নোহোৱা কাৰ্যত তীব্ৰ বিৰোধিতা কৰিছে এছ ইউ চি আই (চি) দলে৷আজি অসম ৰাজ্যিক কমিটীৰ সম্পাদক কমৰেড চন্দ্ৰলেখা দাসে এক প্ৰেছ বিবৃতি যোগে কয় যে, লকডাউনৰ অজুহাতত এই ৰে’লসমূহৰ চলাচল বন্ধ কৰি দিয়া হৈছিল যদিও বৰ্তমান অৱস্থা উন্নত হোৱাৰ পাছতো ৰে’ল সমূহৰ চলাচল বন্ধ হৈ থকাৰ ফলত সাধাৰণ যাত্ৰী, ব্যৱসায়ী,ৰে’লত ফেৰীৱালাৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰা মানু্হ সকল উপাৰ্জন হীন হৈ পৰিছে। সাধাৰণ মানুহে জীৱিকাৰ সন্ধানত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা যোৱা কৰিবলৈ বাধ্য হয় আৰু ৰে’লত যাতায়াত কৰা তেওঁলোকৰ বাবে সহজসাধ্য হয়।ৰে’লসমূহ বন্ধ কৰি দিয়াৰ ফলত ছাত্ৰ-ছাত্ৰী সকলেও বহুতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।তেওঁ বন্ধ হৈ থকা ৰে’ল সমূহ অতি সোনকালে পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী জনোৱাৰ লগতে ৰে’লৰ ভাড়া বৃদ্ধি কৰা, ৰে’লৰ ষ্টপেজ হ্ৰাস কৰাৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু আগতে যিবোৰ ৰে’লত সাধাৰণ যাত্ৰীৰ বাবে জেনেৰেল ডবা যুক্ত আছিল, তাত জেনেৰেল ডবা সংযোগ কৰাৰ বাবে দাবী জনায় ।বিবৃতিটোত  ৰঙিয়া-ডেকাৰ গাওঁ ৰে’ল লাইনৰ কেন্দ্ৰীয় চৰকাৰে অনুমোদন নিদিয়া কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে বহু বছৰৰ পৰা দৰং জিলাত ৰে’ল সেৱা প্ৰৱৰ্তনৰ দাবী কৰি অহা সত্ত্বেও  দৰং জিলাখন ৰে’লৰ মানচিত্ৰত অন্তৰ্ভুক্ত নকৰা বাবে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে দৰং জিলা খন স্বাধীনতাৰ ৭৪ বছৰ পাছতো ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰিব নোৱাৰাতো এক অক্ষমনীয় অপৰাধ ।কমৰেড দাসে বন্ধ হৈ থকা ৰে’ল সমূহ পুনৰ প্ৰৱৰ্তন কৰি জনসাধাৰণৰ বাবে যাতায়াতৰ ব্যৱস্থা সুচল কৰা ,ৰঙিয়া-ডেকাৰ গাওঁ ৰে’ল লাইন স্থাপন আৰু দৰং জিলাত ৰে’লসেৱা প্ৰৱৰ্তনৰ দাবী জনোৱাৰ লগতে ৰে’ল বিভাগৰ জনবিৰোধী সিদ্ধান্ত সমূহৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে আগুৱাই আহিবলৈ জনসাধাৰণৰ প্ৰতি আহবান জনায় ।