বকুল ফুলৰ ঠিকনা – শচীন্দ্ৰ কুমাৰ দাস

Pc StockCake

বকুল ফুলৰ ঠিকনা

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

কবিতা এটা লিখিম তোমাৰ বাবে,
যাতনেৰে পঢ়িবা নীৰৱে নিৰলে।
অনুভৱৰ কৰণিত গম পাইছোঁ, বুজি পাইছোঁ,
উমান পাইছোঁ নিঃশব্দ কথাৰ ঢৌবোৰ।

কবিতাটি যতনাইছোঁ মনত সাঁচি ৰখাবোৰ,
হেঁচি ধৰিছোঁ, উজাৰিছোঁ;
কিজানিবা হৃদয়ৰ গভীৰ বনত,
শৰতৰ বকুল ফুলে
নিয়ৰৰ দলিচাত বহি কয়—
মই লিখা প্ৰতিটো শব্দই
কেৱল তোমাৰেই ঠিকনা লয়।