ফুটবলৰ প্ৰিমিয়াৰ লীগত মহমেদান স্পʼটিঙৰ জয়

pc-Premier league

ফুটবলৰ প্ৰিমিয়াৰ লীগত মহমেদান স্পʼটিঙৰ জয়

অনলাইন বাৰ্ত্তাসেৱা– শনিবাৰে বংগ বন্ধু জাতীয় ষ্টেডিয়ামত অনুষ্ঠিত ফুটবল প্ৰিমিয়াৰ লীগৰ মেচত মহমেদান স্পʼৰ্টিং ক্লাবে ২-১ গʼলৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। খেলখনত ৰহমতগঞ্জ মুছলিম ফেণ্ডছ এণ্ড ছʼচাইটীক হৰুৱাই মহমেদান স্পʼৰ্টিং ক্লাবটোৱে পইণ্টৰ শীৰ্ষ লাভ কৰিবলৈ সমৰ্থ হয়। ৰহমতগঞ্জে খেলৰ আৰম্ভণিতে অগ্ৰগতি লাভ কৰে যদিও খেলখনৰ শেষৰ ফালে মহমেদান স্পʼৰ্টিং ক্লাব মেচখনত বিজয়ী হয়। ৰহমতগঞ্জ ক্লাবটোৰ হৈ অডিলি ফিলিক্সে গʼল দিয়ে। আৰু মহমেদান ক্লাবটোৰ হৈ ফৰৱাৰ্ড কুলিডিয়াটিয়ে গʼল দিয়ে। মহমেদানে প্ৰীমিয়াৰ লীগত ২১ খন খেলৰ ১১খনত বিজয়ী, ৬খন খেল ড্ৰ কৰি ৩৯ পইণ্ট লাভ কৰে।আনহাতে বসুন্ধৰা কিংছ ৫৮ পইণ্টেৰে তালিকাৰ শীৰ্ষত আছে।

 

(R.T)