ফটো সাংবাদিক সন্থাৰ বিশ্ব আলোকচিত্ৰ দিৱস

pc-Anandan Pillai

ফটো সাংবাদিক সন্থাৰ বিশ্ব আলোকচিত্ৰ দিৱস

অনলাইন বাৰ্ত্তাসেৱা– ১৯ আগষ্টৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। এইবাৰো অসম ফটো সাংবাদিক সন্থাই ১৯ আগষ্টত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰাৰ বাবে প্ৰস্তুতি কৰিছে। সন্থাৰ সভাপতি চিন্ময় ৰয় আৰু সাধাৰণ সম্পাদক ৰেৱ কুমাৰ বৰাই এক প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে যে গুৱাহাটী প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ বিশ্ব আলোকচিত্ৰ দিৱসটি আফগানিস্তানত তালিবানৰ আক্ৰমণত মৃত্যুবৰণ কৰা বিশিষ্ট ফটো সাংবাদিক ডানিছ ছিদ্দিকৰ নামত উৎসৰ্গিত কৰা হ’ব। আনহাতে কাৰ্যসূচীত ডানিছ ছিদ্দিকৰ বিষয়ে বিশেষ বক্তৃতা প্ৰদান কৰিব জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰে। অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দনে বিশিষ্ট অতিথি, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাই অন্যতম অতিথি হিচাপে উপস্থিত থাকিবলগীয়া অনুষ্ঠানটোত অসম ফটো সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যক সম্বৰ্ধনা জনোৱা হ’ব বুলি বিৃতিত উল্লেখ কৰা হৈছে। ৱসৰ প্ৰতিটো কাৰ্যসূচীত ফটোগ্ৰাফীৰ সৈতে জড়িত ব্যক্তি আৰু শুভাকাংক্ষীৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে