পৱিত্ৰ ঈদৰ দিনাই নলবাৰীত এগৰাকী যুৱতীক গ্ৰেপ্তাৰ:

পৱিত্ৰ ঈদৰ দিনাই নলবাৰীত এগৰাকী যুৱতীক গ্ৰেপ্তাৰ:

২২ জুলাই, নলবাৰী: বিতৰ্কিত ষ্টেটাছ দি ঈদৰ দিনাই গ্ৰেপ্তাৰ হ’ল নলবাৰীৰ এগৰাকী ছাত্রী। কমাৰকুছি আৰক্ষীয়ে আটক কৰে যুৱতী গৰাকীক। বুধবাৰে ৰাতিপুৱা যুৱতী গৰাকীয়ে দিছিল ষ্টেটাছ। ইয়াৰ পিছত চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰে সেই ষ্টেটাছ। সেই ষ্টেটাছ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীক অভিযোগ দিয়াত কিছু সময় পিছতেই কমাৰকুছি আৰক্ষীয়ে ঘৰৰ পৰা গ্ৰেফতাৰ কৰে যুৱতী গৰাকীক। যুৱতী গৰাকীৰ নাম পাকিজা বেগম। ঘৰ নলবাৰী জিলাৰ কমাৰকুছিত। পাকিজা নলবাৰীৰ মহেন্দ্র নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ স্নাতক তৃতীয় সন্মানিকৰ ছাত্ৰী। যুৱতী গৰাকীৰ পিতৃ বৰভাগ মণ্ডল বিজেপি সংখ্যা লঘু মৰ্চাৰ প্ৰাক্তন সভাপতি খালেকুৰ ৰহমান। ঘটনাৰ বিৱৰণী অনুসৰি প্ৰৱিত্ৰ ঈদৰ দিনা পাকিজাই প্ৰথমে মৃত গৰু এটাৰ ফটো প্ৰচাৰ কৰে। দ্বিতীয়তে গো মাংস টুকুৰা টুকুৰ কৰি থকা অন্য এখন ফটো দিয়ে। তাৰ কিছু অংশ অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিম বুলি প্ৰত্যেক্ষ মত প্ৰকাশ কৰে। by sahil