পৰিৱেশঃ স্মাৰ্ট সাৰে পাৰিপাৰ্শ্বিক প্ৰদূষণ কমাব পাৰে- ড০ ৰাস্না ৰাজখোৱা

Pc Ingenious e-brain

পৰিৱেশঃ স্মাৰ্ট সাৰে পাৰিপাৰ্শ্বিক প্ৰদূষণ কমাব পাৰে

বিশ্বৰ বৰ্দ্ধিত জনসংখ্যাক আহাৰ যোগান ধৰিবলৈ হ’লে কৃষকসকলে শস্য উৎপাদন বৃদ্ধি কৰিব লাগিব। ইয়াৰ বাবে অধিক সাৰ প্ৰয়োগ কৰিব লাগিব। কিন্তু সাৰৰ প্ৰামাণিক সংস্কৰণবোৰে (standard version) সঠিকভাৱে কাম নকৰে আৰু পৰিৱেশৰ ক্ষতি কৰে। সৌভাগ্যক্ৰমে প্ৰভাৱ নিয়ন্ত্ৰিত সাৰ বৰ্তমান উপলদ্ধ, এইবোৰ পৰিৱেশ-বন্ধু ভাৱাপন্ন আৰু দিনক দিনে এইবোৰ বিকাশ ঘটিছে। সাধাৰণতে খেতিয়কসকলে শস্যক দুই ধৰণে সাৰ যোগান ধৰে। তেওঁলোকে এমোনিয়া, ইউৰিয়া বা অন্যান্য যৌগ ছটিয়াই আৰু এইবোৰে পানীৰ সৈতে বিক্ৰিয়া কৰি নাইট্ৰজেনৰ পুষ্টি যোগান ধৰে। নাইবা তেওঁলোকে পটাছ বা অন্য খনিজ দানা প্ৰয়োগ কৰে, যি পানীৰ সৈতে বিক্ৰিয়া কৰি ফছফৰাছ উৎপন্ন কৰে। কিন্তু এই পৌষ্টিক দ্ৰব্যবোৰৰ নিচেই কম পৰিমানহে উদ্ভিদৰ দেহত প্ৰৱেশ কৰে। তাৰ পৰিবৰ্তে নাইট্ৰজেন সেউজগৃহ গেছ (greenhouse gases) হিচাবে বায়ুমণ্ডলত জমা হয় আৰু ফছফৰাছৰ অন্ত পৰে জলাশয়ত, যাৰ বাবে শেলাই আৰু অন্যান্য জীৱৰ অতিবৃদ্ধি সূচনা কৰে। নিয়ন্ত্ৰিত নিঃসৃত সাৰে (Controlled-release fertilizer) ইয়াৰ বিপৰীতে, শস্যই যাতে তাৎপৰ্যপূৰ্ণ ভাবে উচ্চ হাৰত পৌষ্টিক দ্ৰব্য পাব পাৰে তাৰ নিশ্চয়তা প্ৰদান কৰে, যাৰ বাবে কম সাৰত, অধিক উৎপাদন লাভ কৰিব পাৰি। কিছুদিনৰ বাবে ‘ধীৰ নিঃসৃত সাৰ’ (slow-release fertilizers) নামেৰে জনাজাত কিছুমান সাৰৰো বিক্ৰী হৈ আহিছে। এনে সাৰৰ ফৰ্মুলাত সাধাৰণতে নাইট্ৰজেন, ফছফৰাছ আৰু অন্যান্য প্ৰয়োজনীয় পৌষ্টিক দ্ৰব্য সমৃদ্ধ কিছুমান কেপছুলৰ ভিতৰত ভৰোৱা থাকে। ইয়াৰ বাহিৰৰ খোলাটোৱে পানী ভিতৰলৈ প্ৰৱেশ কৰি পুষ্টিকাৰক দ্ৰব্যেবাৰ মুকলি কৰাৰ হাৰ আৰু এই দ্ৰব্যবোৰ কেপছুলৰ পৰা আঁতৰি যোৱাৰ হাৰ — এই দুয়োটাৰে মন্থৰণ ঘটায়। ফলস্বৰূপে পুষ্টি দ্ৰব্যবোৰ অপচয় নোহোৱাকৈ, অনাশোষিত ভাবে দ্ৰুত বিস্তৃতি নঘটাকৈ ধীৰে ধীৰে বিলীন হ’ব পাৰে। নতুন নতুন ফৰ্মুলাবোৰত এনেকুৱা কিছুমান পদাৰ্থ অৰ্ন্তভুক্ত হৈছে যিবোৰে পৌষ্টিক প্ৰদান প্ৰক্ৰিয়াটো মন্থৰ কৰিব পাৰে আৰু এই কাম সম্ভব হয় প্ৰাৰম্ভিক যৌগ, যেনে ইউৰিয়াৰ পৌষ্টিক দ্ৰব্যলৈ পৰিবৰ্তন প্ৰক্ৰিয়াটোৰ মন্থৰণ ঘটোৱাৰ ফলত। শেহতীয়াকৈ ‘নিয়ন্ত্ৰিত নিঃসৃতি’ এই ধাৰণাটোৰ সৈতে সম্পূর্ণ খাপ খাই পৰাকৈ সাৰ প্ৰস্তুত কৰা হৈছে। এইটো সম্ভৱ হৈছে উন্নত কেঁচা সামগ্ৰী আৰু প্ৰস্তুত পদ্ধতিৰ বিকাশৰ বাবে। এনে বিকাশৰ ফলত বীজাৱৰণ এনেকৈ উপযোগী হৈছে যে ই মাটিৰ উষ্ণতা, আম্লিকতা আৰু উষ্ণতাৰ পৰিবৰ্তন সাপেক্ষে পৌষ্টিক নিঃসৃতিৰ হাৰ বাঞ্চিত ৰূপত নিয়ন্ত্ৰণ কৰে। এনে উপযোগী বিভিন্ন প্ৰকাৰৰ কেপছুল একগোট কৰি প্ৰস্তুতকাৰক সকলে বিশেষ প্ৰকাৰৰ শস্য বা শস্য বৃদ্ধিৰ চৰ্তসমূহৰ সৈতে খাপ খুৱাকৈ সাৰ প্ৰস্তুত কৰিব পাৰে। হাইফা গ্ৰুপ (Haifa Group) আৰু আই চি এল স্পেচিয়েলিটি ফাৰ্টিলাইযাৰচ (ICL Speciality Fertilizer) হৈছে এনে দুটা কম্পেনী যি সঠিক নিয়ন্ত্ৰণৰ আশ্বাস দিছে। উদাহৰণস্বৰূপে ‘হাইফা’ই পুষ্টি বিতৰণৰ হাৰৰ সৈতে উষ্ণতাৰ সৰ্ম্পক স্থাপন কৰিছে কিয়নো উষ্ণতা বৃদ্ধিয়ে শস্য বৃদ্ধি আৰু পুষ্টি নিৰ্গমন হাৰ বৃদ্ধি কৰে। যদিও নিয়ন্ত্ৰিত নিঃসৃত প্ৰযুক্তিয়ে সাৰক অধিক কাৰ্যক্ষম কৰি তুলিছে তথাপি এইবোৰৰ ব্যৱহাৰৰ ফলত হোৱা অপকাৰিতাৰ পৰা মুক্ত হ’ব পৰা নাই। এনে সাৰৰ ভিতৰত এতিয়াও এমোনিয়া, ইউৰিয়া আৰু পটাছ অৰ্ন্তভুক্ত আৰু এইেবাৰৰ উৎপাদন প্ৰক্ৰিয়াটো শক্তিৰ ফালৰ পৰা খৰছৰ বিষয়, যাৰ অৰ্থ হ’ল এইেবাৰৰ
উৎপাদনে সেউজ গৃহ গেছ উৎপাদন আৰু জলবায়ু পৰিবৰ্তনত অৰিহণা যোগায়। অৱশ্যে পৰিৱেশ-অনুকুল নাইট্ৰজেন উৎস আৰু উদ্ভিদে নাইট্ৰজেন আৰু ফছফৰাছ গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াটোৰ উন্নতি সাধিবলৈ অণুজীৱ ব্যৱহাৰ কৰি উক্ত প্ৰভাৱ নিৰাময় কৰিব পাৰি। এই দ্ৰব্যবোৰৰ আৱৰভবোৰে পৰিৱেশৰ ক্ষতি কৰে বুলি কোনো প্ৰমাণ নাই যদিও উচ্চ মাত্ৰাত কোনো নতুন পদাৰ্থ প্ৰয়োগ কৰোতে এনে সাম্ভাব্য বিপদৰ নিৰীক্ষণৰ প্ৰয়োজনীয়তা আছে। নিয়ন্ত্ৰিত নিঃসৃত সাৰ প্ৰয়োগ ‘যথাৰ্থ কৃষি’ নামে পৰিচিত কৃষি বিজ্ঞানৰ বহনক্ষম (sustainable) এটা উপায়। এই উপায় অবলম্বনে শস্য বৃদ্ধিত অৰিহণা যোগায়। তাৰোপৰি তথ্য বিশ্লেষণ ব্যৱস্থা, কৃত্ৰিম বুদ্ধিমত্তা আৰু বিভিন্ন সংবেদক ব্যৱস্থাৰ সম্বন্বয় সাধন কৰি, নিৰ্দিষ্ট সময়ত সাৰ আৰু পানী প্ৰয়োগৰ সঠিক পৰিমাণে আৰু পুষ্টি দ্ৰব্যক নিৰ্দিষ্ট পৰিমাণত আৰু যথাস্থানত পৌছাই দিবলৈ স্বয়ংক্ৰিয় যান নিয়োগ কৰি অতিৰিক্ত পৌষ্টিক নিৰ্গমন হ্ৰাস কৰিব পৰা যায়। যথাৰ্থ ব্যৱস্থাবোৰ সংস্থাপন কৰাটো খৰচী বাবে বৃহৎ খণ্ডবোৰেহে এইবোৰ গ্ৰহণ কৰিব পাৰে। উন্নত নিয়ন্ত্ৰিত নিঃসৃত সাৰবোৰ তুলনামূলকভাবে কম খৰচী আৰু বহনক্ষম শস্য উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰযুক্তি হিচাপে কৃষকক সহায় কৰিব পাৰে।

ড০ ৰাস্না ৰাজখোৱা
জামুগুৰিহাট, শোণিতপুৰ, অসম-784180
ফোন নং–9854492326