প্ৰিয়ংকা গান্ধীয়ে নয়ডাৰ পৰা ঘৰে ঘৰে প্ৰচাৰ আৰম্ভ কৰিব

P.c-Mint

প্ৰিয়ংকা গান্ধীয়ে নয়ডাৰ পৰা ঘৰে ঘৰে প্ৰচাৰ আৰম্ভ কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে মাত্ৰ ১০ দিন বাকী থকা অৱস্থাত উত্তৰ প্ৰদেশ নিৰ্বাচনৰ দায়িত্বত থকা কংগ্ৰেছ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই নয়ডা বিধানসভা সমষ্টিৰ পৰা ঘৰে ঘৰে প্ৰচাৰ আৰম্ভ কৰিব। কংগ্ৰেছ দলে নয়ডাৰ প্ৰাৰ্থী হিচাপে পাংখুৰী পাঠকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।  নিৰ্বাচনী প্ৰচাৰৰ সময়ত এইটো গান্ধীৰ প্ৰথম শাৰীৰিক ভ্ৰমণ হ’ব। অৱশ্যে, কোভিড-১৯ মহামাৰীৰ বাবে তেওঁ সামাজিক মাধ্যমৰে লাইভ বাৰ্তালাপ কৰি আহিছিল।