প্ৰধানমন্ত্ৰী মোদীলৈ পাকিস্তানী ভগ্নীয়ে প্ৰেৰণ কৰিলে ৰাখী

Pc The Janambhumi

প্ৰধানমন্ত্ৰী মোদীলৈ পাকিস্তানী ভগ্নীয়ে প্ৰেৰণ কৰিলে ৰাখী

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰক্ষা বন্ধন সমাগত৷হিন্দু বৰ্ষৰ চাৱন মাহৰ পূৰ্ণিমাত ৰক্ষা বন্ধন উৎসৱ পালন কৰা হয়।ভাতৃ-ভগ্নীৰ মৰমৰ চানেকি দাঙি ধৰা ৰাখী বন্ধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীলৈ পাকিস্তানী ভগ্নী কমৰ মহছিন শ্বেখে পাকিস্তানৰ পৰাই প্ৰেৰণ কৰিছে ৰাখী৷মোদীলৈ প্ৰতি বছৰে পাকিস্তানত থকা তেওঁৰ ভগ্নী কমৰ মহছিন শ্বেখে ৰাখী প্ৰেৰণ কৰি আহিছে৷কমৰ মহছিন শ্বেখে যোৱা বছৰো প্ৰধানমন্ত্ৰী মোডীলৈ এখন ৰাখী আৰু ৰক্ষা বন্ধন কাৰ্ড প্ৰেৰণ কৰিছিল।কমৰ মহছিন শ্বেখে প্ৰধানমন্ত্ৰী মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ বাবে প্ৰাৰ্থনা কৰি আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে শুভেচ্ছা জনাই এখন পত্ৰ লিখিছে।পত্ৰত তেওঁ লিখিছে,”মই আশা কৰোঁ প্ৰধানমন্ত্ৰী মোডীয়ে মোক এইবাৰ দিল্লীলৈ মাতিব।মই সকলো প্ৰস্তুতি কৰিছো।মই এম্ব্ৰইডাৰী ডিজাইনৰ সৈতে ৰেশ্মি ৰিবন ব্যৱহাৰ কৰি নিজেই এই ৰাখীটো তৈয়াৰ কৰিছিলো।মই অত্যন্ত সুখী অনুভৱ কৰোঁ কিয়নো এইটো তেওঁৰ সৈতে মোৰ ২৬ তম ৰাখী হ’বলৈ গৈ আছে।মই তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ বাবে প্ৰতিদিনে তেওঁৰ বাবে প্ৰাৰ্থনা কৰোঁ।তেওঁ দেশৰ বাবে প্ৰশংসনীয় কাম কৰি আছে।২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ (নৰেন্দ্ৰ মোডী) পুনৰ প্ৰধানমন্ত্ৰী হ’ব।তেওঁ ইয়াৰ যোগ্য কিয়নো তেওঁৰ সেই ক্ষমতা আছে আৰু মই তেওঁক প্ৰতিবাৰেই ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাটো কামনা কৰোঁ।”