প্ৰকৃতি আৰু স্মৃতি – দিলীপ কুমাৰ বৰা ,কলিয়াবৰ

প্ৰকৃতি আৰু স্মৃতি

পৰিৱেশৰ যি দৃষ্টিনান্দনিক সৌন্দৰ্য্য,ই কেনেকৈ যুগৰ পিছত যুগ সলনি হ’লেও স্মৃতিৰ কোঠাত ৰৈ যায় প্ৰথম দেখাৰ দৰে একেই সেই ৰূপত?
সলনিটো হৈছে সকলো।সলনি হ’লো আমিও অথচ মনতোত শান্তি প্ৰশান্তি দিয়া বস্তুবোৰৰ স্থান কিয় অপৰিৱৰ্তনশীল?
৭০ দশকৰ মাজ ভাগত গুৱাহাটী বা অন্য ঠাইলৈ গলে প্ৰায় ASTC ৰ ৰঙা ৰঙৰ বাছ খনত গৈছিলো।National Highway ৰ দুয়ো কাষে শাৰীশাৰী গছ বোৰে সৌন্দয্য বৰ্দ্ধন কৰিছিল তেতিয়া।বসন্ত কালত নানা ধৰনৰ ফুলবোৰ ফুলি থকা দৃশ্য নেদেখিলে উপলদ্ধি কৰিব নোৱাৰি সেই সৌন্দৰ্য্য। বহুত ভাল লাগিছিল যেতিয়া আমি যোৱা গাড়ীখনৰ ঠিক আগে আগে যোৱা গাড়ীখনৰ বতাহ লাগি ফুলবোৰৰ দেহত সৃষ্টি হয় নাচোন,অনুভব হৈছিল এইয়া যেন বসন্তক স্বাগতম জনাইছে প্ৰকৃতিয়ে।
আজি এইবোৰ গছ নাই,চাৰিলেন যুক্ত ৰাষ্টাৰ বাবে কাটি পেলোৱা হʼল।আকৌ,যাত্ৰাৰ পথত চাহভাত খাবৰ বাবে আমনিত গাড়ী ৰখালেই কাণত ভাহি আহে বিভিন্ন কেছেটৰ গান।দোকানবোৰত শাৰী শাৰীকৈ ৰখা কেছেট বোৰৰ এখন নিকিনা লৈকে মনতো ভাল নালাগিল মোৰ।অৱশ্যে তেতিয়া এটা সুন্দৰ ব্যৱসায়ও গঢ়ি উঠিছিল।দুখৰ বিষয় যে আজি এই সুন্দৰ গানৰ কেছেট বোৰো কালৰ বুকুত হেৰাই গʼল,
আনকি খুউব কম হে দেখা পাওঁ দোকান বোৰত।
এচাম বৰ্তমানৰ প্ৰজন্মই হয়তো গমেই নাপায় কাৰণ কেছেট আৰু কেছেটৰ গান,টেপ বোৰ কʼব গʼলে লুপ্ততাৰ পথত।
ঠিক তেনেকৈ যাত্ৰাৰ পথত ঢেকেৰাগুৰি পোৱাৰ লগে লগে মনতো বৰ ভাল লাগে কাৰণ তাত ৰাষ্টাৰ মাজেদি যোৱা ৰেল আলিটোৰে সেইসময়ত ৰেলখন আহিলে গাড়ীবোৰ কিছু সময়ৰ বাবে ৰখোৱাৰ বেলিকা গাড়ীৰ পৰা নামি শাৰী শাৰী দোকান বোৰত ওলোমাই ৰখা ডাৱ নাৰিকলৰ পানী খাবলৈ হেতা ওপৰা লগাৰ দিনবোৰ কম সুন্দৰ আছিল নে!।
ধৰমতুলৰ দুয়োকাষে থকা শালগছৰ সুন্দৰ পৰিবেশৰ দৃশ্যৰ কথা ন’কলে নহ’ব। জোঙালবলহু গড়ৰ সেই বিশাল পুখুৰী আৰু সুন্দৰ প্ৰাকৃতিক পৰিবেশ…আস!
। যোৰাবাট পোৱাত গাড়ীৰ ভিতৰৰ পৰাই ডিঙি মেলি পাহাৰৰ দৃশ্যচোৱা কিমান ভাল লাগিছিল ক’বলৈ ভাষা নাই। ঠাণ্ডা দিনত কুৱঁলীয়ে থাকি ৰখা পাহাৰ বোৰৰ সেই মনমোহা পৰিৱেশ আজিও মানস পটত জিলিকি আছে বা থাকে।
কিছুমান পূৰণি স্মৃতি,সম্ভৱত ১৯৭৭/৭৮ চনৰ কথা পূৰ্নগ্ৰাহ সূৰ্য্যগ্ৰহন হৈছিল তেতিয়া। আজিৰ দৰে টেলিভিছন নাছিল।
ৰেডিঅʼ আছিল এক প্ৰচাৰ মাধ্যম। গ্ৰহণ হোৱাৰ একমাহৰ আগৰ পৰাই ৰেডিঅ’ত সাৱধানতাৰ বিষয়ে জনাই।খালি চকুৰে গ্ৰহণ চোৱা ওঁ গ্ৰহণৰ সময়ত ঘৰৰ ভিতৰত থকা লগতে ঘৰৰ পোহনীয়া জীৱজন্তও গোহালিঁঁত ৰাখিবলৈ ইত্যাদি বোৰৰ সৰ্তক কৰে।
আমিওঁ নিৰ্দিষ্ট দিনটিলৈ অধিক আগ্ৰহৰে বাট চাওঁ। নিৰ্দিষ্ট দিনতো আহিলত আমি সেইদিনা সোনকালে (স্কুলবন্ধ থাকে) উঠি কামকাজ কৰি সাজু হৈ ঘৰৰ গৰুছাগলী বোৰ ১২ মান বজাত আনিছিলোঁ আৰু আমিও ঘৰত প্ৰৱেশ কৰি নিৰ্দিষ্ট এটা কোঠাত সোমাই,কোঠাত সূৰুযৰ ৰশ্মি আহিব পৰা সকলো ফুটা আদি কাপোৰৰে মাৰি দিও।
গ্ৰহণ আৰম্ভ হ’লত কাৰো মাতবোল নাই। মোৰ গাঁও ত সেইসময়ত নিমাওঁমাওঁ পৰিবেশ।ভয় লাগিছিল তেতিয়া।
এতিয়া হাহিঁ উঠে।
গ্ৰহনৰ শেষত আইৰ নিৰ্দেশ ত আমি গা‌ ধুই আহিলত আইয়ে নিমপাত দুইতা মান চোৱাবলৈ দি,প্ৰকৃতিৰ এইবোৰ নিয়মনীতিৰ বিষয়ে বুজাই দিছিল বহু কথা।
দিনবোৰ সুন্দৰ আছিল তেতিয়া।
প্ৰকৃতিলৈ থকা আমাৰ ভয়ে,নদন বদন হৈ থকাত সহায় কৰিছিল,চিৰ সেউজ হৈ থকাত সহায় কৰিছিল প্ৰকৃতিক,পৃথিৱীক,পৰিৱেশক।
 প্ৰকৃতিৰ নিয়মনীতি মানি চলিলে হয়তু প্ৰকৃতিয়েও আমাক নেপেলাব বিপদত,এই কথাষাৰ মানি চলাৰ বাবেই উপভোগ কৰিবলৈ পাইছিলো প্ৰাকৃতিক সৌন্দৰ্য্য।এতিয়াৰ প্ৰাকৃতিক পৰিৱেশ বুলিলে শিশুৱে ছবিত অকাঁৰ দৰে এটা পাহাৰ,এখন নদী,গছ আৰু এটা ঘৰৰ সেই ছবিখনত আমি জীয়াই আছিলো এসময়ত বাস্তৱত আৰু এতিয়া,এই সৌন্দৰ্য্য বিচাৰি হাবাথুৰি খাওঁ।
আমি বুজা উচিত,যে সকলোৱে প্ৰকৃতিক সুৰক্ষা দিলেহে আমি সুৰক্ষিত হ’ম অনাগত দিনবোৰত।নহʼলে এখন জল তুলিকাৰ চিত্ৰৰ মাজতে নাইবা লোক কথাৰ বৰ্ণনাৰ মাজত,সাধুকথাৰ দৰেই নৱচামে বিচাৰিব লগা হʼব নান্দনিক প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য্য…।
দিলীপ কুমাৰ বৰা
কলিয়াবৰ