পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত জাপানৰ হাতত ভাৰত ৫-৩ত পৰাস্ত

pc Scroll.in

পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত জাপানৰ হাতত ভাৰত ৫-৩ত পৰাস্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  বাংলাদেশত অনুষ্ঠিত পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকীৰ দ্বিতীয়খন ছেমি ফাইনেলত জাপানে ভাৰতক ৫-৩ গ’লত পৰাস্ত কৰে। প্ৰতিযোগিতাখনৰ লীগ পৰ্যায়ত জাপানৰ বিৰুদ্ধে ৬-০ গ’লৰ বিজয়ৰ দুদিন পিছত ভাৰতৰ পৰাজয় আহিছে। আজি অনুষ্ঠিত হ’বলগীয়া ব্ৰঞ্জৰ পদকৰ খেলখনত ভাৰতে পাকিস্তানৰ মুখামুখি হ’ব। পাকিস্তানে তেওঁলোকৰ ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ হাতত ৫-৬ ব্যৱৱধাৰাত পৰাজিত হয়।