পুলিৎজাৰ বটা বিজয়ী ভাৰতীয় ফটো সাংবাদিক ডানিচ ছিদ্দিকীলৈ সাংবাদিক সকলৰ শ্ৰদ্ধাঞ্জলি

pc-wikipedia

পুলিৎজাৰ বটা বিজয়ী ভাৰতীয় ফটো সাংবাদিক ডানিচ ছিদ্দিকীলৈ সাংবাদিক সকলৰ শ্ৰদ্ধাঞ্জলি

অনলাইন বাৰ্ত্তাসেৱা– গুৱাহাটী প্ৰেছ ক্লাবে তালিবানিৰ গুলীত নিহত ভাৰতীয় ফটো সাংবাদিক ডানিচ ছিদ্দিকীক শ্ৰদ্ধাঞ্জলি আগবঢ়ায়। গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাংগণত আয়োজন কৰা হয় সাংবাদিক ডানিচ ছিদ্দিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। প্ৰেছ ক্লাবৰ সহঃ সাধাৰণ সম্পাদিকা মনীষা কলিতাই আঁতধৰা অনুষ্ঠানটিত কেইবাটাও সংবাদ গোষ্ঠীৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকি ডানিচলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডানিচ ছিদ্দিকীৰ মৃত্যু ভাৰতৰ নিৰ্ভীক, নিৰপেক্ষ সাংবাদিকতা বাবে এক অপূৰণীয় ক্ষতি । অশান্ত-অস্থিৰ সময়তো নিজৰ কৰ্তব্য আৰু দায়িত্ব পালনত ছিদ্দিকীয়ে আপোচ কৰা নাছিল বুলি উপস্থিত বিভিন্নগৰাকীয়ে মন্তব্য কৰে। আনকি ডানিচ ছিদ্দিকীৰ প্ৰতিখন ফটো জীৱন্ত দলিলৰূপেও অভিহিত কৰে। সাহস, ত্যাগ আৰু নিৰ্ভীকতাৰ প্ৰতি ডানিচৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ভাৰতৰ সংবাদজগত।

(richa)