পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ। বহি:ৰাজ্যত কৰ্মৰ সন্ধানত গৈ ৰহস্যজনক ভাবে মৃত্যু হ’ল বিশ্বনাথৰ বিহালী সমষ্টিৰ ডেকা পথাৰৰ যুৱকজনৰ ।বিশ্বনাথৰ মোনাবাৰীৰ ডেকাপথাৰৰ কুমাৰ লামা নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হৈছে অন্ধ্ৰ প্ৰদেশৰ গোদাবাৰীত৷চেন্নাইত হোটেলত কাম কৰিছিল কুমাৰ লামাই৷ ২১ মে’ত বিশ্বনাথ চাৰিআলি ৰে’লৱে ষ্টেচনৰ পৰা উঠিছিল ৰে’লত৷ অন্ধ্ৰ প্ৰদেশৰ ৰাজমান্দ্ৰী থানাই যোগাযোগ কৰিছে পৰিয়ালৰ লগত৷ মৃত ব্যক্তিজনৰ ফটো প্ৰেৰণ কৰিছে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে৷ ফটোত আঘাতৰ চিন স্পষ্ট কুমাৰ লামাৰ দেহত৷ পৰিয়ালৰ লোকৰ দাবী, হত্যা কৰা হৈছে কুমাৰ লামাক৷কুমাৰ লামাৰ মৃতদেহ ঘৰলৈ ওভতাই আনিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে পৰিয়ালৰ লোকে৷ গহপুৰৰ বাবুল বৰুৱাৰ পিছত পুনৰ বহিঃৰাজ্যত হত্যা কৰা হ’ল অসমৰ যুৱকক।