ছিপাঝাৰ বৰদৌলগুৰিত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত যুৱকৰ মৃত্যু

ছিপাঝাৰ বৰদৌলগুৰিত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত যুৱকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  দৰঙৰ ছিপাঝাৰ বৰদৌলগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বৰদৌলগুৰিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুর্ঘটনাটোত নিহত হয় এগৰাকী যুৱক। এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় বাইক আৰোহী উজ্জ্বল নাথ।অসম চৰকাৰৰ তৃতীয়বৰ্গৰ পদত ২৫ মে’ত নিযুক্তি লাভ কৰিছিল যুৱকজনে । নিহত যুৱকজন বৰদৌলগুৰি ককাইতোলাৰ ২৬ বছৰীয়া উজ্জ্বল নাথ। মঙলদৈৰ পৰা এজন বন্ধুৰ সৈতে সন্ধিয়া ঘৰ অভিমুখে আহিছিল যুৱকজন। বৰদৌলগুৰি চ’কত বিপৰীতমুখী ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু হয় যুৱকজনৰ। সন্ধিয়া নিজ বাসগৃহৰ কাষতে সংঘটিত হয় এই দুৰ্ঘটনা। বাইক আৰোহী আনজন যুৱক সামান্য আহত হয়। ঘটনাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে।আনকি ক্ষুব্ধ ৰাইজে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে।  ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী আৰু প্ৰশাসনৰ লোককো ৰাইজে থকা সৰকা কৰে বিশেষকৈ জনবহুল অঞ্চলটোত উপযুক্ত ট্ৰেফিকৰ অভাৱৰ বাবেই এই শোকাৱহ ঘটনাটি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ।