পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ দায়ৱদ্ধতা আৰু ল’বলগীয়া ভূমিকা -নন্দেশ্বৰ মিলি

Pc- Parents

পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ দায়ৱদ্ধতা আৰু ল’বলগীয়া ভূমিকাঃ

মাক-দেউতাক হ’ল আমাৰ জীৱনদাতা, পালনকৰ্তা আৰু জীৱনৰ দিশ নিৰ্ণয়কাৰী। মাক-দেউতাকে বহুত কষ্ট আৰু ত্যাগৰ বলত ল’ৰা-ছোৱালীক জন্ম আৰু ডাঙৰ-দীঘল কৰা হয় । সেই ক্ষেত্ৰত মাকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ।মাকেই  সন্তানক সৰ্বপ্ৰথমে শিক্ষা প্ৰদান কৰে। সেয়ে কোৱা হয় সন্তানৰ প্ৰথম শিক্ষাৰ কঠীয়াথলী ঘৰখন আৰু সৰ্বপ্ৰথম শিক্ষকগৰাকীয়ে হ’ল মাকগৰাকী।সন্তানৰ শিক্ষা, জ্ঞান, সামাজিক,সাংস্কৃতিক সকলো দিশৰ প্ৰথম অংকুৰণ হয় ঘৰখনৰপৰা। মাক-দেউতাকে ল’ৰা-ছোৱালীক ভালকৈ পঢ়া-শুনোৱা কৰোৱাৰ পাছত জীৱনটো সু-প্ৰতিষ্ঠা লাভ কৰাৰ সপোন দেখে। সেয়ে সন্তানে নিজৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰিবৰ বাবে যিমান দু:খ-কষ্ট কৰে বা চিন্তা কৰে,তাতোকৈ মাক-দেউতাকে নিজৰ সন্তানৰ জীৱনতো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্রত বহুগুণে চিন্তা কৰে।

বৰ্তমান সময়ত শিক্ষা-দীক্ষা ,উচ্চ ডিগ্ৰী-ডিপ্লমাৰে মানুহবোৰে শিক্ষিত হৈ আহিছে।পূৰ্বতকৈ মানুহবোৰে বেছি সচেতন হৈছে বুলি কোৱা হয়।বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ বলত মানুহে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। সূদূৰ আকাশ-মহাকাশৰ বুকুত ভৰি থৈ অথবা সুগভীৰ প্ৰশান্ত মহাসাগৰৰ বুকুত বিচৰণ কৰিছে আৰু অজান এন্টাৰকৰ্টিকা বুকুত অথবা সুউচ্চ এভাৰেষ্ট শৃংগ আৰোহণ কৰি মানুহে নিজৰ বিজয় গৌৰৱ ঘোষণা কৰিছে।মানুহবোৰৰ জীৱন-ধাৰণ,পোছাক-পৰিচ্ছদে আধুনিক যেন দেখায়;কিন্ত্ত মন,মানসিকতাবোৰ এতিয়াও আদিম ,জিংঘাসু প্ৰবৃত্তিৰ।মানুহবোৰৰ ধ্যান-ধাৰণা,চিন্তাবোৰ ইমান তললৈ  অৱনতি হৈছে যে যাৰ ফলত মানুহবোৰে নিজকে উচ্চ শিক্ষিত ,সভ্য আৰু জীৱশ্ৰেষ্ঠ হিচাপে চিনাকি দিব পৰাৰ গুণটো অলপো অৰ্জন কৰিব পৰা নাই বুলি ক’লেও হয়তো বঢ়াই কোৱা নহ’ব।মানুহবোৰে ধৰ্ম, ভাষা, জাতি,বৰ্ণক লৈ বিভেদ কৰিছে।নিজৰ মাক-দেউতাক,ভাই-ভনীক শত্ৰু জ্ঞান কৰে।ধৰ্ষণ,ব্যাভিচাৰ, অপহৰণ,দুৰ্নীতি আদিৰে মানৱ সমাজখন কলুষিত হৈছে।গতিকে তেনে মানসিকতা লৈ মানুহবোৰৰ স্থান উন্নত হোৱাৰ পৰিৱৰ্তে নিম্নগামীহে হৈছে।

বৰ্তমান সময়ত সন্তানবোৰে গুৰু-গোসায় নমনা স্বভাৱৰ বুলি প্ৰায়েই অভিযোগ উঠা দেখা যায়।দায়িত্বহীন,উশৃংখল আৰু বেপেৰোৱা চৰিত্র লৈ বিভিন্ন অকাৰ্য কৰে ।মদ, ভাং,চিগাৰেট, ড্ৰাগছৰ দৰে অপকাৰী দ্ৰব্যৰ কবলত পৰি যুৱ-প্ৰজন্মবোৰ উছন হৈ গৈছে ।মাক-দেউতাকক দাবী-ধমকি দি টকা-পইচা লুট কৰে ,ঘৰ-দুৱাৰ,মাটি-বাৰী বিক্ৰী কৰি দিয়ে।বিভিন্ন অনৈতিক আৰু অসামাজিক কামত জড়িত হৈ পৰিয়াল, অভিভাৱকৰ সন্মান-আদৰ্শবোৰক ধূলিসাৎ কৰে।সেয়ে তেনেবোৰ সন্তানৰপৰা মাক-দেউতাকে বহু দুঃখ,কষ্ট, অপবাদ আদি ভোগ কৰিবলগীয়া হয়।মাক-দেউতাকে নিজৰ সন্তানক লৈ দেখা আশা-সপোনবোৰ কলিতে মৰহি যোৱা দেখি হায়ৰাণ হয়।

মাক-দেউতাকৰ ভাবনা-চিন্তা, ধ্যান-ধাৰণা আদিবোৰৰ লগত সন্তানৰ ভবা-চিন্তাবোৰ নিমিলিবও পাৰে।কাৰণ পিতৃ-মাতৃৰ যুগ আৰু সময়টো বৰ্তমানৰ তুলনাত বহুত বেলেগ আছিল।বিজ্ঞান- প্ৰযুক্তিবিদ্যাৰ আৱিষ্কাৰে আগতকৈ বহু দিশত সলনি কৰিছে।যিহেতু সমাজ,সময়ৰ লগত সংগতি ৰাখি মানুহৰ ধ্যান-ধাৰণাসমূহ গঢ়ি উঠে;সেয়ে মাক-দেউতাকৰ ধ্যান-ধাৰণাৰ লগত তেওঁলোকৰ সতি-সন্ততিৰ ধ্যান-ধাৰণাসমূহ বেলেগ হয়।সেই চিন্তা-ধাৰণাৰ তফাৎৰ ফলত কেতিয়াবা মাক-দেউতাক আৰু সন্তানৰ মাজত বিভেদৰ সৃষ্টি হ’ব পাৰে। সেয়ে এনেবোৰ পৰিস্থিতিত আমি আমাৰ পিতৃ-মাতৃৰ ধ্যান-ধাৰণা সমূহক সন্মান জনোৱাৰ লগতে বৰ্তমানৰ ধ্যান ধাৰণাসমূহকো বিলাই দিবলৈ সচেতনতাৰে আগৱাঢ়িব লাগিব।

পিতৃ-মাতৃ সকলে সন্তানৰ বাবে মিনিটে-ছেকেণ্ডে,প্ৰতিটো পলে-অনুপলে চিন্তা কৰি থাকে।কি খাইছে,কি কৰিছে,ক’ত গইছে,কাৰ লগত আছে, ইত্যাদি ইত্যাদি অনেক ৰকমৰ চিন্তা-ভাৱনাসমূহ কৰে। কোনোদিনে নিজৰ সন্তানক লৈ বেয়াকৈ বা অহিত চিন্তা-চৰ্চা কৰিব নোৱাৰে।এনেহেন পিতৃ-মাতৃক সন্তানে উপযুক্ত সন্মান-শ্ৰদ্ধা কৰিব নজনাটো কিমান পৰিতাপৰ বিষয়।ক’ৰবালৈ যাবলগীয়া হ’লে মাক-দেউতাকক কৈ যোৱা,অনুমতি লোৱা, সেৱা কৰা আদিৰ ধৰণৰ দৃশ্য বা মানসিকতা আজিকালি বিৰল।বৰ্তমান সময়ত ম’বাইল ফোন,কম্পিউটাৰত গেম খেলি,ফেচবুক,ৱাটচপ আদিত ব্যস্ত থাকি নিজৰ মা-দেউতা,আত্মীয়- স্বজনৰ লগত একান্তমনে কথা পতা,সুখ-দুখৰ খবৰ লোৱা,একেলগে খোৱা-বোৱা আদি দেখিবলৈ পোৱা নাযায়। ৰোগীয়া আৰু বয়সস্থ মাক-দেউতাই  এলাগী হৈ নিঃসঙ্গতা আৰু দুঃশ্চিন্তাত ভুগি থাকে।বৃদ্ধ ককা-আইতাকৰ কোলাত বহি নাতি-নাতিনীয়ে সাধু কথা শুনা আৰু চোতালত একেলগে সময় পাৰ কৰা দৃশ্যও আজিকালি নগৰ-মহানগৰৰ সমাজৰ লগতে গাওঁ সমাজতো সুলভ হৈ পৰিল।আজিকালি মাক, আইতাকৰ মুখত নিচুকনি গীত শুনিবলৈ পোৱা নাযায়।তাৰ কাৰণ আমাৰ বৰ্তমানৰ যান্ত্ৰিকতাৰ জীৱনবোৰ।যাৰ ফলত মাক-দেউতাক, পতি-পত্নী,ককা-আইতাক,ভাই-ভনী আদিৰ সেউজী সম্পৰ্কবোৰৰ মাজত ঘূণে ধৰিছে।একক পৰিয়াল প্ৰতিষ্ঠাৰ নামত সন্তানে বিয়া কৰোৱাৰ পাছত বৃদ্ধ মাক-দেউতাকক এৰি বেলেগকৈ থাকিবলৈ লৈছে; অথবা একেলগে থাকিলেও বিভিন্ন নিৰ্যাতন চলোৱাৰ দৰে অপঘটনাবোৰ ঘটিছে।যাৰ বাবে বৃদ্ধ,ৰোগীয়া পিতৃ-মাতৃয়ে অঘৰীৰ দৰে বাটে-ঘাটে বহা, খেদা খোৱা,গালি-শপনি সহ্য কৰা,মাৰা-হত্যা আৰু বৃদ্ধাশ্ৰমত আশ্ৰয় ল’বলগীয়া ঘটনাবোৰ সমাজত ঘটি আছে।

বৰ্তমান সময়ত মানুহবোৰে পিতৃ দিৱস,মাতৃ দিৱস, ভাতৃত্ববোধৰ দিৱস আদিৰ দৰে দিৱস পালন কৰা দেখা যায়। কিন্ত্ত সেই দিৱস এদিনে পালন কৰি কিমানজনে তাৰ তাৎপৰ্য বা প্ৰাসঙ্গিকতা অনুধাৱন কৰিব পাৰে ;সেইটোৱে বিশেষ বিচাৰ্য বিষয়।প্ৰতিটো দিনে আমাৰ মন-মগজু,হৃদয়ত মাক,দেউতা,ভাতৃ-ভগ্নী, আত্মীয়-স্বজন সকলোৰে বাবে সেউজী আৱেগ আৰু সম্পৰ্কবোৰ কঢ়িয়াই ফুঁৰিব লাগে।কাৰণ প্ৰতিটো দিনে তেওঁলোকৰ বাবে সন্তানৰ জীৱন উৎসৰ্গিত হ’ব লাগে,প্ৰতিটো পলে-অনুপলে তেওঁলোকৰ বাবে সাজু থাকিব লাগে। প্ৰকৃততে তেতিয়াহে তেওঁলোকৰ বাবে আমাৰ চিৰ-কৃতজ্ঞতা থাকিব।

মা-দেউতাই নিঃস্বাৰ্থভাৱে,নিঃসংকোচে সন্তানৰ প্ৰতি নিজৰ দায়িত্ব-কৰ্তব্য পালন কৰে।কিমান নিদ্ৰা,কষ্ট,ভোকত থাকিও সন্তানক তুলি-তালি ডাঙৰ দীঘল কৰিছে তাক কোনো মূল্যৰে জুখিব নোৱাৰি। তেওঁলোকে তাৰ প্ৰতিদান কেতিয়াওঁ সন্তানৰপৰা নিবিচাৰে। তাৰ মূল্য কেতিয়াও সন্তানৰপৰা নলয় আৰু আশাও নকৰে। গতিকে তাৰ তুলনাত সন্তানে মাক-দেউতাক দিছে কি? মাক- দেউতাকক লৈ সন্তানবোৰে কিমান চিন্তা-চৰ্চা কৰে? সেইবোৰেই চিন্তা কৰিবলগীয়া বিষয়।তাৰ বিনিময়ত সন্তানবোৰে তেওঁলোকক দিছে দুখ, কষ্ট, বেদনা, বিশ্বাসঘাটকতা আৰু অত্যাচাৰ।গতিকে আমি কোনোদিনে মা-দেউতাৰ চকুলো আৰু ঘামৰ মূল্যক পৰিশোধ কৰিব নোৱাৰোঁ।আমি ধৰুৱা হৈয়ে জীৱন চলিব লাগিব আৰু ধৰুৱা হৈয়ে মৃত্যুবৰণ কৰিব লাগিব।আমি সাতজনম কি শ জনম পালেও কোনোদিনে তাৰ মূল্য পৰিশোধ কৰিব নোৱাৰিম।
সেয়ে সকলোৱে নিজৰ নিজৰ মা-দেউতাকক সন্মান-শ্ৰদ্ধা, যথোপযুক্ত খোৱা-বোৱা,চিকিৎসা ,আদৰ-যতন আদি লোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো বাঞ্চনীয়।

নন্দেশ্বৰ মিলি
নগাঁও,অসম