পিচিলাপাৰা গাঁ‌ৱত অঙ্গনাবাদী কেন্দ্ৰ নিৰ্মাণৰ শুভাৰম্ভনী

পিচিলাপাৰা গাঁ‌ৱত অঙ্গনাবাদী কেন্দ্ৰ নিৰ্মাণৰ শুভাৰম্ভনী।।

১৬আগষ্ট ওদালগুৰি।

বিটিআৰ ওদালগুৰি জিলাৰ ৩১নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বগপুৰি ভি,চি,ডি,চিৰ অন্তৰ্গত পিচিলাপাৰা গাঁ‌ৱত আজি অঙ্গনাবাদী কেন্দ্ৰ স্থাপনৰ সুভউদ্ধোধনী।।
পিচিলা গাঁ‌ৱৰ কন কন শিশু সকলৰ কল্যাণৰ বাবে ৰাইজে অনায়াসে চৰকাৰক দাবী জনাই অহাঁ‌ৰ অন্তত আজি পিচিলাপাৰা গাঁ‌ৱত অঙ্গনাবাদী কেন্দ্ৰ স্থাপনৰ বাবে ফিটা কাতি সুভৰাম্ভনী কৰে খৈৰাবাৰী ব্লক ইউপিপিএলৰ সভাপতি ভূৱন চন্দ্ৰ বড়োয়ে।।
এমজিএনৰেগা আঁ‌চনীৰ সহযোগত ছয় লাখ পচাশী হাজাৰ (৬,৮৫০০০) টকা ধনেৰে অনুমোদন হৈ অহা অঙ্গনাবাদী কেন্দ্ৰ স্থাপনৰ
সুভাৰাম্ভনী কৰা অনুষ্ঠান খনত উপস্থিত থাকে ক্ৰমে বগপুৰি ভি,চি,ডি,চিৰ চিয়াৰমেন মংগল স্বৰ্গিয়াৰী,
ভেৰগাঁ‌ও জিলা ইউপিপিএলৰ সাংগঠনিক সম্পাদক লয়ন স্বৰ্গিয়াৰী,আৰু উপস্থিত খৈৰাবাৰী ব্লক ইউপিপিএলৰ উপসভাপতিসহ পিচিলাপাৰা গাওঁবাসী ৰাইজ উপস্থিত থাকি ব্যাপক সুন্তুষ্টি প্ৰকাশ কৰাৰ পৰিলক্ষিত হয়।

ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভা।