আফগানিস্তানৰ জনপ্ৰিয় ক্ৰিকেটাৰ ৰাছিদ খানে টুইটাৰত বিশ্ববাসীৰ পৰা বিচাৰিছে সহায়

pc Gulf News

আফগানিস্তানৰ জনপ্ৰিয় ক্ৰিকেটাৰ ৰাছিদ খানে টুইটাৰত বিশ্ববাসীৰ পৰা বিচাৰিছে সহায়

অতি নৃশংস,কট্টৰপন্থী,মৌলবাদী শাসকৰ কবলত এতিয়া আফগানিস্তান। আমেৰিকান সেনাই আফগানিস্তান এফালে এৰাৰ লগে লগে তালিবানে দখল কৰিলে আফগানিস্তানৰ ৰাজধানী কাবুলৰ লগতে ৰাষ্ট্ৰপতি ভৱন। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব নোৱাৰা দেশখনৰ ৰাষ্ট্ৰপতিয়েও ইতিমধ্যে পলায়ন কৰিছে।

ক্ৰিকেট প্ৰিয় সকলৰ বাবে অতিকৈ এটা চিনাকি নাম ৰাছিদ খান। নম্ৰ আৰু বিনয়ী স্বভাৱৰ অধিকাৰী ৰাছিদ খানৰ প্ৰদৰ্শনে অতি কম সময়ৰ ভিতৰতে মোহিত কৰিছিল ক্ৰীড়া অনুৰাগীক। সংঘাতৰে পূৰ্ণ এটা জীৱনৰ সৈতে যুজিঁ যুজিঁ আন্তৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰেক্ষাপটত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল ৰাছিদ খানে। এছোৱা অন্ধকাৰ সময়ত শৰণাৰ্থী শিৱিৰত পৰা কৰা ৰাছিদ খানৰ জীৱনলৈ নামি আহিছে আকৌ সেই একেই অন্ধকাৰ। তালিবানৰ শাসন চলা দেশখনত ক্ৰীড়াক্ষেত্ৰত কিদৰে আগুৱাই যাব তাক লৈ বিবুধিত পৰিছে প্ৰতিভাৱান খেলুৱৈ গৰাকী। উপায়ন্তৰ হৈ ৰাছিদ খানে টুইটাৰত বিশ্ববাসীৰ পৰা সহায় বিচাৰিছে। তেওঁ টুইটাৰত জনাইছে কিদৰে তেওঁৰ ক্ৰীড়াক্ষেত্ৰখনত আৰু আগুৱাই যোৱাৰ হেঁপাহ আছে। ৰাছিদ খানৰ এই টুইটটোৱে ভাবুক কৰি তুলিছে বিশ্ববাসীক।

(By Utpal Kalita)