পাঞ্জাবাৰীত দুৰ্বৃত্তৰ গুলীচালনাত পূৰবী ডায়েৰীৰ মেনেজাৰ ৰঞ্জিত বৰাৰ মৃত্যু

Pc Hindustan Times

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ পাঞ্জাবাৰীত পূৰবী ডায়েৰীৰ মেনেজাৰ ৰঞ্জিত বৰাক কোনো দুৰ্বৃত্তই মূৰত গুলীচালনা কৰে।জিএমচিএইচলৈ নিয়াৰ পথতে মৃত্যু হয় বৰাৰ। পূৰৱী ডায়েৰীৰ বিতৰক আছিল নিহত ৰঞ্জিত বৰা।গুলীচালনাত গুৰুতৰভাৱে আহত ৰঞ্জিত বৰাক লগে লগে প্ৰেৰণ কৰা হৈছিল জিএমচিএইচলৈ। কিন্তু হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু হয় লোকজনৰ। বেংকত ধন জমা কৰিবলৈ যোৱাৰ সময়তে গুলীচালনা কৰিছিল দুৰ্বৃত্তই।