ইণ্ডোনেছিয়াত ভূমিকম্পৰ ফলত প্ৰায় ২০ জন লোক নিহত 

Pc Hindustan Times

ইণ্ডোনেছিয়াত ভূমিকম্পৰ ফলত প্ৰায় ২০ জন লোক নিহত 

ৰঙিলী বাৰ্ত্তাসেৱা-  ইণ্ডোনেছিয়াৰ মূল দ্বীপ জাভাত হোৱা ভূমিকম্পত প্ৰায় ২০ জন লোক নিহত হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হৈছে।“এতিয়াৰ বাবে যি তথ্য পাইছো, কেৱল এই চিকিৎসালয়খনত প্ৰায় ২০ জন লোকৰ মৃত্যু হৈছে আৰু কমেও ৩০০ লোকৰ চিকিৎসা চলি আছে। ইয়াৰে অধিকাংশই অট্টালিকাৰ ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ ফলত  সংঘটিত হৈছিল।’- বুলি চিয়ানজুৰৰ প্ৰশাসনৰ মুৰব্বী হাৰ্মান চুহাৰমানে সম্প্ৰচাৰক মেট্ৰ’ টিভিক এইদৰে কয়। পশ্চিম জাভাৰ চিয়ানজুৰত ১০ কিলোমিটাৰ (৬.২১ মাইল) গভীৰতাত স্থলভাগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল আৰু চুনামীৰ কোনো সম্ভাৱনা নাই বুলি বিএমকেজিয়ে জনাইছে।