পনীৰ ভাপা – মৌচুমী দেৱী ৰাজ কটকী

pc Marigoldmaison

পনীৰ ভাপা

মৌচুমী দেৱী ৰাজ কটকী,
গুৱাহাটী

পনীৰ ভাপা প্ৰস্তুত কৰিবলৈ আমাক লগা লাগতিয়াল সামগ্ৰীসমূহ হ’ল –

১/ পনীৰ -২০০গ্ৰাম
২/ মিঠাতেল -২চাহ চামুচ
৩/ ঘিউ -১চাহ চামুচ
৪/ সৰিয়হ -চাহ চামুচ (বগা বা ক’লা যিকোনো এবিধ হ’লেই হ’ব।)
৫/ কাজু বাদাম বা ৰঙা বাদাম:–৮/১০ টা মান।(যিকোনো দিব পাৰে)
৬/ আদা নহৰুৰ পেষ্ট:– ১ চাহ চামুচ
৭/ পিয়াজ:– ২টা (পেষ্ট বনাই ল’ব)
৮/ জিৰা গুৰি:– ১চাহ চামুচ
৯/ ধনীয়া গুৰি :– ১চাহ চামুচ
১০/ জলকীয়া :– ১ ,, ,,
১১/ কেঁচা জলকীয়া:– ২টা (অৱশ্যে সোৱাদ অনুসৰি কম বেছি কৰিব পাৰিব)
১২/নিমখ:– সোৱাদ অনুসৰি
১৩/পানী:– ১কাপমান দিব

এতিয়া এটা কেৰাহীত গোটেইখিনি সামগ্ৰী একেলগে সানি ১০-১৫ মিনিট ৰেষ্ট কৰি থ’ব। তাৰপিছত মেডিয়াম জুইত আধাঘণ্টামান ৰান্ধিব। মাজে মাজে ল’ৰাই থাকিব। তাৰ পিছত যেতিয়াই তেল এৰিব ধৰিব তেতিয়াই নমাই থ’ব। শেষত অকণমান ধনীয়া পাত দি পৰিবেশন কৰিব।