পদুম কৃষ্টি সংঘৰ বহাগী উৎসৱ

pc The Janambhumi

পদুম কৃষ্টি সংঘৰ বহাগী উৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ পদুমবৰীত পদুম কৃষ্টি সংঘৰ উদ্যোগত ৪৬ সংখ্যক বহাগী উৎসৱ উদ্‌যাপন সম্পৰ্কীয় সাধাৰণ সভাখন সংঘৰ সভাপতি কুশল দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হয়৷সভাৰ সিদ্ধান্ত মৰ্মে ১৪,১৫ আৰু ১৬ এপ্ৰিলত তিনিদিনীয়াকৈ বিহু উদ্‌যাপন কৰাৰ বাবে বিমল চন্দ্ৰ দাসক সভাপতি,কুশল দাসক কাৰ্যকৰী সভাপতি,নিৰঞ্জন চন্দ্ৰ দাস আৰু বলেন চন্দ্ৰ দাসক উপ সভাপতি,অজিত কুমাৰ দাস আৰু জিন্টু দাসক যুটীয়া সম্পাদক,চবিন দাস আৰু বিশ্বজিৎ দাসক যুটীয়া সাংস্কৃতিক সম্পাদক,শুক্লেশ্বৰ দাসক কোষাধ্যক্ষ হিচাপে লৈ এখন বিহু উদ্‌যাপন সমিতি গঠন কৰা হয়৷ইচ্ছ্যুক কলা কুশলী,শিল্পীয়ে উক্ত অনুষ্ঠানত গীত-মাত,নৃত্য আদি পৰিৱেশন কৰিব বিচাৰে তেওঁলোকে সাংস্কৃতিক সম্পাদ্বয়ৰ যোগাযোগ কৰিব পাৰে৷যোগাযোগৰ ঠিকনা-পদুমবৰী,ড° বিনয় কুমাৰ তামুলী পথ,গুৱাহাটী-১১৷