পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বিজেপিত যোগদান

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বিজেপিত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা- আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে। তেওঁ নিজৰ নৱগঠিত দল পঞ্জাৱ লোক কংগ্ৰেছ (পিএলচি)- যিটো গেৰুৱা দলৰ সৈতে একত্ৰিত কৰিছে। ৮০ বছৰীয়া ৰিয়ানে মুখ্যমন্ত্রী পদৰ পৰা অনাড়ম্বৰভাৱে প্রস্থান কৰাৰ পাছত কংগ্রেছ ত্যাগ কৰি নতুন দল গঠন কৰিছিল৷ যোৱা ছেপ্টেম্বৰ মাহত দলৰ ভিতৰত ক্ষমতাৰ কাজিয়াৰ ফলত সিঙক পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ কোৱা হৈছিল।