পখিলাৰ আত্মকথা
গায়ত্ৰী দেৱী বৰঠাকুৰ,
তেজপুৰ
পখিলাই ঘড়ীটোলৈ চালে ।তিনি বাজিবৰ হ’ল।দাদাহঁত আহি পাবহিয়েই চোন।ছেঃ ! গোটেই দিনটো আজি ঘৰটো চাফা কৰোতেই গ’ল।অলপ পাছতেই ভোকত আতুৰ হৈ তিনিটি প্ৰাণী ঘৰ সোমাবহি ।তাই লৰালৰিকৈ গাটো ধুই ল’লে। ঘৰ চাফা কৰিলে, ধূলি লাগিলে তাইৰ গাত সৰু- সৰু গুটি কিছুমান হয়। পানী লাগিলে খজুৱাই।পিছে এতিয়া তাইৰ খজুৱালেও সময় নাই।তাই লৰালৰিকৈ কেষ্টৰ অইল’ অকণ সানি ল’লে গুটি কেইটাৰ ওপৰত।কিবা খজুৱালে ‘কেষ্টৰ অইল’ সনাটো তাই বাইদেউৰ পৰাই শিকিছে ।এৰা , বাইদেউৰ পৰা। তাইৰ বাইদেউৰ পৰা তাই বহুত কথাই শিকিছে। বহুত কথাই….।
দাদাহঁত ঘৰ সোমোৱাৰ পাছত দুঘন্টা মানলৈকে তাইৰ আৰু আজৰি নাথাকে ।আনকি এতিয়াই যদি বাথৰুমলৈ গৈ পখিলা আজৰি হৈ নলয় তাই আৰু দুঘন্টা মানলৈ চেপি ধৰি থাকিব লাগিব।পৰী- পলী আহি পোৱাৰ পাছত গাড়ীৰ পৰা বেগ অনাৰ পৰা আৰম্ভ কৰি ভৰি- হাত ধুৱাই , ভাত – পানী খুৱাই, শুৱাই দিয়াৰ পাছতহে তাই বাচন- বৰ্তন ধুবলৈ যাব পাৰে।সেইবোৰ সামৰি – সূতৰি , সকলো ঠিক- ঠাক কৰি চাহ একাপ হাতত লয় মানে পৰী- পলীৰ সাৰ পাবৰে হয়ে। “একেবাৰে শহাকণীয়া এই ছোৱালী দুজনীয়ে বাইদেউকো জানোঁ ক’ম খন নাকত ধৰি চাকত ঘূৰাইছিলে”- – পখিলাই মনতে ভাবে।দুয়োজনী সাৰ পালেই তিনিও মিলি অলপ সময় টি.ভি. চায়।পানী- দুনি খুৱাই লঘূ কিবা এটা দুয়োজনীকে দি পখিলা পাকঘৰত সোমায়।ৰাতিৰ সাজটো অলপ আগতীয়াকৈ যোগাৰ কৰি তাই পৰী- পলীক লৈ বহে গৈ তাহাঁতৰ পঢ়াৰ টেবুলত।
ৰাতি বিচনাত পৰিহে দিনটোৰ কথাবোৰ ভাবিবলৈ সময় হয় পখিলাৰ।মাজে- মাজে তাইৰ অভিমানো জাগে ভগৱানৰ ওপৰত।পৰী- পলীৰ মুখলৈ চালে এক অদ্ভূত শোকে তাইক হেঁচা মাৰি ধৰে।”কিয় এই অন্যায় কৰিলা গোঁসাই ?কিয়?”— পখিলাৰ বুকুখনে হাহাকাৰ কৰি উঠে।
পখিলা তেতিয়া দহ বছৰীয়া আছিল যেতিয়া প্ৰথম এইখন ঘৰলৈ আহিছিল ।পৰীৰ এবছৰীয়া জন্মদিনৰ বিশেষ আলহী (?)আছিল তাই।” কি নাম তোমাৰ? অ’ এইৰ চকুকেইটা দেখোন বৰ ধুনীয়া ‘– অহাৰ লগে- লগে দুৱাৰ খন খুলিয়েই তাইক দেখি কথাষাৰ কৈছিল বাইদেৱে কিৰণক। সেইয়ায়েই আৰম্ভণি বাইদেউৰ লগত তাইৰ এৰাব নোৱাৰা সম্পৰ্কৰ ….। তাই বুজি নাপায় কিয় ইমান ভালপায় তাই বাইদেউক।
“সময় বৰ শক্তিশালী অ পখিলা। সময় বৰ শক্তিশালী”– বাইদেৱে প্ৰায়ে কৈছিলে কথাষাৰ । পখিলাক।এৰা ! হয়তো ।পখিলাই জুকিয়াই চায় সময়।
ই শক্তিশালী সময়ৰ চক্ৰান্তৰ বলি হৈয়েইতো এদিন পখিলাহঁতৰ দেউতাক আঁতৰি গৈছিল তাহাঁতৰ মাজৰ পৰা। প্ৰথমে মাক,দুজনী ভনীয়েক ভায়েকটোক আৰু তাইক এৰি আৰু পিছত পৃথিৱী এৰি। পখিলাৰ মনত পৰে সামান্য এটা কথাতে তাইৰ মাক আৰু দেউতাকৰ এদিন ভীষণ কাজিয়া হৈছিল। পিছদিনা ৰাতিপুৱালৈ তাহাঁতি আৱিস্কাৰ কৰিছিল দেউতাকৰ শূন্য ঠাই।তেতিয়া পখিলা আঠ বছৰীয়া। তাইৰ তলত আৰু তিনিটা…। মাক তেতিয়া ত্ৰিশ বছৰীয়া …!! তাৰপিছত তাঁহাতি হৈ পৰিছিল এখন বেলেগ পৃথিৱীৰ বাসিন্দা ।
মাকে সদায়ে ৰাতিপুৱা কামলৈ বুলি ওলাই যায় আৰু ৰাতি আহি ঘৰ সোমাইহি।পখিলাই স্কুল- তুল বাদ দিলে । তাই ঘৰ খন (?)চম্ভালি ল’লে। ভনী দুজনী আৰু ভায়েকটোক খুৱাই- ধুৱাই স্কুললৈ পঠিয়াই নাকে- কাণে এমুঠি গুজি পখিলাই এঘৰত কেচুৱা ৰাখে গৈ।ভনীয়েকহঁত স্কুলৰ পৰা অহাৰ আগে- আগে তায়ো কামৰ পৰা ঘৰ পায়হি।আৰু সেই একেই ৰুটিন।তাই তাহাঁতৰ যত্নত অকণো কৃপণালি নকৰে। মাক ৰাতি আহি বিচনাত লাঙ খাই পৰে।ৰাতিপুৱালৈ আকৌ কামলৈ ওলাই যায়। তাই মাকক কিবা এটা ক’বলৈ খুজিও ৰৈ যায়।কেঁচুৱা ৰখি পোৱা পইচাৰে তাই চাৰিটা পেট পোহে কোনোমতে। লাহে- লাহে মাকে দুই- তিনিদিনলৈ ঘৰলৈ নহাকৈয়ে থাকিবলৈ ল’লে।” ক’ত যায়’, কি কৰে অ’ তহঁতৰ মাৰ …. এই মানুহজনী , এনেকৈ এই এমা- ডিমা ল’ৰা- ছোৱালী কেইটা এৰি …. ? সেই কাৰণেইটো মতাটো পলাল …!” নাই! একো শুনিব নোৱাৰা হয় পখিলাই ।তাইৰ কিবা এক বিতৃষ্ণা জাগে মাকলৈ …। ” এইবোৰ এৰি ক’ৰবালৈ গুছি যাব পৰা হ’লে ..” — পখিলাই মনতে ভাবে।পিছ মুহুৰ্ততে ভাই- ভনী কেইটাৰ মুখকেইখনে তাইক বৰকৈ আমনি কৰে।পখিলাই বাহী -বন কেইটা কৰি সাউৎতকৈ গাটো তিয়াই আহে গৈ ।
“অ’ ,এইক ক’ত পালে আপোনালোকে? “—- আলহী খুৰী গৰাকীৰ প্ৰশ্নৰ উত্তৰ কি দিলে পখিলাৰ সেই সময়ৰ মালিকে সেই কথা পখিলাৰ মনত নাই ।কিন্তু বুজিলে যে আলহী খুৰীৰ খুবেই প্ৰয়োজন তাইক। কাম একে কেঁচুৱা ৰখা। পাৰ্থক্য এটাই । এখন বেলেগ চহৰলৈ যাব লাগিব পখিলা । ” মই আপোনালোকক ইয়াৰে বেলেগ এজনী ঠিক কৰি দিম।মোক দিয়ক চোন এইক।মানে ছোৱালীৰ বৰ অসুবিধা হৈছে।ময়ো যাব নোৱাৰোঁ। “— আলহী খুৰীয়ে তাইৰ ঘৰৰ ঠিকনা ল’লে।উৰিব পাৰিব বুলি পখিলা আশ্বস্ত হ’ল।কিন্তু কিমান ওপৰলৈ বা দূৰলৈ তাই একো নাজানে ।জানে তাই মুক্তি পাব (?) এই যন্ত্ৰণাৰ পৰা।দেউতাকৰ স্মৃতিৰ পৰা । তাহাঁতৰ ভাৰাঘৰৰ ওচৰ- চুবুৰীয়াৰ গালি- গালাজৰ পৰা।কাষৰ ডেকা- বুঢ়াৰ ঘিণ লগা চাৱনিৰ পৰা…।
” পখিলা শুনচোন, পখিলা এইফালে আহচোন “— বাইদেউৰ মাতবোৰ আজিও কাণত ভাঁহি থাকে পখিলাৰ ।”ইমান কৰ্মী মানুহগৰাকী , ইমান এটা সামান্য(?) অজুহাততে গুছি যাব লাগে নে বাৰু “— পখিলাই সদায়ে ভাবি থাকে এই কথাটোকেই।তাইৰ হাতত কোনো উত্তৰ নথকা এটা কথা ।পখিলাই মাজে- মাজে সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত , প্ৰকৃতিৰ ওচৰত আমি মানুহ যে তেনেই নগন্য, অসহায় এই কথা উপলব্ধি কৰে ।আৰু এই উপলব্ধিয়ে তাইক মুক কৰি পেলায়।চকুকেইটা তিয়াই পেলাই বাইদেৱে।বাইদেউৰ স্মৃতিয়ে বৰকৈ জুৰুলা কৰে পখিলাক ।
“নাই ।নাই তাই ঘৰলৈ ঘূৰি যাব নোৱাৰে।কি পাবগৈ তাই ঘৰলৈ ঘূৰি গৈ ? আপুনি চিন্তা নকৰিব । আমাৰ ইয়াত তাই নিজৰ ঘৰৰ দৰেই আছে।আপুনি আৰু পখিলাক নিবলৈ বুলি নাহিলেই ভালপাব তাই ।”— পখিলাৰ মনত পৰে সেই হঠাতে নোহোৱা হোৱা বাপেকটোৱে তাইক একেবাৰে লৈ যাবলৈ বিচাৰি কমখন দিগদাৰ দিছিল হি নে বাইদেউক আহি।এটা সৰু কথাতে পাঁচটা প্ৰাণীৰ কথা নাভাবি ঘৰ এৰি গুছি যোৱা মানুহটো আকৌ ঘূৰি আহিছিল কাম- কাজ নোহোৱাৰ দিনবোৰত । তাইৰ মাকৰ ওচৰলৈ।মাকে— মাকে আদৰি লৈছিল ।পখিলাই ভালপোৱা নাছিল মাকৰ এই কাৰ্য।ইমানে সহজে ক্ষমা কৰি দেউতাকক আদৰি লোৱাৰ কথাটো তাই মুঠেই মানি ল’ব পৰা নাছিল। মাকৰ ঠাইত তাই হোৱা হ’লে গতা মাৰি বাহিৰ কৰি দিলে হয় ঘৰৰ পৰা।নাই, দেউতাক যেতিয়া সেই কাম কৰিব নোৱাৰে তাই কিন্তু এই দেউতাকৰ এটা সৰু অভিমানেই চোন সলনি কৰি পেলাইছিল পখিলাৰ পাখিৰ ৰঙ।সেইদিনা দেউতাক যদি তেনেকৈ ঘৰৰ এৰি নগ’ল হয় তাইৰ জীৱনো আজি বেলেগ হ’ল হয় …। হয়তো তাই আজি কাৰোবাৰ মাক হ’ল হয়… এজন মৰমিয়াল গিৰীয়েকৰ তাই আদৰুৱা ঘৈণী হ’ল হয়…নাই !!! নাই !! পখিলা ঘূৰি আহিল বাস্তৱলৈ ।” হে ঈশ্বৰ, ক্ষমা কৰিবা মোক , মোৰ ভুল হৈছে । পৰী- পলী জানোঁ মোৰেই সন্তান নহয় আৰু দাদা…?????” আৰু বাইদেউক কেনেকৈ লগ পালোঁ হয়।”– তাই কথাটো অন্য ধৰণৰে ল’লে।তাইৰ পক্ষত।
সেই যে দহবছৰীয়া পখিলা আহি বাইদেউৰ আঁচলৰ তলত সোমাইছিল হি তেতিয়ালৈকে বাইদেউহঁতৰ সংসাৰ আছিল তিনিজনীয়া।তিনিজনীয়া সংসাৰখন তাই অহাৰ দুবছৰৰ বছৰৰ পাছতহে তাইক ধৰি পাঁচজনীয়া হৈছিল ।বাইদেৱে চাকৰি- তাকৰিৰে সতে বৰ ধুনীয়াকৈ আৱৰি আছিল সংসাৰ খন।কলেজ থাকিলেও নাথাকিলেও সদায়ে সোনকালে উঠি সকলো কাম কৰিছিলে বাইদেৱে।কলেজ থকা দিনবোৰত ঘৰৰ সমস্ত কামৰ লগতে পৰীৰো সমস্ত দায়িত্ব পালন কৰি সময়তেই উপস্থিত হৈছিল গৈ বাইদেউ কলেজত।যিদিনা নিৰ্দ্ধাৰিত সময়তকৈ অলপ পলম হয় সেইদিনা ঘূৰি আঁহোতে অলপ গহীন হৈ থাকে বাইদেউ। মুখেৰে একো নকয়। তাই বুজি পায়।পখিলাৰ বেয়াই লাগে বাইদেউলৈ ।ইমান ধুনীয়া মানুহজনী ।ইমান কাম কৰিব পাৰে ।সংসাৰৰ সমস্ত দায়িত্ব বাইদেউৰ। ৰাতিপুৱাই দিনটোৰ বাবে ৰন্ধা- বঢ়া কৰে বাইদেৱে।ৰাতিপুৱাৰ চাহ- ভাতৰ পৰা ধৰি পৰীৰ দিনটোৰ খোৱাৰ যোগাৰ ।তাইৰ , দাদাৰ আৰু নিজৰ বাবে টিফিন আৰু তাৰ পিছত আবেলিৰো খোৱাৰ যোগাৰ বাইদেৱে কৰি থৈ যায়। নহ’লে বিশ কিল’মিটাৰ গাড়ী চলাই আহি ঘৰ পাই ৰন্ধা- বঢ়া কৰিবলৈ বাইদেউৰ সময়ে নোজোৰে। তাৰোপৰি দিনটো মাকক নেদেখা পৰীয়ে মাক আহিলেই মাকক এৰি নিদিয়া হয়।তাৰমাজতেই বাইদেউৰ এখন সৰু বাগিছাও আছিল। ঘৰৰ একমাত্ৰ ছোৱালী আছিল বাইদেউ। কিমান আদৰৰ ! কিমান মৰমৰ।! পখিলাই মাজে- মাজে নিজকে বাইদেউৰ লগত তুলনা কৰি চায়।তাই পাৰিব নে এনেদৰে আগলৈ ।পখিলাৰ চকুত ছবি নিজৰ সংসাৰ খনৰ ।ভৱিষ্যতৰ ।বাইদেউৰ দৰে।নাই।বাইদেউৰ লগত নিজকে তুলনা কৰিবলৈ যোৱাটো তাইৰ ভুল নহয়। পাপ হ’ব…পাপ….।
তাইৰ অহাৰ আগতে বাইদেউৰ লগত কিৰণ আছিল।তাই লগ পাইছিল হি কিৰণক।কিৰণ যোৱাৰ দিনা কি যে পৰিস্থিতি!! আচলতে কিৰণৰ যোৱাৰ মন নাছিল।কিন্তু ঘৰৰ মানুহৰ মতে কিৰণৰ বিয়াৰ বয়স হ’ল।কিৰণ নাযায়।ঘৰৰ মানুহে নেৰে।অৱশেষত কিৰণৰ ঠাই ল’লে পখিলাই।
“বাইদেউক লগ পোৱা সকলে, বাইদেউৰ মৰম পোৱা সকলে সহজে এৰি যাব নোৱাৰে বাইদেউক।তাইতকৈ আৰু বেলেগ প্ৰমাণ কোন হ’ব পাৰে ।কি যাদু কৰিলে বাইদেউ? কি যাদু ?”– পখিলাই মনতে ভাবে আৰু ভাবে।
ইমানবোৰ কামৰ উপৰিও ঘৰ সৰা- মোচা কামটো সহায় কৰি দিছিল বাইদেৱে তাইক । ” তই আমাৰ ঘৰত বিশেষ কাম- কাজ কৰিব নালাগে পখিলা। মাত্ৰ পৰীক নিজৰ ভনী বুলি ভাবিবি আৰু মোক তোৰ মা …মা বুলি ভাবিবি।তাতকৈ বেছি আৰু একো নালাগে পখিলা। তই কুমলীয়া দেহাৰে মোক কাম কৰি খুৱাব নালাগে।” সঁচাই বাইদেউ থকালৈকে একো কামেই কৰি নাপালে পখিলাই।ৰাতিপুৱা পৰী শুই থাকোতেই বাইদেউ গা- পা ধুই আজৰি হয়।গা ধোওতেই চাবোন মাৰি মেচিনত ভৰাই দিয়ে কাপোৰবোৰ ।বৰ চিক্ চাক আছিল বাইদেউ। ক’তো অকণো ধূলি পৰি থাকিবলৈ দিয়া নাছিল বাইদেৱে।মকৰাজালৰ পৰা পাকঘৰৰ চুকটোলৈকে সকলো চিক চিকাই থাকিছিল বাইদেউৰ হাতৰ পৰশত।ৰন্ধা- বঢ়াতো চৌখিন আছিল বাইদেউ ।ধুনীয়া- ধুনীয়া কেক্- বিস্কুট ঘৰতে বনাইছিলে।আলহী আহিলে বিধে- বিধে ৰান্ধি খুৱাইছিলে ।বাইদেউৰ মন আছিল পিছলৈ এখন ‘ৰেষ্টুৰেন্ট’ খোলাৰ । ‘ৰেষ্টুৰেন্টৰ’ খনৰ নামটোও ঠিক কৰিছিলে বাইদেৱে — ‘জিৰণি’। বাইদেউৰ ৰেষ্টুৰেন্টত আহি হেনো সকলোৱে পুলুৱাব পাৰিব ভাগৰ । ল’ব পাৰিব মৰমত জিৰণি।কিন্তু…”কিহৰ ইমান ভাগৰ লাগিল বাইদেউ আপোনাৰ। কিহৰ ইমান ভাগৰ। উঠক বাইদেউ উঠক… ।ক’ত জিৰণি লৈ আছে গৈ ।ঘূৰি আহক বাইদেউ। ঘূৰি আহক। মই নোৱাৰোঁ আপুনি নহ’লে বাইদেউ ।আপুনি নহ’লে মোৰ পাখি মেলি উৰিবলৈ মন নাযায়। একোকে মন নাযায় বাইদেউ …।একোকে..।”
একোকে কৰিবলৈ মন নগ’লেও পখিলাই সকলো কৰিব লগীয়া হয়।কিছুমান নিজৰ ইচ্ছাত।কিছুমান নিজৰ অনিচ্ছাত…।
বাইদেউৰ পৰিয়াল চাৰিজনীয়া হৈ থকালৈকে, পখিলাৰ ভালকৈ মনত আছে ,বাইদেউৰ লিখা- মেলা কৰাৰ নিচা নাছিল।কলেজৰ পৰা আহি পোৱাৰ পাছৰ সময়ছোৱা তেওঁ পৰীৰ লগতে পাৰ কৰিছিলে।সন্ধিয়া চাকি দি মানুহজনী অলপ পৰ বহে ।বাতৰিখন মেলি চাহ একাপ খায়।কলেজৰ কিবা কাম থাকিলেও কৰি লয় এইকণ সময়তেই।এই সময়ত পৰী অকণ শোৱে।
বাইদেৱে নিজৰ কাম সামৰি ভাতৰ যোগাৰ কৰে। কলেজৰ পৰা আহোতে বজাৰ কৰি অনা বস্তুবোৰ গান শুনি- শুনিয়েই ঠিক- ঠাক কৰি থয়।
তাই টি.ভি . চাই থাকে ।” এই চিৰিয়েল সোপা কোনোবাই চাই নেকি? ঘৰতে এনেকৈ লিপষ্টক – কাজল সানি , দামী কাপোৰ পিন্ধি কাজিয়া কৰি থাকে নেকি কোনোবাই।আৰু কাম নাই এই সোপাৰ ।নাৰীৰ চৰিত্ৰ কি এনেকুৱা???”– বাইদেৱে প্ৰায়ে কৈছিলে চিৰিয়েল চোৱাৰ কথা ক’লেই।তাই বুজি নাপায় নাৰীৰ চৰিত্ৰ কেনে হোৱা উচিত? বাইদেউৰ দৰে হোৱা উচিত ।সৎ, নিৰ্ভীক, মৰমিয়াল, সহনশীলা আৰু চৰিত্ৰৱতী। নে মাকৰ দৰে ..। পখিলাই আৰু নাভাবে এই বিষয়ত। ” বুজিছ পখিলা, চৰিত্ৰই মানুহৰ প্ৰধান সম্পদ।এই চৰিত্ৰ নষ্ট হ’লে আঠাই সাগৰত পৰিবি পখিলা ।আঠাই – সাগৰত।তই লাহে- লাহে ডাঙৰ হৈ আহিছ।বাচি খাবি, জাগি শুবি পখিলা ।সংসাৰখন বৰ জটিল অ’ পখিলা। সংসাৰ ইমান জটিল বুলি ময়ো ভবা নাছিলোঁ জান ।চাচোন ,এতিয়া কেনে মেৰপাকত পৰি কক্ বকাই আছে প্ৰতিজন মানুহেই ।তোক মই চাকেনৈয়াত পৰিবলৈ নিদিওঁ পখিলা। ভাল ল’ৰা এটা চাই তোক মই বিয়া দিম। তোক মৰম কৰা, তোক ভালপোৱা , তোৰ হৈ থকা মানুহ এটা তোক মই বাচি- বাচি আনি দিম পখিলা।তই মাথো নিজে একো গণ্ডগোল নকৰিবি।মোৰ তেতিয়া দিগ্ দাৰ হ’ব পখিলা। তই বুজিছ নহয় পখিলা, মই কি ক’ব খুজিছোঁ।” পখিলাই বুজি পায় ।তাই মিচিককৈ হাঁহি এটা মাৰে ।বাইদেৱে ইমান ভালপায় তাইক।সঁচাই এই মানুহ গৰাকী অলপ বেলেগ ধাতুৰে গঢ়া ।ইমান ভালপায় মানুহক ।ইমান কৰিব পাৰে মানুহৰ বাবে! এনে এগৰাকী মানুহক চাগে নিজৰ গিৰীয়েক মানে দাদাই চাগে কম ভালপায় নে?কিমান ধুনীয়াকৈ বুজি পায় চাগে বাইদেউৰ মনটো? আৰু অন্তৰ খন।পখিলাই জানিছিল দাদা- বাইদেৱৰ প্ৰেম বিবাহ আছিল ।ঠিক টি .ভি.ত দেখাৰ দৰেই।চিনেমাত দেখাৰ দৰেই নে ।তাই নাজানে …।
জটিলতাত পৰিবলৈ নিদিওঁ বুলি কথা দি এক জটিল পৰিস্থিতিত তাইক পেলাই থৈ বাইদেউ গুছি গ’ল।শক্তিশালী সময়ৰ নিৰ্দেশ মানি ।ক’ৰবালৈ।ৰাতি- ৰাতি সপোনত আজিও দেখে তাই বাইদেউক ।উচুপি উঠে পখিলা।”এইয়া কি মায়া বাইদেউ? কিয় মোক ইমান মুহিলে বাইদেউ ..কিয়???”
এদিন ৰাতিপুৱা পখিলাই গম পালে বাইদেউহঁতৰ মাজলৈ পলী আহিব।তেতিয়া পৰী তিনিবছৰীয়া। ” তোমাৰ কষ্ট হ’ব নেকি মাজনী?” আলহী খুৰী মানে বাইদেউৰ মাকে বাইদেউক বুজাইছিলে। ” চোৱা মা , এতিয়া মোৰ পয়ত্ৰিশ চলি আছে আৰু যদি দেৰি কৰোঁ তেতিয়া হয়তো আৰু এজনক পৃথিৱীলৈ আদৰি আনিব পৰা ক্ষমতাই নাথাকিবগৈ মোৰ ।আৰু এওঁৰো ইচ্ছা। এইবাৰ যদি…। তোমালোকে মোক শুভেচ্ছা জনোৱা মা। চাবা মা, মই সকলো অনায়াসে পাৰ কৰি যাম।আৰু পখিলা আছে নহয়। তাই সহায় কৰিব নহয় মোক।নে কি ক’ব পখিলা?”– কি ক’ব পখিলাই ।বাইদেউৰ কথা তাই না কৰি পোৱা নাই ।না কৰিব নোৱাৰে তাই। “হ’ব বাইদেউ আপুনি যি কয় , মই সকলো কৰিম আপোনাৰ বাবে।সকলো।”
“সঁচা পখিলা। ”
“সঁচা বাইদেউ। “
দিনবোৰ বাগৰি থাকিল।কণমানি পৰী এতিয়া স্কুললৈ যায়। বাইদেৱে পলীক গৰ্ভত লৈ কলেজলৈ অহা- যোৱা কৰে।আগৰ দৰেই সমস্ত কাম কৰে।তাইক মুঠেই একো কৰিবলৈ নিদিয়ে। পৰীক পঢ়ুৱাই।তাইক পঢ়ুৱাই।
তাৰোপৰি তাই ভালপোৱা কিতাপ আনি দিয়ে ।ফুৰাবলৈ নিয়ে ।পৰীৰ লগত খেলে ।আৰু লিখে … পঢ়ে ।
ইয়ালে আহোঁতে পখিলাই ‘ক’ৰ চুক কেইটাৰ বাহিৰে বাকী সকলো সময়ৰ চক্ৰান্তত পৰি পাহৰি পেলাইছিল।এতিয়া তাই সলসলীয়াকৈ অসমীয়া- ইংৰাজী পঢ়িব পাৰে। তাই ইয়ালৈ আহোঁতেই বাইদেৱে তাইক গধূলিৰ বিশেষ স্কুল এখনত নামো লগাই দিছিলে। পিছে তাইহে মন নকৰিলে ।স্কুললৈ যোৱাতকৈ তাইৰ চোন বাইদেউ ওচৰত পঢ়িয়েই ভাল লাগে।
পলী গাত থকাৰ সময়তেই বাইদেউৰ এটা নতুন নিচা লাগিলে।লেখা- মেলা কৰাৰ নিচা।ইমানবোৰ দায়িত্বৰ পাছতো সময় উলিয়াই বাইদেৱে জাপে- জাপে কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলে ।হাতত কলম উঠাই ল’লে।আৰু খুউব ক’ম দিনৰ ভিতৰতেই মানে পলীৰ দুবছৰীয়া জন্মদিনৰ সময়লৈ বাইদেউ হৈ পৰিল এগৰাকী বিশিষ্ট কবি, লেখিকা, গল্পকাৰ আৰু অনুবাদক। তাইৰ মনত আছে বাইদেৱে এদিন নিজে কৈছিলে,” আচলতে কি জান পখিলা, কবিতা, গল্প বা অন্য বিষয়তকৈ অনুবাদহে মোৰ অধিক প্ৰিয় । জীৱনক অনুবাদ কৰা সহজ নহয়। চাচোন, মই কেনেকৈ অনুবাদ কৰি পেলালোঁ মোৰ দুখ মোৰ সৃষ্টিলৈ…আৰু……” –বাইদেউ মনে- মনে ৰ’ল ।প্ৰথম বাৰলৈ বাইদেউৰ মুখত দুখৰ নাম শুনি পখিলা থতমত খাই ৰ’ল।পখিলা ব্যাকুল হৈ পৰিল…”কি দুখ বাইদেউৰ কি দুখ…ইমান ধুনীয়া এখন সংসাৰ, স্বামী আৰু সন্তান থকাৰ পিছতো কিহৰ দুখ বাইদেউৰ।” তাই একো নুসুধিলে।অজানিতে পখিলাৰ ওচৰত ধৰা পৰি যোৱাৰ ভয়ত বাইদেৱে ফোনটো উলিয়াই ল’লে।পৰী- পলী তেতিয়া টোপনিত।বাহিৰত দাদাৰ গাড়ীৰ শব্দ। পখিলা ওলাই গ’ল।বাইদেৱে বিচনাত বাগৰ দিলে, মূৰতো পেলায়….।
পখিলাৰ মনটো উচপিচাই থাকিল ।সকলোকে আপোন কৰি ল’ব পৰা মানুহগৰাকীৰ , জীৱনক ইমান ভালপোৱা মানুহগৰাকীৰ কিহৰ ইমান দুখ থাকিব পাৰে?পখিলা এতিয়া ওঠৰ- ঊনৈশ বছৰীয়া। এতিয়া তাই বুজিব পাৰে নাৰী মনৰ ভিতৰচোৱা ।তাই মনতে ঠিক কৰি পেলালে।তাই বাইদেউৰ দুখ দূৰ কৰিব ।দুখ উৎস উলিয়াব আৰু সেই উৎসক বাইদেউৰ সুখলৈ পৰিবৰ্তন কৰিব ।পখিলাৰ অনুসন্ধিৎসু মনে এদিন সকলো কথা আৱিষ্কাৰ কৰি পেলালে।তাই শিল পৰা কপৌৰ দৰে থৰ হৈ হ’ল।হাঁহি- মাতি থকা বাইদেউৰ দুখৰ কাৰণ আন কোনো নহয় .. দাদাৰ প্ৰতিটো কামৰে প্ৰেৰণা বাইদেউৰ দুখৰ কাৰণো দাদা।ই কেনেকৈ সম্ভৱ ..!!!!!
পখিলাৰ হাতত এখন সৰু ডায়েৰী।নাম — ‘আত্মগাথা’।ওপৰত বাইদেউৰ হাতৰ আখৰ।
পখিলা যিদিনা বাইদেউৰ ঘৰলৈ আহিছিল সেইদিনাই আলহী খুৰীয়ে বাইদেউৰ কথা মতেই তাইৰ ভনীয়েক দুজনী আৰু ভায়েকটোক অনাথ আশ্ৰম এখন থৈ আহিছিলে গৈ।” পখিলা তয়ো থাকিবি নেকি তাহাঁতৰ লগত “— তাই অহাৰ কেইদিন মান পাছতেই তাইক সুধিছিলে বাইদেৱে।
“নাই বাইদেউ , মই নাযাওঁ।”
” আপোনাক এৰি মই ক’তো নাযাওঁ বাইদেউ। যাব নোৱাৰোঁ বাইদেউ। ” — পখিলা মুখ ফুটাই তেতিয়া ক’ব পৰা নাছিল।অনুশোচনাত ভোগে আজিও তাই ।কিয় সেইদিনাই কৈ নিদিলে বাইদেউক তাইৰ মনৰ কথা ।পিছত দেউতাক ঢুকালে বুলি মাকে ফোন কৰোতে তাইক নি ঘৰত বিশ দিন মানৰ বাবে ঘৰত থৈ আহিছিলে গৈ বাইদেৱে তাইৰ দুশ কিল’মিটাৰৰ দূৰৰ ঘৰ(?) খনত।আগতেও বাইদেৱে তাইক ঘৰলৈ যাবলৈ কয়।বিহুৱে- পূজাই।নাই পখিলা যাব নোৱাৰে। আলহী খুৰী আহিলেই তাই খবৰ লয় মাক- দেউতাকৰ। আৰু মন গ’লে কৰে এটা ফোন। ছমাহত হয়তো এবাৰ । অ ‘ যোৰ কৰি পখিলাক মাজে- সময়ে আশ্ৰমলৈ লৈ গৈছিল বাইদেৱে।দিনটো থাকি আকৌ উভটি আহিছিল সিহঁত।
ক’তো মন বহুৱাব নোৱাৰে পখিলাই বাইদেউ নহ’লে। কলেজলৈ যাওঁতে কিমান বাৰ যে ফোন কৰে তাই বাইদেউকলৈ।মাকৰ লগত কথা পাতোতেও কেৱল বাইদেউৰ কথাই।”বাইদেৱে অমুক কৰে , বাইদেৱে তমুক কৰে।কেৱল বাইদেউ আৰু বাইদেউ। এই দেখোন সকলোতে আপোনাকেই দেখে ।চৌব্বিছ ঘন্টাই কেৱল আপোনাৰ নামৰে ই মালা জপে চোন তাই । ” — পখিলাক আনিবলৈ যাঁওতে তাইৰ মাকে বাইদেউক কোৱা শেষ কথা আছিল সেইয়া। বাইদেৱে পখিলাক মাকৰ লগতে থকাৰ কথা কৈছিলে।নাই পখিলাৰ পাখি দুখন বাইদেউ। তাই নোৱাৰে নিজৰ পাখি দুখন এৰি থাকিব। ” মই মাক আশ্ৰমতেই থ’ম বাইদেউ। ভাইটিহঁতৰ লগত ।মাও সুখী হ’ব ।ময়ো..!”
“বাৰু , ব’ল পখিলা । তোৰ লগত বহুত কথা আছে । তোৰ বাবে ৰাজকুমাৰ এজন চাবলৈ যো- জা কৰিছোঁ অ’ পখিলা।”
পখিলা ঘৰৰ পৰা আহি পোৱাৰ কেইদিন মান পাছতেই পৃথিৱীত আৰম্ভ হৈছিল এক ভয়ানক ৰোগৰ।অচিন এই ৰোগটোৱে সকলোকে গিলি গৈছিল।গোটেই পৃথিবী ভয়ত থৰহৰে কঁপিছিল।’কা ‘ আন্দোলনৰ বিষম পৰিস্থিতিৰ পাছতেই আৰম্ভ হৈছিল এই অচিন ৰোগৰ সংক্ৰমণ।সকলো ঘৰৰ ভিতৰত আৱদ্ধ। গৃহবন্দী। স্কুল- কলেজ , অফিচ – কাছাৰী সকলো বন্ধ। স্তব্ধ হৈ পৰিল জীৱন গতি ।তাৰ মাজতো কিন্তু একে গতিতেই চলি থাকিল বাইদেউৰ কাম -কাজ।লেখা- মেলা বিচাৰি বহুতেই ফোন কৰে। বিশেষকৈ অনুবাদৰ বাবে ।দিনত সময় মিলাব নোৱাৰে বাইদেৱে ।ৰাতি বাইদেউৰ ৰুমৰ লাইট জ্বলি থাকে।বাইদেৱে লিখি থাকে- পঢ়ি থাকে ।ৰাতিপুৱা তিনিটা- চাৰিটা মানত বাইদেউ শোৱে। কেতিয়াবা এঘন্টা। কেতিয়াবা দুঘন্টা। তাৰপিছত একেদৰেই সোনকালেই উঠি কাম- বন কৰি লেখা- মেলাত ব্যস্ত হয় বাইদেউ। আঠ মান বজাত পৰী- পলীহঁতে সাৰ পায়।তেতিয়ালৈ বাইদেউৰ আৰু তাইৰ দুবাৰ চাহ খোৱা হয়।আজিকালি বাইদেউৰ ব্যস্ততা আৰু বাঢ়িল ।পৰীৰ লগতে পলীকো পঢ়ুৱাব লাগে। দুয়োৰে অনলাইন ক্লাচ।নিজৰ ক্লাচ ।সকলো ঠিকে- ঠাকে থকা হ’লে পলীও এইবাৰ স্কুললৈ গ’ল হয়।কিন্তু, এই ক’ৰণাই সকলো শেষ কৰি দিলে …সকলো….।
আজিৰ পৰা চাৰি বছৰৰ আগৰ সেই দিনটো কেতিয়াও নাপাহৰে পখিলাই ।পাহৰিব নোৱাৰে পখিলাই। এটা বছৰ ঘৰতে থকাৰ বাবে ওজন বাঢ়িছিল বাইদেউৰ । চুগাৰো বঢ়াৰ বাবে ৰাতিপুৱা খোজ কঢ়িবলৈ যোৱাৰ বাহিৰে ক’তোয়েই ওলাই যোৱা নাছিল বাইদেউ। বজাৰৰ পৰা অনা বস্তু এটা – এটাকৈ ধুইছিলে নিজে ।কিন্তু তাৰ মাজতেই কোনোবা ফাঁকেৰে বাইদেউৰ শৰীৰত প্ৰৱেশ কৰিলে ক’ভিড নাইনটিনৰ ভয়াবহ বীজানুয়ে ।প্ৰথমে জ্বৰ তাপিছত টেষ্ট ।ক’ৰণা । বাইদেউৰ ক’ৰণা। আৰু মাত্ৰ পাঁচদিন….মাত্ৰ পাঁচদিনৰ ভিতৰতে সুলকি পৰিল পখিলাৰ পাখি।বাইদেৱে ঘূৰি নহা দেশলৈ কৰিলে অনন্ত যাত্ৰা। কি পৰিৱেশ হৈছিল ঘৰখনৰ! মানুহ ভালপোৱা মানুহগৰাকীক শেষ বিদায় জনাবলৈ কোনোয়েই যাব নোৱাৰিলে ।আনকি পৰী- পলীও ।আনকি তায়ো। কেনেকৈ যে চম্ভালি লৈছিল নিজকে পখিলাই!!কেনেকৈ যে চম্ভালি লৈছিল সকলোকে?পৰী- পলীৰ চকুলৈ চাব পৰা নাছিল তাই।অনবৰতে দুৱাৰ মুখত ৰৈ চাই থাকে পদূলিলৈ। “মা কেতিয়া আহিব পখিলা বা , কোৱা না বা কোৱাচোন?” ” মায়ে খুৱাই দিলেহে খাম বুলি , মায়ে গ’লেহে যাম বুলি ঠেহ পাতি থকা পৰী- পলীহঁতে এবছৰ মান পাছত বুজি ল’লে যে মাক হয়তো আৰু কেতিয়াও নাহে।যেনেদৰে এদিন পখিলাই বুজি পাইছিল দেউতাকে প্ৰথম বাৰলৈ তাহাঁতক এৰি যাঁওতে ।এতিয়া তাই ভালদৰেই বুজিব পাৰে পৰী- পলীৰ মনৰ অৱস্থা। পখিলা ভাগি পৰে । দুয়োজনীৰ অন্তঃজগত খনত বিচৰণ কৰে , তাহাঁতৰ দুখ উপলব্ধি কৰি।
ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে পখিলা পৰী- পলীৰ লগৰী হৈ পৰিছিল।আগতকৈও বেছি। লাহে- লাহে দুয়োজনী অলপ সুস্থিৰ হ’ল।সুস্থিৰ হৈ পৰিল পৃথিৱীও।স্কুল – কলেজৰ লগতে জীৱনো আকৌ আগৰ দৰে ব্যস্ত হৈ পৰিল।ব্যস্ত হৈ পৰিল দাদাও । ফোনত।মাথোঁ বাইদেউ স্মৃতিৰ মাজত অকলেই থাকি গ’ল পখিলা । থাকি গ’ল বাইদেউ হোৱাৰ প্ৰস্তুতিৰ মাজত।
কিন্তু তাই পাৰিব জানোঁ বাইদেউ হ’ব????
“ইহঁতি দুজনীৰ বাবেই তুমি আকৌ বিয়া কৰোৱা দুষ্যন্ত।”– আলহী খুৰীয়ে দাদাক ফোনতে কোৱা কথাষাৰ শুনি থৰ হৈ পৰিল পখিলা।দাদাকে কি উত্তৰ দিয়ে তাকে শুনিবলৈ তাই বাট চালে।নাই একো নক’লে তেখেতে।এনেয়ো বৰ কম কথা মানুহজনে।অলপ গহীন ফোনটো থৈছোঁ বুলি আঁতৰি গ’ল দাদাক তাৰ পৰা।
যি দুখ বুকুত বান্ধি এখন সুখৰ সংসাৰ ৰচিছিল বাইদেৱে সেই সংসাৰত অন্য এগৰাকীৰ প্ৰৱেশ তাই মানি ল’ব নোৱাৰে ।এইখন বাইদেউৰ আৰু বাইদেউৰ ঘৰেই হৈ থাকিব । পখিলা আগুৱাই গ’ল দাদাকৰ ৰুমৰ ফালে।
“দাদা, আপুনি কি ভাবিলে কথাটো?”
“কোনটো কথা?”
অথনি আলহী খুৰীয়ে কোৱা কথাটো।(পখিলাই ‘আলহী খুৰী’ বুলিয়েই কয় বাইদেউৰ মাকৰ কথা।)
“মই ….”
“আপুনি নোৱাৰে দাদা, আপুনি আন কাকো এই ঘৰত আনি সুমুৱাবহি নোৱাৰে। মই থকালৈকৈ…”।
” পখিলা!!!!!
তই কেনেকৈ থাকিবি আমাৰ লগত।কিমান দিননো আৰু ৰাতি- ৰাতি তোক ৰখিবলৈ আহিব মালতী বাই।আৰু লাহে লাহে তোৰো বিয়াৰ কথা ভাবিবৰ হ’ল । বাইদেৱে অলপ আগুৱাইছিলেই কথাবোৰ।পিছে ক’ৰণাই……” আধাতে ৰৈ গ’ল দাদা।
“মই বিয়া নহওঁ দাদা। “
“বিয়া নহ’লেও তই কেনেকৈ থাকিবি এইখন ঘৰত?তয়ো আশ্ৰমলৈকে যা গৈ যা পখিলা ।”
“আশ্ৰমলৈ, পৰী- পলীক , আপোনাক এনেদৰে এৰি থৈ ! মোৰ বাবে এই খনেই আশ্ৰম দাদা। বাইদেউৰ আশ্ৰম। বাইদেউ বিহীন পখিলা নামৰ অনাথৰ বাবে এই আশ্ৰমেই শ্ৰেষ্ঠ আশ্ৰম।পূণ্য আশ্ৰম।
আৰু দাদা, মই বহুত কথাই জানো। আপোনাৰ আৰু বাইদেউ মাজৰ বহুত কথাই জানোঁ মই । পৰীৰ জন্মৰ পাছত অলপ- অলপকৈ আৰম্ভ হৈ পলীৰ জন্মৰ পৰাই যে আপোনালোকৰ মাজত স্বামী- স্ত্ৰীৰ একো সম্পৰ্কই নাছিল সেই কথা মই জানোঁ ।আপুনি পুত্ৰ সন্তান বিচাৰিছিলে দাদা!!পালে পৰীক। পুত্ৰৰ আশাত আকৌ পালে পলীক…।আপুনি উদাসীন হৈ পৰিল।আপোনাৰ উদাসীনতাই বাইদেউক মানসিক ভাৱে অশান্ত কৰি তুলিছিল।ৰাতি- ৰাতি টোপনি ক্ষতি কৰি লেখা- মেলা কৰি , দিনটো অলপ জিৰণি নোলোৱাকৈ যি শাস্তি বাইদেৱে নিজক দিছিলে সেই শাস্তিয়েই বাইদেউক দুৰ্বল কৰি তুলিছিল। আৰু তাৰে সুযোগ ল’লে ক’ৰণাই।আৰু বেলেগক মই এই সুযোগ দিব নোৱাৰো দাদা। আপুনি উদাসীন হৈয়ে থাকক দাদা, মাথো মোক প্ৰদান কৰক ইহঁত দুজনীৰ মাকৰ স্বীকৃতি। “
“পখিলা, কি কৈছ এইবোৰ তই।”
অ’ দাদা, মই ঠিকেই কৈছো ।বাইদেউৰ স্মৃতিয়েই হ’ব মোৰ আত্মগাথা । পখিলাৰ আত্মগাথা আৰু আৰু বাইদেউৰ সংসাৰ খনেই মোৰ জীৱন। মই বাইদেউক কথা দিছিলোঁ দাদা।মই বাইদেউক কথা দিছিলোঁ। “