তাণ্ডৱ আৰু লাস্য নৃত্য- জ্যোতিস্মিতা গোস্বামী শৰ্মা

Pc Durmor.com

তাণ্ডৱ আৰু লাস্য নৃত্য

জ্যোতিস্মিতা গোস্বামী শৰ্মা

তাণ্ডৱৰ অৰ্থ হ’ল উগ্ৰ ক্ৰিয়াকলাপ। এই নৃত্যৰ প্ৰৱৰ্তক দেৱাদিদেৱ মহাদেৱ। তাণ্ডৱ নৃত্য মহাদেৱৰ দ্বাৰা কৰা অলৌকিক নৃত্য।
মহাদেৱৰ পদাঘাতত পৃথিৱী আৰু হাতৰ সঞ্চালনত নক্ষত্ৰমণ্ডল গতিমান হয়। কোৱা হয় “নৃত্য ময়াং জগত”অৰ্থাৎ সমস্ত সংসাৰে নৃত্যময়। শিৱৰ নৃত্যত আৱিষ্কাৰ হোৱা মূদ্ৰাক তণ্ড(নন্দী স্বৰ) সংকলিত কৰি লয়, তালত অভ্যাস কৰে।
ভৰত মুনিএ ব্ৰহ্ম দেৱৰ আজ্ঞানুসৰি কৈলাস পৰ্বতত শিৱৰ সন্মুখত “ত্ৰিপুতদাহ”নামৰ নাটক প্ৰস্তুত কৰে। নাটক খনত শিৱই নৃত্য প্ৰয়োগ কৰিবলৈ উপদেশ দিয়াৰ লগতে তেঁওৰ প্ৰিয় শিষ্য তন্দুক ভৰত মুনিক নৃত্য শিক্ষা দিবলৈ আদেশ দিয়ে। এইদৰে তন্দুৰ দ্বাৰা নৃত্য শিক্ষা দিয়া বাবে শিৱৰ প্ৰসিদ্ধ নৃত্যক তাণ্ডৱ নৃত্য বোলে। ভৰত মুণিয়ে তেঁওৰ পুত্ৰক নৃত্য শিক্ষা দিয়াত জনমানসত ই প্ৰচাৰিত হয়।
তাণ্ডৱৰ প্ৰকাৰ:আনন্দ তাণ্ডৱ, ত্ৰিপুৰা তাণ্ডৱ, সন্ধ্যা তাণ্ডৱ, সমৰা তাণ্ডব,কালিকা তাণ্ডব,উমা তাণ্ডব, শিৱ তাণ্ডব, কৃষ্ণ তাণ্ডৱ আৰু গৌৰী তাণ্ডব । ইয়াৰে শিৱ তাণ্ডবত ১৭টা শ্লোক আছে। শ্লোক কেইটা লঙ্কাপতি ৰাৱনৰ দ্বাৰা ৰচিত।
লাস্য নৃত্য: মাতা পাৰ্বতীৰ সুকোমল অঙ্গৰ দ্বাৰা ৰচিত নৃত্যক ” লাস্য” নৃত্য বোলে। পাৰ্বতীয়ে এই নৃত্য বানাসুৰৰ কন্যা ঊষাক প্ৰদান কৰে আৰু উষাই দ্বাৰকাৰ স্ত্ৰী সকলক নৃত্য শিক্ষা দিয়ে। এই দৰে পাৰ্বতীৰ দ্বাৰা নিৰ্মিত লাস্যনৃত্য পৃথিৱীত অৱতাৰ হয়। লাস্য নৃত্য হ’ল স্ত্ৰী নৃত্য।
বীৰ, বিভৎস, ৰৌদ্ৰ , অদ্ভুত আদি ৰসযুক্ত উদ্ধত নৃত্য হ’ল “তাণ্ডব নৃত্য”আৰু শৃংগাৰ প্ৰধান বৃত্তিৰ দ্বাৰা আবেষ্টিত নৃত্য হ’ল “লাস্য নৃত্য”। মূলতঃ শিৱৰ নৃত্যক”তাণ্ডৱ নৃত্য”আৰু পাৰ্বতীৰ নৃত্যক “লাস্য নৃত্য”বুলি কোৱা হয়।