নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপন

pc- Sentinel Assam

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপন

অনলাইন বাৰ্ত্তাসেৱা- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি বিশ্ববিদ্যালয়ে আয়োজন কৰা চিত্রাংকন আৰু পোষ্টাৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰে। মুঠ ১৬৭ প্রতিযোগীয়ে অংশগ্রহণ কৰা দুটা প্ৰতিযোগিতাৰ শাখাসমূহ স্কুলৰ শিক্ষাৰ্থীৰ পৰা মহাবিদ্যালয়/বিশ্ববিদ্যালয় আৰু বিশিষ্ট বঁটা প্ৰাপকসকলক বাদ দি সকলো ব্যক্তিৰ বাবে মুকলি আছিল। চিত্রাংকন প্রতিযোগিতাৰ ‘ক’ শাখাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্রেণী শিক্ষাৰ্থীসকল আৰু ‘খ’ শাখাত ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ শিক্ষাৰ্থীসকলক সামৰি লোৱা হৈছিল। চিত্রাংকন প্রতিযোগিতাৰ ফলাফল অনুসৰি ‘ক’ শাখাত প্রথম এছ অভিনৱ, দ্বিতীয় চান্দশী শৰ্মা, তৃতীয় দীপ্তাংশ দাস। ‘খ’ শাখাত প্রথম জিণ্টি বৰ্মন, দ্বিতীয় সাগৰিকা শৰণীয়া, তৃতীয় ভি মৈথিলী। আনহাতে পোষ্টাৰ প্ৰতিযোগিতাৰ ‘ক’ শাখাত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সামৰি লোৱা হৈছিল আৰু ‘খ’ শাখাত মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীৰ লগতে বিশিষ্ট বঁটাপ্রাপকসকলক বাদ দি যিকোনো ব্যক্তিক সামৰি লোৱা হৈছিল। পোষ্টাৰ প্রতিযোগিতাৰ ফলাফল অনুসৰি ‘ক’ শাখাত প্ৰথম ইলা দেৱী, দ্বিতীয় নৱনীত অগষ্ঠ, তৃতীয় উজ্জ্বল বৰদলৈ। ‘খ’ শাখাত প্ৰথম ৰেবেক ৰোথাংগ মাৱি লেইৰি, দ্বিতীয় পিন্টু শীল, তৃতীয় সবিথা চিবুকুলা। নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ বছৰীয়া জয়ন্তী উদ্‌যাপনৰ সামৰণিৰ বিশেষ অনুষ্ঠানত বঁটা প্ৰদান কৰা হ’ব।

 

(RT)