নিথৰ- ৰাহুল কোঁৱৰ

Pc Twitter

নিথৰ

তেওঁক লগ পাইছিলোঁ তেতিয়াই
যেতিয়া মই মৰ্মসত্বাত ভুগিছিলোঁ ,
তেওঁ কৈছিল ?
তুমি এখন ডায়েৰি লেখিবা
তোমাৰ স্বপ্নৰ দৰে খোৰোকি থকা
মৰ্মস্পৰ্শী কথাবোৰ তাতেই টোকা স্বৰুপে লেখি থবা ।
এই জীৱনটোৱে হৈছে আজব
ভিতৰি ভিতৰি জ্বলি থাকে নিঃশব্দ হৈ
মনতে তোৰণ সাজে যিবোৰ কথা ,
হয়তো তুমি,মই,আপুনি,তেওঁ নুবুজা …..
মাথোঁ শ্ৰোতাশ্ৰেণী নৈ নিৰ্জন পানী নিচিনাকৈ
দুৰ দিগন্তৰ দিশত বৈ বৈ গতি কৰে ।
অৱশেষত এদিন জীৱনে
নদীৰ গৰা দৰে খহি যায়
তেতিয়া ছাগে জীৱনৰ ডায়েৰিখন
এপাত এপাত কৈ পৃষ্ঠাবোৰ
নি:শেষ হৈ ৰয়।

ৰাহুল কোঁৱৰ
তিনিচুকীয়া