তেওঁ তাই আপুনি আৰু ..-নৱযানী বৰুৱা শইকীয়া

Pc Unsplash

তেওঁ তাই আপুনি আৰু ..

 

আপুনি বাৰু সঁচাকৈ কাৰোবাৰ বাবে ঘণ্টা ধৰি অনলাইনত ৰৈ পাইছে নেকি ? কাৰোবাৰ এটা মেছেজৰ আশাত ঘনে ঘনে মোবাইলৰ দিছপ্লেত চকু থৈছে নেকি ? কাৰোবাৰ খবৰ নাপালে, কাৰোবাৰ পৰা ৰিপলাই নাপালে অথবা কোনোবা অনলাইনত আছে নেকি মনে মনে জুপি চাই আছে নেকি ? আপুনি কাৰোবাৰ পুৰণি মেছেজ বোৰ দিনটোত কেইবাবাৰোপঢ়িছে নেকি ? বুকুখনত বিষ বিষ অনুভৱ কৰিছে ? ৰাতি উজাগৰে আছে ? নিশ্চিতভাৱে আপুনি কাৰোবাৰ প্ৰেমত পৰিছে। হয় , আপুনি প্ৰেমত পৰিছে। এই প্ৰেমৰ অনুভূতিৰ কোনো তুলনা নাই। আপুনি কিশোৰ কিশোৰী হব পাৰে, আপুনি আদ বয়সীয়া পুৰুষ মহিলা হব পাৰে আপুনি বৃদ্ধ বয়সলৈ গতি কৰা ব্যক্তিও হব পাৰে। প্ৰেমে যিদৰে জাতিকুল নামানে, একেদৰে প্ৰেমে বয়সৰ পৰিসীমাৰ পৰাও দূৰত থাকে। এই প্ৰেমত কোনো স্বাৰ্থ নেথাকে, নেথাকে কোনো প্ৰতিশ্ৰুতি। মাথোঁ দুয়ো দুয়োৰে লগত সময় কটাব বিচাৰে। অন্তৰৰ কথাবোৰ খুলি কব বিচাৰে, শুনিব বিচাৰে। শুকান নৰাও তেতিয়া লহ পহকৈ বাঢ়ি অহা জীপাল সেউজ যেন লগা হয়। আপুনি এটা সপোনৰ মাজত সোমাই পৰে। চাৰিওফালে কেৱল তেওঁক বিচাৰে, তেওঁৰ অস্তিত্ব অনুভৱ কৰে।বাকী সকলোবোৰ এতিয়া আপোনাৰ কাৰণে অৰ্থহীন। কুৎসিত দেখে আপোনাৰ সন্মুখত বহি থকা সুদৰ্শন যুৱক অথবা লাবন্যময়ী যুৱতীক। লাহে লাহে আপোনাৰ মনত ভয়ে বাঁহ সাজিবলৈ আৰম্ভ কৰে। তেওঁ বাৰু অন্য কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈছে নেকি ? তেওঁ যে অনলাইনত আছে , কাক মেছেজ কৰিছে বাৰু ?কল ৱেইটিং ? তেওঁ কাৰ লগত কথা পাতিছে ? ফোন অফ ? তেওঁ বাৰু কাৰোবাক সময় দিছে নেকি ? ইত্যাদি ইত্যাদি এশ এটা চিন্তাই ভয়ে আপোনাক খুলি খুলি খাবলৈ লব। বিপৰীত জনে কিন্তু আপোনাৰ মনৰ অৱস্থা ধৰিব নোৱাৰিব পাৰে, হয়তো আপোনাক তেওঁ বুজি পোৱাত ভুল কৰিব পাৰে। এটা সময়ত আপুনি তেওঁক চকুৰ পৰা আঁতৰ হোৱা সহ্য কৰিব নোৱাৰা হ’ব। তেওঁৰ অৱৰ্তমান আপোনাৰ বাবে চৰম শাস্তি যেন লগা হব।আপুনি তেওঁক বিচাৰিব, কিন্তু হয়তো তেওঁ সময় দিব নোৱাৰিব পাৰে। আপোনাৰ চিন্তা বাঢ়িব। তেওঁ আপোনাৰ এই ব্যাকুলতাক, সন্দেহ নাম দিব। তেওঁ আপোনাৰ এই স্বাৰ্থ, যত মাথোঁ আপুনি তেওঁক নিজৰ হৈ থকা বিচাৰিছিল , হয়তো তেওঁ বন্দীত্ব নাম দিব।আৰু তেতিয়াই তেওঁ প্ৰতিবাদ কৰিবলৈ লব।আপোনাৰ অনুৰোধ তেওঁৰ আদেশ যেন লগা হব। তেওঁ ভাৱিব, আপুনি তেওঁক পৰিচালনা কৰিবলৈ লৈছে, তেওঁৰ স্বাধীনতা কাঢ়ি নিছে। তেওঁ কিন্তু আপোনাৰ হৃদয়ৰ গভীৰতা খিনি তিল মানো উপলব্ধি কৰিবলৈ চেষ্টা নকৰিব পাৰে। আপুনি হাজাৰ চেষ্টা কৰিও তেওঁক আপোনাৰ অনুৰোধ মনাব নোৱাৰে। এনে পৰ্যায় আহিব পাৰে, তেওঁ হয়তো আপোনাক কবলৈ দিগ্ধাবোধ নকৰিবও পাৰে যে তেওঁ এতিয়া নিজৰ মতে থাকিব বিচাৰে।আপুনি তেতিয়া বুজিব আপোনাৰ প্ৰয়োজন তেওঁৰ জীৱনত অন্ত পৰিছে।

নৱযানী বৰুৱা শইকীয়া, ডিগবৈ
জিলা তিনিচুকীয়া, অসম।