নলবাৰীত “গলবিলেনী” কাব্য সংকলন উন্মোচন

 নলবাৰীত “গলবিলেনী” কাব্য সংকলন উন্মোচন

অনলাইন বাৰ্ত্তাসেৱা- নলবাৰীৰ জাপাৰকুছি নিবাসী কবি নিবেদিতা হাজৰিকাৰ বাসগৃহত চম্পক তালুকদাৰদেৱৰ দ্বাৰা সম্পাদিত আৰু সাঁকো প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কাব্য সংকলন “গলবিলেনী” ৰ শুভ উন্মোচন হৈ যায় । এয়া তালুকদাৰদেৱৰ দ্বিতীয়খন প্ৰকাশিত গ্ৰন্থ। এক সুন্দৰ অনুষ্ঠান, লগতে কবিতা পাঠৰ সন্ধিয়া । উল্লেখ্য যে এই অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে স্মৃতি ৰেখা সোনোৱাল। বিশিষ্ট কবি, নাট্যকাৰ অজিত মহন্তদেৱৰ সঞ্চালনাত নৱজ্যোতি পাঠক, শান্তনু শৰ্মা, নিতুল কুমাৰ দত্ত, ৰীতা শৰ্মা, নিবেদিতা হাজৰিকা, দ্বীপ শালৈ, জয়চন্দ্ৰ শৰ্মা, ৰমেন ৰাজবংশী আদি কবিবৃন্দই কবিতা পাঠ কৰি সন্ধ্যাটো জীপাল কৰি তোলে। বিশিষ্ট কবি ড০ বিনয়কুমাৰ মজুমদাৰ ছাৰে কবিতা সমূহৰ পৰ্যালোচনা আগবঢ়ায়।