নতুন দিল্লীত কৃতী শিক্ষকক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান ৰাষ্ট্ৰপতিৰ

নতুন দিল্লীত কৃতী শিক্ষকক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান ৰাষ্ট্ৰপতিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  শনিবাৰে দেশজুৰি ৬৫ সংখ্য়ক ‘শিক্ষক দিৱস’ পালন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত সমগ্র দেশৰে ৪৮ গৰাকী কৃতী শিক্ষকলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰে।দেশৰ ৪৮ গৰাকী কৃতী শিক্ষকৰ ভিতৰত অসমৰ দুই কৃতী শিক্ষক আছিল ৷ তেওঁলোক হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক অংকুৰণ দত্ত আৰু যোৰহাট উত্তৰ-পশ্চিম শিক্ষাখণ্ডৰ অন্তৰ্গত আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেশ বৰদলৈ ৷ কৃতী শিক্ষকসকলক সম্বোধন কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, “স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকীৰ প্ৰাকক্ষণত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছো ৷ যি সমাজে শিক্ষকক সন্মান কৰে, তেনে সমাজেহে প্ৰগতি লাভ কৰে ৷  অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি মুর্মুৱে কয় যে আমাৰ সংবিধানে দিয়া সুযোগৰ সমতাৰ আদৰ্শ বাস্তৱায়নৰ আটাইতকৈ কাৰ্যকৰী মাধ্যম হ’ল শিক্ষা। তেওঁ কয় যে শিক্ষকসকলৰ প্ৰচেষ্টাৰ ফলতেই প্রাথমিক বিদ্যালয়ৰ শিক্ষার্থীসকলে বিদ্যালয় এৰি যোৱাৰ হাৰ নগণ্য পৰ্যায়লৈ নমাই অনাটো সম্ভৱ হৈছে। এই ৰাষ্ট্ৰীয় সাফল্যৰ বাবে সকলো শিক্ষককে তেওঁ ভূয়সী প্রশংসা কৰে। তেওঁ কয় যে বিদ্যালয় শিক্ষা হ’ল শিক্ষা ব্যৱস্থাৰ ভিত্তি। জ্ঞান আৰু দক্ষতা যিকোনো সময়তে অৰ্জন কৰাটো সম্ভৱ হ’লেও শৈশৱত লাভ কৰা উত্তম আচৰণৰ শিক্ষা অধিক ফলপ্রসূ। প্রাথমিক পৰ্যায়ৰ পৰাই শিশুহঁতৰ বুদ্ধি-বৃত্তিক শাৰীৰিক তথা নৈতিক বিকাশৰ ওপৰত গভীৰ মনোযোগ প্ৰদানৰ জৰিয়তে আমাৰ শিক্ষকসকলে ভৱিষ্যৎ প্ৰজন্মৰ বাবে মেধাৱী শিক্ষার্থী আৰু দায়িত্বশীল নাগৰিক গঢ়ি তুলিব পাৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ উন্নয়নত শিক্ষাগত উৎকর্ষ, দক্ষতা উন্নয়ন আৰু উদ্যোক্তাসত্তাৰ বিকাশ অত্যন্ত গুৰুত্বপূৰ্ণ। ভাৰতক বিশ্বৰ দক্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা আৰু এটা জ্ঞানভিত্তিক মহাশক্তিলৈ ৰূপান্তৰিত কৰাটো আমাৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ অন্তর্ভুক্ত। তেওঁ কয় যে আমি যি বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে আগুৱাই গৈছোঁ আৰু এইক্ষেত্ৰত বিশ্বমানৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তেহে এই লক্ষ্য অর্জন কৰাটো সম্ভৱ হ’ব পাৰে। আমাৰ শিক্ষকসকলেই শিক্ষা ব্যৱস্থাত প্রাণসঞ্চাৰ কৰে। আমি নিশ্চয়কৈ এনে প্রচেষ্টা চলাব লাগিব, যাতে দেশৰ প্ৰতিজন শিক্ষার্থীয়ে মানসম্পন্ন শিক্ষাৰ সুযোগ লাভ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া নহয়। আমাৰ শিক্ষকসকলে তেওঁলোকৰ মৰম তথা  নিষ্ঠাৰ জৰিয়তে সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞান, প্ৰেৰণা, নৈতিকতা, সংবেদনশীলতা জগাই তুলিব লাগিব  বুলি ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।