নগাঁও জিলাৰ আউনিআটিত পথ দুৰ্ঘটনা

নগাঁও জিলাৰ আউনিআটিত পথ দুৰ্ঘটনা

দেৱাশীষ গোস্বামী,নগাঁও, ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ আউনিআটি চাৰিআলিত যোৱা কালি দিনৰ ১মান বজাত এখন মাৰুতি ছুইফট ডিজায়াৰ আৰু এখন মাৰুতি চেলেৰিঅ’ৰ মাজত মুখামুখি সংঘৰ্ষ হয়।উল্লেখযোগ্য যে ৰূপহী ফালৰ পৰা কঢ়ালী গাওঁ হৈ আহি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চেলেৰিঅ’ গাড়ীখন উঠিবলৈ লওঁতে পুৰণিগুদাম অভিমূখি ডিজায়াৰ গাড়ীখনে প্ৰচণ্ড জোৰত খুন্দা মাৰে।যাৰ ফলস্বৰূপে চেলেৰিঅ’ গাড়ীখনৰ আংশিক ক্ষতি হোৱাৰ লগতে ডিজায়াৰ খন সম্পূৰ্ণৰূপে বিধস্ত হোৱাৰ লগতে কাষতে থকা নৰ্দমাটোত বাগৰি পৰে।অৱশ্যে এতিয়ালৈকে কোনো হতাহতি হোৱাৰ খবৰ অহা নাই।উল্লেখযোগ্য যে বিগত কেইদিনমানৰ পৰা আউনিআটিৰ পৰা মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা পথটোত ভালেকেইটা দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে।সঘনাই সংঘটিত হৈ থকা এই দুৰ্ঘটনা ৰোধৰ বাবে সচেতন মহলে প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰিছে।