ধনতেৰচ- কবিতা শৰ্মা

Pc- NDTV.in

  # ধনতেৰচ  #

 কবিতা শৰ্মা

ধনতেৰচ  ভাৰত বৰ্ষৰ  সকলোতকৈ মহত্ত্বপূৰ্ণ উৎসৱ সমূহৰ ভিতৰত অন্যতম ৷ হিন্দু কেলেণ্ডাৰ অনুসৰি এই উৎসৱ কাতিমাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত দীপাৱলীৰ দুদিন আগতে পালন কৰা হয় ৷ ধনতেৰচ শব্দটোৰ অৰ্থ হ’ল — ধন অৰ্থাৎ সমৃদ্ধি আৰু তেৰচ অৰ্থাৎ ত্ৰয়োদশী ৷ এই পবিত্ৰ দিনটোত ঘৰলৈ নতুনকৈ ক্ৰয় কৰি অনা সকলো বস্তুৰ তেৰ গুন বৃদ্ধি হয় বুলি লোক সমাজত বিশ্বাস কৰা হয় ৷

     ধনতেৰচ অতি আনন্দ আৰু উলহমালহেৰে উদ্‌যাপন কৰা হয় যদিও এই উৎসৱ কিন্তু কেৱল আনন্দৰে প্ৰতীক নহয় — ই সুস্বাস্থ্যৰো প্ৰতীক ৷ শাস্ত্ৰ অনুসৰি অমৃত মন্ঠনৰ সময়ত এই দিনটোতে হাতত অমৃত ভাণ্ডাৰ লৈ ভগৱান ধন্বন্তৰি নিজৰ চতুৰ্ভূজ স্বৰূপত  আবিৰ্ভাৱ হৈছিল ৷ ধন্বন্তৰি দেৱতাক স্বয়ং বিষ্ণুৰ অংশাৱতাৰ আৰু আয়ুৰ্বেদৰ জনক বুলি জনা যায় ৷ দেবতা সকলে সেই অমৃত ভাণ্ডাৰৰ  অমৃত  পান  কৰি অমৰত্ব  লাভ কৰিছিল৷ সেয়েহে ধনতেৰচৰ দিনা সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱান ধন্বন্তৰিক পূজা কৰা হয় ৷ ইয়াৰ উপৰিও ধনতেৰচত ধনৰ দেৱী লক্ষী , সিদ্ধিদাতা গনেশ , মৃত্যুৰ দেৱতা যম আৰু কুবেৰকো পূজা কৰা হয় ৷ লক্ষীয়ে মানুহক ভয়-শোকৰ পৰা মুক্তি দি সমৃদ্ধিশালী কৰি ৰাখে , গনেশে সকলো কাৰ্য্যৰ সিদ্ধি  দান  কৰে , যমে অকাল মৃত্যু হৰণ কৰে আৰু কুবেৰে মানুহক আসুৰিক প্ৰবৃত্তিৰ পৰা মুক্ত কৰি ৰাখে ৷ কথিত আছে যে এই উৎসৱত দক্ষিণ দিশত যমৰ উদ্দেশ্যে চাকি জ্বলাই অকাল মৃত্যুকো ৰোধ কৰিব পাৰি ৷ ধৰ্মীয় মহত্ত্বৰ উপৰিও ধনতেৰচে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো এক মহত্ত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ধনতেৰচৰ দিনটো নতুন কিনা কটাৰ বাবে আটাইতকৈ উত্তম দিন বুলি বিবেচনা কৰা হয় ৷ বিশেষকৈ সোণ-ৰূপৰ অলংকাৰ ,ৰূপ বা পিতলৰ বাচন কিনাতো অতি শুভ বুলি মনা হয় ৷ যিকোনো  বিত্তীয় লেনদেন  বা নতুন বিনিয়োগৰ ক্ষেত্ৰতো এই সময়ক আটাইতকৈ উপযুক্ত সময় বুলি ধৰা যায় ৷ এই সময়ত দোকান – বজাৰ  আৰু যি কোনো ব্যৱসায়িক  প্ৰতিষ্ঠান সমূহ ইমান সক্ৰিয় হৈ পৰে যে প্ৰায় চব্বিশ ঘন্টাই খোলা ৰখা হয় ৷ এই উৎসৱৰ বাবে সকলো মানুহে সামৰ্থ্য অনুযায়ী কিনা কটা কৰাৰ  যোগেদি সকলো ক্ষেত্ৰতে লাভবান হোৱা যায়  , লাগিলে সি সৰু অসংগঠিত  ক্ষেত্ৰ যেনে — ঘৰ সজোৱা বস্তু ,  বিজুলী সামগ্ৰী ,বাচন-বৰ্তনেই হওক বা অটোমবাইল বা অলংকাৰৰ দৰে সংগঠিত ক্ষেত্ৰতেই হওক ৷ এনেদৰে প্ৰায় কৌটি -কৌটি টকাৰ লেনদেনে বাস্তৱিকতে দেশৰ অৰ্থনৈতিক দিশলৈ এক শুভ সংকেত কঢ়িয়াই আনে ৷

             এই উৎসৱৰ কিছু দিন আগৰে পৰা মানুহে নিজ নিজ ঘৰ – দুৱাৰ পৰিষ্কাৰ কৰি আবৰ্জনা মুক্ত কৰি তোলে ৷ ঘৰ দুৱাৰ নতুনকৈ ৰং কৰা হয়৷ বিচনা চাদৰৰ পৰা পৰ্দালৈকে সকলো নতুন কৰি তোলা হয় ৷ সামৰ্থ্য অনুযায়ী সকলোৱে নতুন সাজপাৰ , অলংকাৰ , ইলেকট্ৰনিক সামগ্ৰী , ঘৰ সজোৱা বস্তু , লক্ষী-গনেশ অঙ্কিত ৰূপৰ মুদ্ৰা ,ৰূপ বা পিতলৰ বাচন নানা তৰহৰ মিঠাই আদি কিনে ৷ এই দিনটোত ৰূপ আৰু পিতলৰ সামগ্ৰী কিনাটোৱে বিশেষ শুভ বুলি মনা হয় ৷ ৰূপে চন্দ্ৰৰ শীতলতা আৰু ৰূপে সমৃদ্ধি প্ৰদান কৰে বুলি বিশ্বাস কৰা হয় ৷ অবশ্যে সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ ৰুচি আৰু প্ৰয়োজনো সলনি হৈছে ৷ বৰ্তমান দিনত বহুতে ম’বাইল , লেপটপ ,বাইক ,গাড়ী আদি যানবাহনো কিনে ৷ ধনতেৰচৰ দিনা ঘৰৰ দুৱাৰ মুখ  ৰঙীন আল্পনা আকি সুন্দৰকৈ সজাই তোলা হয় ৷ দুৱাৰ মুখৰ পৰা ঘৰৰ ভিতৰলৈ আটা বা চাউলৰ গুৰি আৰু সেন্দূৰ মিহলাই  লক্ষীৰ সৰু সৰু ভৰি অকা হয় যাতে ঘৰত লক্ষীৰ প্ৰবেশ ঘটে ৷ সন্ধিয়াৰ লগে লগে ঘৰ , দোকান – বজাৰ  ৰঙীন আলোকেৰে জলমলাই উঠে ৷ সকলো দুখ দুৰ্গতি হৰণৰ অৰ্থে মাটিৰ সৰু সৰু চাকি গোটেই ৰাতি জ্বলাই ৰখা হয় ৷পাৰম্পৰিক মিঠাই ভোগ তৈয়াৰ কৰি ভগবানৰ সন্মুখত প্ৰসাদ ৰূপে অৰ্পণ কৰাহয় ৷ ঘৰৰ সকলোৱে নতুন সাজপাৰ পৰিধান কৰে ৷ সৰুৱে ডাঙৰক প্ৰণাম কৰি আশীৰ্বাদ লয় ৷ পূজাৰ শেষত সকলোৰে মাজত প্ৰসাদ বিতৰণ কৰি শেষত ঘৰৰ সকলোৱে প্ৰসাদ গ্ৰহণ কৰে ৷

          ধনতেৰচ ভাৰত বৰ্ষৰ প্ৰায় সকলো ৰাজ্যতে সেয়া  মায়া নগৰী মুম্বায়ে হওক বা পিঙ্ক চিটী জয়পুৰেই হওক , মধ্যপ্ৰদেশ ,গুজৰাট ,দিল্লী বা বাঙ্গালুৰুৱেই হওক অতি উলহ মালহেৰে পালন কৰা হয় ৷ পশ্চিম ভাৰতত যদি ব্যৱসায়িক দিশটোৱে অধিক গুৰুত্ব পায়  মহাৰাষ্ট্ৰত আকৌ ধৰ্মীয় দিশত ৷  দক্ষিণ ভাৰতৰ লোকে গাইক লক্ষীৰ স্বৰূপ বুলি মানি গো পূজা কৰে ৷ যি ৰীতি নীতিৰেই ইয়াক মনা নহওক কিয়  ইয়াৰ আধ্যাত্ম আৰু মূল ধাৰণা কিন্তু একেটাই — সুস্বাস্থ্য আৰু সমৃদ্ধি ৷ ইয়াৰ আকৰ্ষণো চিৰন্তন ৷ আনকি প্ৰবাসী ভাৰতীয় বিদেশত উদযাপন কৰা  এই অনুষ্ঠানৰ আধ্যাত্মৰ  প্ৰতি বিদেশী সকলো আকৰ্ষিত হৈ পৰিছে ৷

             আমাৰ অসমীয়া সমাজত আগতে  ধনতেৰচৰ ইমান প্ৰচলন নাছিল ৷ কাৰণ দুৰ্গাপূজাৰ পাচতে লক্ষী পূৰ্ণিমাৰ দিনাই অসম আৰু ভাৰতৰ আন আন কিছু অন্চলত  লক্ষী পূজা কৰা হয় ৷ অবশ্যে আজিকালি  অসমতো  বহুতে এই উৎসৱ পালন কৰিবলৈ লৈছে ৷ ই এক শুভ লক্ষণ ৷ কাৰণ সচা অৰ্থত চাবলৈ গলে জীৱন সদায় উৰ্দ্ধমুখী হোৱা উচিত ৷ সেয়া জ্ঞান আহৰণ ,স্বভাব চৰিত্ৰ, স্বাস্থ্য , ধন সম্পত্তি যিয়েই নহওক কিয় ৷ মানুহে নিজৰ জীৱনৰ উত্তৰণৰ কাৰণে সকলো সময়তে চেষ্টা কৰি যোৱা উচিত ৷

          সকলোকে ধনতেৰচৰ শুভ কামনা জনালোঁ ৷ সকলোৰে জীৱন শুভ আৰু মঙ্গলময় হওক ৷