দৌল উৎসৱ- মঞ্জুষা শৰ্মা

pc.-Vikaspedia

দৌল উৎসৱ

ফাকুৱা বুলি ক’লে আমি বিভিন্ন ৰঙৰে ৰঙীন হৈ পৰা মুখমণ্ডল তথা সাজ – পোছাকৰ কথাই চকুৰ আগত ভাহি আহে ৷ ফাকু গুড়ি হয় পানীত গুলি ন’হলে শুকানেই লৈ ইজনে – সিজনক সানি আনন্দ ফুৰ্তিৰে সময়খিনি কটায় ৷ এই যে ফাকু সানে তাক এটা নিৰ্দিষ্ট দিনতহে উদযাপন কৰা হয় যদিও ফাকুৱা ২ ধৰণেৰে পালন কৰা হয় ৷ ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা ফাকুৱা উৎসৱক ডেকা দেউল উৎসৱ আৰু চ’ত মাহত পালন কৰাটোক বুঢ়া দেউল উৎসৱ বুলি জনা যায় ৷ ডেকা দেউল উৎসৱ পাঁচ দিনীয়াকৈ আৰু বুঢ়া দেউল উৎসৱ তিনি দিনীয়াকৈ পালন পৰা হয় ৷ ইয়াৰে প্ৰথম দিনা গোন্ধ যাত্ৰা ২ য় দিনা ভৰ দৌল আৰু ৩ য় দিনা ফাকুৱা বুলি পালন কৰা হয় ৷ এই উৎসৱ বিভিন্ন নামেৰে জনা যায় ৷ সেইবোৰৰ ভিতৰত দৌল উৎসৱ , হলি , ফাকুৱা , দেউল , ফাল্গুৎসৱ আৰু হলিকা দহন আদি ৷
ভাৰতৰ সকলো ঠাইতে এই উৎসৱ উলহ – মালহেৰে পালন কৰে ৷ শ্ৰীকৃষ্ণ যেতিয়া বিজয়ী হৈ দলে বলে যাত্ৰা কৰি ইন্দ্ৰদ্যুম ৰজাৰ দেশলৈ গৈছিল তেতিয়া প্ৰজাগণে সেই খবৰ পাই আনন্দতে ইজনে সিজনক ৰঙ সানি আনন্দ ফুৰ্তি কৰি এই উৎসৱ পালন কৰিছিল । অন্য হাতে কৃষ্ণ সংস্কৃতিৰ লগত জড়িত আন এক প্ৰবচন মতে শ্ৰীকৃষ্ণ যেতিয়া তেওঁৰ পত্নী ঘুনুচাৰ গৃহত থাকোতে ৭ দিন ৰং -ধেমালি কৰি যি আনন্দ উৎসৱ পালন কৰিছিল সেই উৎসৱকে ফাকুৱা উৎসৱ নামেৰে জনা গৈছিল।
এই ফাকুৱা উৎসৱক অসমত আকৌ দৌল উৎসৱ নামেৰেও জনা যায় । শ্ৰীমন্ত শংকৰদেৱেই এই দৌল উৎসৱৰ শুভাৰাম্ভ কৰিছিল ।শ্ৰীমন্ত শঙ্কৰদেৱে যেতিয়া গুৰু মাধৱ কন্দলিৰ টোলত থাকি শিক্ষা সমাপ্ত কৰি বৰদোৱালৈ ঘূৰি আহিছিল তেতিয়া মাধৱ দলৈ , জয়ন্ত দলৈকে আদি কৰি ভূঞা বংশৰ লোক সকলে ক’লে যে তেওঁ সকলো শাস্ত্ৰতে পাৰ্গত ।তাৰোপৰি তেওঁ নিজৰ জ্ঞান গৰিমাৰে সকলোৰে মন প্ৰফুল্লিত কৰিব পাৰে। গতিকে তেনে এজন লোকে এই মৰ্ততে এখন বৈকুণ্ঠ গঢ়ি দিব পাৰিব বুলি ক’বলৈ ধৰিলে |সেই অনুৰোধ মৰ্মে শঙ্কৰদেৱে সাত বৈকুণ্ঠৰ চিত্ৰপট অংকণ কৰি খোল , তাল ,ডবা ,শংখ ,কাঁহ গঢ়াই চিহ্নযাত্ৰা নাট প্ৰদৰ্শন কৰিলে |চিহ্নযাত্ৰা প্ৰদৰ্শনৰ জৰিয়তে বৰদোৱাক দ্বিতীয় এখন বৈকুণ্ঠৰ ৰূপ দিলে । উল্লেখ যোগ্য যে সেই চিহ্নযাত্ৰা প্ৰদৰ্শন কৰাৰ থলীতেই এটি দৌল নিৰ্মান কৰি পবিত্ৰ এক শৰণ নাম ধৰ্মৰ ভেটিও বান্ধিলে। এই দৌলতে ফাগুণৰ পূৰ্ণিমা তিথিতেই ফল্গুৎসৱ পালন কৰি কৃষ্ণ গোঁসাইৰ মূৰত ফাকু গুড়ি দি দৌল উৎসৱৰ আৰম্ভণি কৰিলে ।
বসন্ত ঋতুৰ আগমনৰ সময়ত প্ৰকৃতি নতুন সাজত মনেমোহা ৰূপ লয় ।লোক বিশ্বাস মতে সেই সময়ত পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি পায় |তাতে এই উৎসৱত ব্যৱহাৰ কৰা ফাকুৰ গুড়ি পৰি মাটিৰ উৰ্বৰা শক্তি আৰু বৃদ্ধি পায় । ফাগুণ মাহৰ পূৰ্ণিমা তিথিৰ বসন্ত ঋতুত এই উৎসৱ পালন কৰা হয় বাবে এই উৎসৱক বসন্ত উৎসৱ নামেৰেও জনা যায় ।আন কিছু ঠাইত ইয়াক হলিকা দহন উৎসৱ নামেৰেও জনা যায় । হলিকা হিৰণ্যকশিপুৰৰ ভনীয়েক।হিৰণ্যকশিপুৰে বৰ পাই নিজকে ভগৱান বুলি ভাৱিবলৈ বাধ্য কৰাইছিল । কাৰণ তেওঁক দিন বা ৰাতি , ঘৰৰ ভিতৰত বা বাহিৰত , মাটিত বা আকাশত একোতেই মাৰিব নোৱাৰা বৰ লাভ কৰাৰ বাবে তেওঁ অমৰত্ব লাভ কৰিলে বুলি ভাবি অহংকাৰী হৈ পৰিছিল। হিৰণ্যকশিপুৰৰ এজন পুত্ৰ প্ৰহ্লাদ বিষ্ণু ভক্ত আছিল |তেওঁ সদায় ভগৱান বিষ্ণুৰ নামহে স্মৰণ কৰিছিল। সেই কথাটো পিতৃ হিৰণ্যকশিপুৰে সহ্য কৰিব পৰা নাছিল ।তেওঁ পুত্ৰক সদায় ভগৱানৰ নামৰ ঠাইত তেওঁৰ নামহে স্মৰণ কৰিবলৈ কৈছিল। কিন্তু প্ৰহ্লাদে সেই কথা মানি ল’ব নোৱাৰাৰ বাবেই পিতৃৰ বহুতো শাস্তি মূৰ পাতি ল’ব লগা হৈছিল । প্ৰহ্লাদক মাৰিবৰ বাবে পিতৃয়ে ন ন কৌশল প্ৰয়োগ কৰিও বিফল হৈছিল । তাকে দেখি হলিকায়ে ভাতৃক সহায় কৰিবলৈ আগ বাঢ়ি আহিছিল। কাৰণ হিৰণ্যকশিপুৰৰ দৰে হলিকায়েও ব্ৰহ্মাৰ বৰ লাভ কৰিছিল। সেই বৰত হলিকাই এখন দিব্য বস্ত্ৰ লাভ কৰিছিল । যিখন বস্ত্ৰ গাত থাকিলে অগ্নিয়ে একো কৰিব নোৱাৰে। সেয়ে হলিকায়ে সেই বস্ত্ৰ নিজৰ গাত মেৰিয়াই কোচত প্ৰহ্লাদকলৈ অগ্নিকুণ্ডত প্ৰৱেশ কৰি প্ৰহ্লাদক মাৰিবলৈ সাজু হ’ল। কিন্তু হিতে বিপৰীতহে হ’ল। অগ্নিত প্ৰবেশ কৰাৰ লগে লগে হলিকাৰ সেই দিব্য বস্ত্ৰই প্ৰহ্লাদকহে মেৰিয়াই ধৰিলে। তাৰ ফলত হলিকাক অগ্নিয়ে দহন কৰিলে আৰু প্ৰহ্লাদ সুষ্ঠ শৰীৰেৰে অগ্নিকুণ্ডৰ পৰা ওলাই আহিল। হলিকায়ে বৰত লাভ কৰা শক্তি ভাল কাম নলগোৱাৰ বাবেই হলিকাৰ মৃত্যু হ’ল। সেয়ে সেই দিনটোত অপশক্তিৰ মৃত্যু হোৱাৰ আনন্দতে হলিকা দহন উৎসৱ পালন কৰে।
আনন্দ ফুৰ্তিৰ এই উৎসৱত ব্যৱহাৰ কৰা ৰঙৰ গুড়ি সমূহ কিন্তু ৰাসায়নিক দ্ৰব্য পৰা মুক্ত হ’ব লাগে। তেনে গুড়িয়ে আমাৰ শৰীৰৰ চালত বিভিন্ন ধৰণৰ ক্ষতিহে কৰিব পাৰে।তাৰ ঠাইত আগৰ দিনৰ দৰে প্ৰাকৃতিক ভাবে তৈয়াৰ কৰা ৰঙসমূহে ব্যৱহাৰ কৰাতো উচিত। সেইবোৰৰ বাবে লাগিব পলাশ , মদাৰ , শিমলু , জেতুকা , পূৰৈশাকৰ গুটি , হালধীৰ গুড়ি । এইবোৰে আমাৰ চালৰ একো অনিষ্ট নকৰে , তাৰ ঠাইত চালৰ উজ্জ্বলতাহে বৃদ্ধি কৰে । লগতে বসন্ত ৰোগৰো প্ৰতিষেধক ৰূপে কাম কৰে।

মঞ্জুষা শৰ্মা