দৈনিক কাকতৰ সমানুপাতে সাপ্তাহিক কাকতকো চৰকাৰী বিজ্ঞাপন প্ৰদানৰ বাবে ৰাজ্য চৰকাৰলৈ দাবী

pc Friends of the Earth

অনলাইন বাৰ্ত্তাসৱোঃ- দৈনিক কাকতৰ সমানুপাতে সাপ্তাহিক কাকতকো চৰকাৰী বিজ্ঞাপন প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু তথ্য আৰু জনসংযোগ মন্ত্ৰীক লিখিতভাৱে দাবী জনাইছে ইণ্ডিয়ান ফেডাৰেচন অব স্মল এণ্ড মিডিয়াম নিউজ পেপাৰ্ছ চমুকৈ আই.এফ.এছ.এম.এন’. ১ অসম ৰাজ্যিক সমিতিয়ে। ৰাজ্যিক সমিতিৰ সভাপতি তথা সাপ্তাহিক ‘জাৰ্ণেলিষ্ট বাৰ্তা’ কাকতৰ সম্পাদক প্ৰভাত চন্দ্ৰ শৰ্মা আৰু সম্পাদকপ্ৰধান তথা সাপ্তাহিক ‘দাপোণ’ কাকতৰ সম্পাদক এম ছাইফ উদ্দিন আহমেদ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰি কয় যে বিগত ২০২০ বৰ্ষৰ কৰ’না অতিমাৰী আৰু ‘লকডাউন’ৰ ফলত অসমৰ বৰাক, ব্ৰহ্মপুত্ৰ আৰু উত্তৰ অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকতসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। বহুকেইখন সাপ্তাহিক কাকতে ইতিমধ্যে নিজৰ প্ৰকাশ বন্ধ কৰি দিয়াৰ ফলত ইয়াত নিয়োজিত সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ বহুতেই এতিয়া দিন হাজিৰা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। বিবৃতিটোত লগতে দৈনিক কাকতৰ সমানুপাতে সাপ্তাহিক বাতৰি কাকতসমূহকো বিজ্ঞাপন প্ৰদানৰ ব্যৱস্থা কৰা, সাপ্তাহিক কাকতসমূহক প্ৰদান কৰা প্ৰতিটো বিজ্ঞাপনৰ নিৰিখৰ পৰা Administrative Cost হিচাপে কৰ্তন কৰা ১৫ শতাংশলৈকে ধন এতিয়াৰে পৰা কৰ্তন নকৰিবলৈ, সাপ্তাহিক কাকতৰ সম্পাদকসকলক বিধানসভাৰ অধিৱেশনৰ প্ৰেছ গেলেৰীৰ বাবে প্ৰৱেশপত্ৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ, সাপ্তাহিক কাকতৰ জমাকৃত বিলৰ ধন সময় মতে আদায় দিয়াৰ লগতে পিএচি সমিতিখনত বৰাক, ব্ৰহ্মপুত্ৰ আৰু উত্তৰ অসমক সামৰি সাপ্তাহিক কাকতৰ তিনিজন সদস্যক অন্তৰ্ভুক্ত কৰিবলৈও অনুৰোধ জনায়।