দেওবৰীয়া বাৰ্তা’ৰ শিক্ষক দিৱস পালন:::,, বিশিষ্ট লেখিকা ,সাংবাদিক মাইনী মহন্তক দেওবৰীয়া বাৰ্তা কাকতৰ জীৱনযোৰা সাধনা বঁটা
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো জনপ্রিয় সাপ্তাহিক ” আমাৰ দেওবৰীয়া বাৰ্তা “ৰ উদ্যোগত গুৱাহাটীৰ “হোটেল লিলি” প্রাঙ্গণত এক গাম্ভীর্যপূর্ণ কার্যসূচীৰে ৰাষ্ট্ৰীয় ‘শিক্ষক দিৱস’ পালন কৰা হয় ।অনুষ্ঠানৰ আৰম্ভনিতে শিৱসাগৰৰ ছুনামী সদৃশ বানপানীত মৃত্যু বৰণ কৰা জ্ঞাত-অজ্ঞাত লোকসকললৈ একমিনিট মৌনতাৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিশিষ্ট লেখিকা, জ্যেষ্ঠ সাংবাদিক তথা দেওবৰীয়া বাৰ্তা’ৰ সম্পাদক দীপজ্যোতি শইকীয়াই আঁতধৰা অনুষষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা কেইবাগৰাকী জ্যেষ্ঠ শিক্ষক- শিক্ষয়িত্ৰীক ৰাজহুৱা ভাবে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্যযে অনুষ্ঠানত পোনপ্ৰথমবাৰৰ বাবে বিশিষ্ট বৈজ্ঞানিক তথা অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ অনুজীৱাণু বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠাপক তথা মুৰব্বী অধ্যাপক ডা:বাবুৰাম বড়ো’ৰ সোঁৱৰণত ” প্রজ্ঞাসাধক ডা:বাবুৰাম বড়ো সোঁৱৰণী বঁটা” মুকলি কৰা হয়। এই সন্মানীয় বঁটাটি পোনপ্ৰথম বাৰৰ বাবে অসম পশুচিকিৎসা মহাবিদ্যালয়ৰ অনুজীৱাণু বিজ্ঞান বিভাগৰ জ্যেষ্ঠ বৈজ্ঞানিক ডা: নগেন্দ্র নাথ বৰ্মণ আৰু ডা: শৈলেন্দ্ৰ কুমাৰ দাসক প্ৰদান কৰা হয়। অনুষ্ঠানত সৰ্বশ্ৰী দয়াল কুজুৰ প্ৰতিষ্ঠাপক ‘আদনগিৰী হাইস্কুল বিলাসীপাৰা’ৰ সুভাষ সাহা, জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা চাৰিফা আৰা আহমেদ, নাৰেঙ্গী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা ৰীতা হাজৰিকা, শ্বহীদ সূৰ্য্য বৰা মাধ্যমিক বিদ্যালয় জাগী ভকতগাওঁৰ বিভা ভাগৱতী, গুৰুকুল কিডৰ্চ’ ৰ প্ৰতিষ্ঠাপক ড° জয়া ভট্টাচার্য, লিটিল ষ্টাৰ হাউচ অব চিল্ডৰেন” ৰ প্ৰতিষ্ঠাপক স্মৃতি পৰাশৰ শৰ্মা , উজান বজাৰ চৰকাৰী বিদ্যালয়ৰ ইন্দ্ৰানী দেৱী, প্রনীতা শর্মাক সত্ৰীয়া সংস্কৃতিৰ গুৰু জাগীৰোডৰ ড° খগেন শৰ্মা, ৰঙিয়াৰ বিপুল দেৱ চৌধুৰী, গুৱাহাটী অন্ধ বিদ্যালয়ৰ অধ্যক্ষ পৰমেশ্বৰ শৰ্মাক’ দেওবৰীয়া বার্তা’ৰে সন্মানিত কৰা হয়। এই গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশিষ্ট লেখিকা, সাংবাদিক মাইনী মহন্ত’ক জীৱনযোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে লেখিকা ৰুমা ৰাজখোৱা ‘ৰ “সামাজিক উপন্যাস ” যুগলবন্দী” জাগীৰোডৰ লেখিকা অকন দেৱী’ৰ ডাইনী হত্যাৰ ওপৰত বিষয়বস্তুলৈ বিৰুৱালা ৰাভাৰ ত্যাগ আৰু আদৰ্শৰে ৰচনা কৰা ব্যতিক্ৰমী উপনাস “অকুতোভয়” আৰু শিৱসাগৰৰ শ্ৰীমন্ত বৰগোহাঞিৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ ৰ ওপৰত আলোকপাত কৰি ভাগৱতৰ বিশ্লেষণ দাঙি লিখিত ” শ্ৰীমদ্ভাগৱতৰ লেছেৰি বুটলি ” গ্রন্থ খনলৈ “দেওবৰীয়া বার্তা শ্রেষ্ঠ গ্রন্থ বঁটা প্রদান কৰা হয়। উল্লেখযোগ্ যে এই গাম্ভীর্যপূণ অনুষ্ঠানতেই লেখিকা অকন দেৱী’ৰ পেহেলগামৰ সন্ত্রাসবাদ বিষয়ক সামাজিক উপন্যাস ” প্রতীচ্যত বিভিষিকা ” উন্মোচন কৰা হয়। উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক মাইনী মহন্ত লগতে অজয় কুমাৰ চৌধুৰী আৰু লীলাধৰ হাজৰিকাই। সহযোগ কৰে দীপজ্যোতি শইকীয়াই। ইয়াৰ লগতে নতুন প্ৰজন্মৰ বাক্সা জিলাৰ লেখক কনমনি নাথৰ ব্যতিক্রমী উপন্যাস” অচিন চিনাকী” লৈ আগবঢ়োৱা হয় “দেওবৰীয়া বার্তা”ৰ গ্রন্থ বঁটা ২০২৬’। গাম্ভীর্যপূর্ণ অনুষ্ঠানটিত বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী, এইমছ’ৰ অধ্যক্ষা উম্মনা শইকীয়া বৰগোহাঞি, মেঘালয়ৰ চেৰাপুঞ্জীৰ ” চহৰা চৰকাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অজয় কুমাৰ চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট লেখক লীলাধৰ হাজৰিকা, প্রতিভা দেওৰজা, কৰবী কাকতি, কবিতা চৌধুৰী, উপস্থিত থাকে। অনুষ্ঠানত শিল্পী অঞ্জলি গোস্বামী আৰু অনিন্দিতা নাথে পৰিবেশন কৰা গীতমাতে অনুষ্ঠানৰ সৌষ্ঠৱ বঢ়ায়। অনুষ্ঠানৰ শেষত জাতীয় সঙ্গীতেৰে শিক্ষক দিৱসৰ কাৰ্যসূচী’ৰ সামৰণি মৰা হয়।
