ডিব্ৰুগড়ৰ মনোৰঞ্জন হাজৰিকালৈ ‘বৰ্ষশ্ৰেষ্ঠ শাৰীৰিক নিৰ্দেশক’ বঁটা
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ শাৰীৰিক নিৰ্দেশক মনোৰঞ্জন হাজৰিকাক ২০২৫–২০২৬ বৰ্ষৰ ‘বৰ্ষশ্ৰেষ্ঠ শাৰীৰিক নিৰ্দেশক’ হিচাপে গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, এই সন্মান লাভ কৰা মনোৰঞ্জন হাজৰিকা ডিব্ৰুগড় জিলাৰ প্ৰথম গৰাকী শাৰীৰিক নিৰ্দেশক। তেওঁৰ এই সাফল্যই সমগ্ৰ ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগত শাৰীৰিক শিক্ষা প্ৰদান কৰা প্ৰথমজন ব্যক্তি, লগতে বৃহত্তৰ লাহোৱাল অঞ্চলৰ প্ৰথমজন শাৰীৰিক নিৰ্দেশক আৰু এন চি চি বিষয়া হিচাপেও পৰিচিত। ডিব্ৰুগড় জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ তেওঁ বহু বিদ্যালয় আৰু মহাবিদ্যালয়ত শাৰীৰিক শিক্ষা প্ৰদান কৰি আহিছে। ইয়াৰ উপৰিও তেওঁ ডিব্ৰুগড় জিলাৰ প্ৰথমজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খো-খো ৰেফাৰী। ২০০৫ চনত গঠিত ডিব্ৰুগড় জিলা খো-খো সন্থাৰ সৈতে নিবিড়ভাৱে জড়িত হৈ বহু ছাত্ৰ-ছাত্ৰীক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিয়াত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। তেখেতে চৰকাৰী চাকৰিত যোগদান কৰাৰ কেইমাহমান পূৰ্বে, ১৯৯৫ চনৰ ২৬ জানুৱাৰীৰ পেৰেডত ডিব্ৰুগড় বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ দলক প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান দখল কৰোৱাই তেওঁ কৰ্মজীৱনৰ প্ৰথম উল্লেখযোগ্য সফলতা অৰ্জন কৰিছিল। সেই সফলতাৰ ধাৰা আজিও একেই নিষ্ঠা, কষ্ট আৰু ত্যাগেৰে অব্যাহত ৰাখিছে।
