দেউতা-প্ৰণামী দেৱী তেলীয়া সোণৰী গাঁও

pc-printerest

দেউতা

এজন পিতৃৰ সুপ্ত মৰমক জুখিব নোৱাৰি যে ই কিমান গভীৰলৈ বিয়পি আছে। দেউতাক হ’বলৈ সাজু হোৱা দিনৰ পৰাই সন্তানক নিৰাপদ ৰখাৰ বাবে সাজু হয় “দেউতা”। মাকৰ লালন পালনত প্ৰয়োজন হোৱা সকলো যোগান ধৰে “দেউতাকে”। বাহিৰৰ বেয়া খিনিৰ প্ৰভাৱৰ পৰাও নিজ সন্তানক আঁতৰাই ৰাখিবলৈ যত্ন কৰে।খোৱাৰ আগত ল’ৰা-ছোৱালীলৈ আছেনে বা সিহঁত কেইটাই খালে নে বুলি সুধি লয় যি সেয়া হ’ল “দেউতা”। গাত শক্তি থকা পৰ্যন্ত সন্তানৰ বাবে যিকোনো সময়ত সকলো কৰিবলৈ সক্ষম হয় যি “দেউতা”। ছোৱালীৰ বিয়াত কন্যাদান সময়ত ফাটি যোৱা বুকুৰ বিষ কমাবলৈ ব্যৱহাৰ হয় এষাৰ বাক্য” সমাজৰ নিয়ম,মানিবলৈ লাগিব। কন্যাদান মহান কাম”। কিন্তু দেউতাৰ চকুৰ পানী কোনেও নেদেখে। মা কৰ মৰম আদৰৰ তুলনাত দেউতাৰ হেপাঁহ আৰু দ্বায়িত্ব নুবুজা হৈ পৰে।
মূলতঃ মা আৰু দেউতা এটা পইচাৰ ইপিঠি সিপিঠি। আপুৰুগীয়া,এবাৰ হেৰুৱালে আৰু নাপাওঁ।
“সকলো পিতৃ লৈ “পিতৃ দিৱসৰ” বিশেষ শুভেচ্ছা যাচিঁলো।”

প্ৰণামী দেৱী
তেলীয়া সোণৰী গাঁও
৯৮৫৪১০০৪২২