দেউতাৰ স্মৃতিত
পূৰবী কলিতা ডেকা
ৰঙিয়া
সোনাৰুৰ হালধীয়া থোপটোৰ দৰে
ভৰি আছিল সুখৰ গছৰ ডালবোৰ
যেতিয়া ভাগৰি পৰা নাছিল দুভৰি
খোজকাঢ়ি দুখৰ নদীৰ সোঁতৰ বিপৰীত গতিত
কান্ধত নাচি আছিল সপোনৰ বিৰিয়া
দুয়োমূৰত ডুলি আছিল হেপাহৰ দাঙৰি
তেতিয়া ভৰ দিবলৈ আছিল দুখন ভৰি
তাৰ বিপৰীতে তেওঁ দাঙি লৈছিল চাৰিখন ভৰি
এতিয়া নকৈ গজা আনখন ভৰিয়ে চাগে
দুৰ্বল কৰি পেলাইছে তেওঁক
এটা দীঘল হুমুনিয়াহে শিপাই গৈছে
তেওঁৰ গোটেইখন পৃথিৱী
ভাৰখন আৰু তেওঁৰ কান্ধত নুযুৰে
মঙহবিহীন শুকান হাড়কেইডালত বিৰিয়াটো নাচি নুঠে
সেয়েহে ভাৰখন কাঢ়িব পৰা হলে ভাল আছিল